চৰকাৰৰ বিশেষ ভাষা প্ৰীতিয়েই অশনি সংকেত আনিছে নেকি অসমীয়া ভাষালৈ ?

author img

By

Published : Oct 18, 2021, 7:35 PM IST

language-conflict-of-assamese-and-bangali-community-creates-tension-in-assam

অসমীয়া ভাষাৰ অস্তিত্বক লৈ আকৌ অশনি সংকেত। বৰাক উপত্যকাৰ দুটাকৈ বঙালী সংগঠনে দেওবাৰে বৰাকত কেৱল বাংলা ভাষাৰ ফলকহে লগাবলৈ দিয়া হ'ব বুলি অসমীয়া ভাষাৰ চৰকাৰী ফলকৰ অসমীয়া ভাষাত ছাই সানি দিয়া কাৰ্যই ৰাজ্যত ভাষিক জাতীয়তাবাদৰ নামত চলা একাংশ দুস্কৃতিকাৰীৰ ৰাজনৈতিক অভিসন্ধিক পুনৰ পোহৰলৈ আনিছে।

গুৱাহাটী, ১৮ অক্টোবৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজাৰ মাজতে বৰাক উপত্যকা ভ্ৰমণ কৰি‌ অহাৰ‌ পিছতে দেওবাৰে কাছাৰ জিলাৰ দুটা বঙালী সংগঠনে অসমীয়া ভাষাৰ চৰকাৰী ফলকত ছাই সানি অসমীয়া জাতীয়তাবাদৰ‌ বিৰুদ্ধে গোঁজৰি উঠা কাৰ্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বহুজনেই কৈছে, কা'ৰ জৰিয়তে বিজেপিয়ে দেখুওৱা এক বিশেষ ভাষা ভাষী লোকৰ প্ৰীতিৰ এয়া বিষময় পৰিণতি।

বৰাকৰ দুটা বাঙালী সংগঠন ক্ৰমে বৰাক ডেমক্ৰেটিক য়ুথ ফ্ৰন্ট আৰু সদৌ বঙালী ছাত্ৰ-যুৱ সন্থাৰ একাংশ নেতাই দেওবাৰে শিলচৰ ৰেল ষ্টেচনত লগাই থোৱা অসম চৰকাৰৰ জল‌জীৱন মিছনৰ অসমীয়া ভাষাত লিখা ফলক সমূহত ছাই সানি অসমীয়া জাতীয়তাবাদ বিৰোধী শ্লোগানেৰে ষ্টেছন চৌহদ উত্তপ্ত কৰি‌ তোলে ।

কেৱল সেয়ে নহয়, সংগঠন দুটাৰ নেতা ক্ৰমে কল্পাৰ্ণৱ গুপ্তা আৰু ৰাজু দেৱে কয় যে, বৰাক উপত্যকাত বঙালী ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি ১৯৬১ চনত শিলচৰ ষ্টেচনতে ১১ জনকৈ বাঙালী ভাষী লোকে প্ৰানাহুতি দিছিল ।‌‌ কিন্তু তাৰ পিছতো বৰাকত অব্যাহত আছে অসমীয়াৰ ভাষিক জাতীয়তাবাদ ।

বাঙালী নেতাৰ এই ভাষ্যৰ বিপৰীতে এতিয়া অৱধাৰিত ভাৱেই জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰমুখ্যে প্ৰতিটো জাতীয় দল-সংগঠন । বাংলা ‌‌‌‌‌আৰু অসমীয়া ভাষাৰ মাজৰ সংঘাত আজিৰ‌ কথা নহয় । বাঙালী ভাষাৰ আগ্ৰাসনৰ পৰা‌ অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়া জাতিয়ে বিগত সময়ছোৱাত একাধিকবাৰ আন্দোলনৰ পথ লৈ ৰাজপথলৈ আহিবলগীয়া হৈছে ।

ভাষা আন্দোলনৰ সেই দিনবোৰ আজিও সজীৱ হৈ আছে অসমীয়াৰ মনত । ইয়াৰ পিছত দেওবাৰৰ ঘটনাৰ পিছতে প্ৰতিজন ‌‌অসমীয়াই আকৌ এবাৰ বুজিব পাৰিছে যে অসমৰ মাটিত অসমীয়া ভাষাৰ ভৱিষ্যৎ এতিয়াও সুৰক্ষিত নহয় । এই ঘটনা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কঠোৰ‌ ভাষাৰে সমালোচনা কৰি কয় যে অসমৰ মাটিত অসমীয়া ভাষাক অপদস্থ কৰা কাৰ্যক ‌‌‌কেতিয়াও মানি লোৱা নহ'ব ।

আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যেতি বৰুৱাই কৈছে- ৰাজ্য ভাষা আইনক দোহাই দি বাঙালী দুস্কৃতিকাৰীয়ে কৰা আচৰনক কেতিয়াও মানি লোৱা নহ'ব । চৰকাৰে যদি এই দুস্কৃতিকাৰীৰ বিৰুদ্ধে কোনো ব্যাৱস্থা নলয়, তেতিয়াহ'লে আছুৱে আন্দোলন আৰম্ভ ‌কৰিব । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াইয়ো এই ঘটনাৰ প্ৰতিবাদ জনাই চৰকাৰক বিহিত ব্যাৱস্থা লবলৈ আহ্বান জনাইছে ।

কিন্তু ঘটনাৰ ২৪ ঘন্টা পাৰ হৈ যোৱাৰ পিছতো কাছাৰ আৰক্ষীয়ে তথাকথিত বাঙালী নেতা কেইজনক গ্ৰেপ্তাৰ কৰাটো দুৰৰেই কথা, সাধাৰণ ভাৱে সোধপোছো কৰা নাই । আনহাতে এই‌ চৰকাৰী ফলক লগোৱা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও এই পৰ্যন্ত মৌনতা অৱলম্বন কৰি থকা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে ।

অসমীয়া ভাষাৰ চৰকাৰী ফলকত ছাই সানি অসমীয়াৰ ভাষিক জাতীয়তাবাদক মুকলিকৈ প্ৰত্যাহ্বান জনোৱা জাতাভিমানী বাঙালীৰ এই আচৰণক এতিয়া ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কি ভাৱে লয়, তালৈ অপেক্ষা কৰিছে প্ৰতিজন স্বাভিমানী অসমীয়াই । উল্লেখ্য যে, ইয়াৰ আগতেও গৰ্গ চেতাৰ্জী নামৰ এজন বাঙালী নেতাই অসমীয়া বিৰোধী স্থিতিৰে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই দিছিল । কিন্তু এই নেতাজনৰ বিৰুদ্ধে অসম চৰকাৰে কেৱল গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিয়েই ক্ষান্ত থাকিল ।

সেয়ে এতিয়া প্ৰশ্ন উঠিছে, নাগৰিকত্ব আইনৰ সংশোধনীৰে বিশেষ ভাষা ভাষী লোক সকলক অধিক আপোন কৰি‌ লোৱা বিজেপি চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰ‌ হৈ গৈছে নেকি একাংশ অসমীয়া বিদ্বেষী ? সম্প্ৰতি প্ৰায়েই বৰাক ভ্ৰমণত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশ্নৰ কি উত্তৰ দিয়ে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : বৰাকত অসমীয়া ভাষাৰ দুৰৱস্থা : ক'লা ৰঙেৰে মোহাৰি পেলোৱা হ'ল অসমীয়াত লিখা ফলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.