সম্বলপুৰত সাজু হৈ উঠিছে ৰসৰাজৰ স্মৃতিবিজড়িত ‘সাধনাগৃহ’

author img

By

Published : Mar 5, 2022, 8:05 PM IST

Lakshminath Bezbaruah Sambalpur house

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহটোৰ এটা অংশ পৰ্যটকে চাব পৰাকৈ প্ৰায় সাজু হৈ উঠিছে (Lakshminath Bezbaruah Sambalpur house)। বেজবৰুৱাৰ ৮৪ সংখ্যক মৃত্যু বাৰ্ষিকী এই বাসগৃহটোতে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলৈ সাজু হৈছে লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতি ।

গুৱাহাটী, ৪ মাৰ্চ: অসমীয়া সাহিত্যৰ বৰভেটি চহকী আৰু নিকপকপীয়াকৈ নিৰ্মাণ কৰি থৈ যোৱা, অসমীয়া জাতিৰ প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহ(Lakshminath Bezbaruah Sambalpur house)টোৰ এটা অংশ পৰ্যটকে চাব পৰাকৈ প্ৰায় সাজু হৈ উঠিছে । আগন্তুক ২৬ মাৰ্চৰ দিনটো হৈছে বেজবৰুৱাৰ ৮৪ সংখ্যক মৃত্যু বাৰ্ষিকী । ওড়িশাৰ সম্বলপুৰত মেৰামতি আৰু পুনৰ্নিৰ্মাণ কৰি উলিওৱা বেজবৰুৱাৰ এই বাসগৃহটোত তেওঁৰ মৃত্যু বাৰ্ষিকীও বৰ্ণাঢ্য ৰূপেৰে পালন কৰিবলৈ সাজু হৈছে লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতি (Lakshminath Bezbaruah Smriti Rakhya Samiti )।

সম্বলপুৰত সাজু হৈ উঠিছে ৰসৰাজৰ স্মৃতিবিজড়িত ‘সাধনাগৃহ’

স্মৰ্তব্য যে, সুদীৰ্ঘ দুটা দশক কাল ১৯১৭ ৰ পৰা ১৯৩৭ চনলৈকে বেজবৰুৱা বাস কৰিছিল সম্বলপুৰত । সেই সময়চোৱাৰ ভিতৰতে ১৯২৪ চনত সাহিত্যৰথী গৰাকীয়ে সম্বলপুৰত নিজাকৈ দুটা ঘৰো নিৰ্মাণ কৰিছিল । ইয়াৰে এটা আছিল তেওঁৰ বাসগৃহ আৰু আনটো আছিল তেওঁৰ কাৰ্যালয় । মূলতঃ সম্বলপুৰত থাকি কাঠৰ ব্যৱসায় কৰা বেজবৰুৱাই তেওঁৰ সেই কাৰ্যালয়টোৰ পৰাই ব্যৱসায়িক কামকাজতো পৰিচালনা কৰিছিলেই, সমানেই সেই কাৰ্যালয়টোতেই অসমীয়া সাহিত্যৰ বৰঘৰ চহকী কৰি থৈ যোৱা বেজবৰুৱাৰ বহু অম্লান সৃষ্টিও হৈছিল । ৰসৰাজৰ মহাপ্ৰয়াণৰ পিছত কালক্ৰমত মেৰামতি আৰু চোৱাচিতাৰ অভাৱত ক্ৰমাৎ জহিখহি যাবলৈ আৰম্ভ কৰে তেওঁৰ সেই ঐতিহাসিক ঘৰ দুটা । সেই সময়তে ইয়াক কালৰ বুকুত হেৰাই যোৱাৰ পৰা ৰক্ষা কৰিবলৈ গঠন কৰা হয় লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতি । সমান্তৰালভাৱে ৰসৰাজৰ কীৰ্তিচিহ্ন সম্বলপুৰৰ নেলছন মেণ্ডেলা চ'কত অৱস্থিত সেই ঘৰ দুটা পুণৰ মেৰামতি কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়ি আহে অসম চৰকাৰ আৰু ওড়িশা চৰকাৰ উভয়েই ।

