ETV Bharat / state

সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীৰে গুৱাহাটীত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Nov 3, 2020, 3:44 PM IST

গুৱাহাটীত কৃষক মুক্তিৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ ৷ শীঘ্ৰে সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷

KMSS protest in Guwahati against the rise in prices of essential commodities
অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যে গুৱাহাটীত কৃষক মুক্তিৰ প্ৰতিবাদ

গুৱাহাটী, 3 নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটী সমিতিয়ে মঙলবাৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । শেহতীয়াকৈ নিত্য ব্যৱহার্য খাদ্য-সামগ্ৰী আৰু পেট্রলিয়ামজাত সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰ সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ।

প্ৰতিবাদকাৰীৰ মন্তব্য

আবকাৰী শুল্ক আৰু ভেট বৃদ্ধিৰ ফলত পেট্ৰল-ডিজেলকে ধৰি নিত্য ব্যৱহার্য সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধি ঘটিছে বুলি দাবী উত্থাপন কৰি কৃষক মুক্তিৰ নেতৃবৃন্দই কয় যে, পিয়াজৰ প্রতি কেজিৰ খুচুৰা মূল্য 70 টকা । আলুৰ খুচুৰা মূল্য প্রতি কেজিত 46-50 টকা, বিলাহী 80 টকা, নহৰু 200 টকা, মিঠাতেল 150-170 টকা আৰু জলকীয়া প্রতি কেজিৰ খুচৰা মূল্য 300 টকা। তদুপৰি পেট্রলিয়ামজাত সামগ্ৰীৰ ক্ষেত্ৰতাে অত্যাধিক আবকাৰী শুল্ক আৰু ভেটৰ পেট্ৰ'লৰ খুচুৰা মূল্য প্রতি লিটাৰত 85 টকালৈ বৃদ্ধি হৈছে । সেইদৰে ডিজেলৰ মূল্য প্রতি লিটাৰত 78 টকালৈ বৃদ্ধি ।

যাৰবাবে কৃষক মুক্তি সংগ্রাম সমিতিয়ে অতিশীঘ্ৰে নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰী আৰু পেট্রলিয়ামজাত সামগ্ৰীৰ মূল্য হ্রাস কৰাৰ বাবে মঙলবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

লগতে পঢ়ক : দহখন ৰাজ্যৰ 54টা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.