ETV Bharat / state

অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবী আইন ছাত্ৰ সন্থাৰ

author img

By

Published : Mar 6, 2020, 3:33 PM IST

আইন ছাত্ৰ সন্থা
আইন ছাত্ৰ সন্থা

কাৰাগাৰৰ ভিতৰত তীব্ৰ জ্বৰ, পেটৰ বিষ আৰু কঁকালৰ বিষত আক্ৰান্ত কৃষক নেতা অখিল গগৈক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলৰ ৷ অখিল গগৈক উন্নত চিকিৎসা প্ৰদানৰ দাবীৰে তেওঁলোক আজি কাষ চাপে মানৱ অধিকাৰ আয়োগৰ ৷

গুৱাহাটী, 6 মাৰ্চঃ কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈ ৷ যোৱা কিছুদিন ধৰি কাৰাগৰৰ ভিতৰত তীব্ৰ জ্বৰ,পেটৰ বিষ আৰু কঁকালৰ বিষত আক্ৰান্ত হৈ আছে নেতাগৰাকী ৷ কাৰাগাৰ কৰ্তৃপক্ষই নেতাগৰাকীক চিকিৎসালয়লৈ আনিছিল যদিও,তেওঁক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷

অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবী আইন ছাত্ৰ সন্থাৰ

শুকুৰবাৰে সদৌ অসম আইন ছাত্ৰ সন্থাৰ নেতা তথা সদস্য সকলে অখিল গগৈক উন্নত চিকিৎসা প্ৰদানৰ দাবীত কাষ চাপে অসম মানৱ অধিকাৰ আয়োগৰ ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ অন্যতম প্ৰধান নেতা অখিল গগৈক মাওবাদীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

লগতে পঢ়কঃ পূৱ বিলাসীপাৰাত অখিল গগৈৰ আৰোগ্যতাৰ বাবে বন্তি প্ৰজলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.