প্ৰথম পৰ্যায়ত ওড়িশা চৰকাৰে ৫৫ লাখ টকা আৰু অসম চৰকাৰে ৫০ লাখ টকা এই ঘৰ দুটা মেৰামতিৰ বাবে মুকলি কৰি দিয়ে । শেহতীয়াকৈ অসম চৰকাৰে পুণৰ ৮০ লাখ টকা আৱন্টন দিছে । এই কথা প্ৰকাশ কৰিছে লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা, ওড়িশাৰ বাসিন্দা দীপক কুমাৰ পাণ্ডাই । ৰসৰাজৰ বাসগৃহ দুটাৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে জানিবলৈ শুকুৰবাৰে পুৱা গুৱাহাটীৰ পৰা ফোনেৰে যোগাযোগ কৰা হৈছিল পাণ্ডাৰ সৈতে । সেই সময়ত মেণ্ডেলা চ'কত মুকলিৰ বাবে প্ৰায় সাজু হৈ উঠা ৰসৰাজৰ কাৰ্যালয় গৃহটোৰ শেষ পৰশ দিয়াত ব্যস্ত আছিল দীপক কুমাৰ পাণ্ডা । ই টিভি ভাৰতক পাণ্ডাই জনালে - " আমি আশা ৰাখিছো ২৬ মাৰ্চত বেজবৰুৱা দেৱৰ মৃত্যু বাৰ্ষিকীৰ পূৰ্বেই তেওঁৰ এই কাৰ্যালয় গৃহটো সম্পূৰ্ণ হৈ উঠিব । মহান ব্যক্তিগৰাকীৰ এই ইতিহাস বিজড়িত কাৰ্যালয় গৃহটোৰ নাম ৰখা হৈছে ‘সাধনা গৃহ’ । এই ‘সাধনা গৃহ’ টো একপ্ৰকাৰ সংগ্ৰহালয়ৰ দৰে হ’ব । ইয়াৰ আভ্যন্তৰত থাকিব বেজবৰুৱাদেৱৰ স্মৃতিজড়িত বিভিন্ন ফটোগ্ৰাফ, বিভিন্ন সামগ্ৰী, ৰচনা ইত্যাদি । থাকিব এটা পুথিভঁৰালো । আচলতে বহু পূৰ্বেই ‘সাধনা গৃহ’ আৰু তেওঁৰ মূল বাসগৃহটোৰ পুনৰ্নিৰ্মাণ আৰু মেৰামতি সম্পূৰ্ণ হৈ উঠিলহেতেন । কিন্তু ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বহুখিনি কাম পিছুৱাই থাকিল । তাৰ মাজতেই তেওঁ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা ‘সাধনা গৃহ’ সম্পূৰ্ণ কৰি তোলা হৈছে । আমি ভাবিছিলো আগতেই ‘সাধনা গৃহ’ মুকলি কৰিব পাৰিম । কিন্তু পঞ্চায়ত নিৰ্বাচন, পৌৰ নিৰ্বাচন আদিৰ বাবে আচৰণবিধি বলবৎ হোৱাৰ কাৰণেও বহুখিনি পিছুৱাই গ’ল । যি কি নহওক, ‘সাধনা গৃহ’ এতিয়া সম্পূৰ্ণ সাজু । অৱশ্যে তেওঁৰ মূল বাসগৃহটো সম্পূৰ্ণ হৈ উঠিবলৈ আৰু অধিক সময় লাগিব ।"

উল্লেখযোগ্য যে, মেণ্ডেলা চ'কত অৱস্থিত বেজবৰুৱাৰ এই বাসগৃহটোৰ পুনৰ্নিৰ্মাণ আৰু সংৰক্ষণৰ কাম ২০১৮ চনৰ পৰাই আৰম্ভ হৈছে । এই বিষয়ে অধিক জানিবলৈ দি স্মৃতি ৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা পাণ্ডাই ই টিভি ভাৰতক আৰু ক’লে - " ইণ্ডিয়ান নেশ্ব'নেল ট্ৰাষ্ট অৱ আৰ্ট এণ্ড কালচাৰ হেৰিটেজ চমুকৈ ইনটেকে বেজবৰুৱাদেৱৰ এই ঘৰ দুটাৰ পুণৰনিৰ্মাণৰ কাম কৰি আছে । আমি কেৱল তদাৰকহে কৰি আছো । তেওঁৰ মূল বাসগৃহটো সম্প্ৰতি ওড়িশা পৰ্যটন বিভাগৰ অধীনত আছে । ইনটেকে জনোৱা মতে, আগন্তুক দুবছৰৰ ভিতৰত মূল বাসগৃহটোৰ পুনৰ্নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব । আনহাতে অহা এটা সপ্তাহৰ ভিতৰত আমি ‘সাধনা গৃহ’ মুকলি কৰি দিব পাৰিম বুলি ভাবিছো । এই কাম সম্পূৰ্ণ হৈ উঠিলে অসম আৰু ওড়িশাৰ মাজৰ সমন্বয়ৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হৈ উঠাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত কলা-সংস্কৃতিৰো সমন্বয় ঘটিব ।"

লগতে পঢ়ক: মাজুলীত ভূমিপূজন কৰি বিজতৰীয়া সংস্কৃতি আনিলে বিজেপিয়ে : প্ৰদ্যুৎ বৰদলৈ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.