ETV Bharat / state

ভুলবশতঃ ‘ৰাইজৰ দল’ৰ উপদেষ্টা হিচাপে প্ৰকাশ হৈছিল ড৹ নগেন শইকীয়াৰ নাম

author img

By

Published : Oct 2, 2020, 9:05 PM IST

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাজ্যৰ 70 টা দল-সংগঠনৰ নেতৃত্বত নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ উপদেষ্টা হিচাপে বিশিষ্ট বুদ্ধিজিৱী ড৹ নগেন শইকীয়াৰ নাম ঘোষণাক লৈ অসন্তুষ্টি প্ৰকাশ ৷ কৃষক মুক্তিৰ নেতৃত্বত গঠন হোৱা দলটোৰ আহ্বায়ক মণ্ডলীয়ে এই সন্দৰ্ভত তেওঁৰ মতামত গ্ৰহণ কৰা নাছিল বুলি ড৹ শইকীয়াই সদৰি কৰে ৷

KMSS clearification on Dr Nagen Saikia's name
উপদেষ্টা হিচাপে ভুলবশতঃ প্ৰকাশ হৈছিল ড৹ নগেন শইকীয়াৰ নাম

গুৱাহাটী, 2 অক্টোবৰ: শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাজ্যৰ 70 টা দল-সংগঠনৰ নেতৃত্বত নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ উপদেষ্টা হিচাপে নাম ঘোষণা কৰা হৈছিল ড৹ নগেন শইকীয়াৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজিৱী তথা শিক্ষাবিদৰ নাম ৷ কিন্তু ইয়াৰ পাচতেই এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে বৰ্ষীয়ান শিক্ষাবিদ তথা বুদ্ধিজিৱী ড৹ নগেন শইকীয়াই ৷ ড৹ শইকীয়াই জানিবলৈ দিয়া অনুসৰি, কৃষক মুক্তিৰ নেতৃত্বত গঠন হোৱা দলটোৰ আহ্বায়ক মণ্ডলীয়ে এই সন্দৰ্ভত তেওঁৰ মতামত গ্ৰহণ কৰা নাছিল ৷

KMSS clearification on Dr Nagen Saikia's name
উপদেষ্টা হিচাপে ভুলবশতঃ প্ৰকাশ হৈছিল ড৹ নগেন শইকীয়াৰ নাম

ড৹ নগেন শইকীয়াৰ প্ৰতিক্ৰিয়াৰ পাছতেই প্ৰেছ বিবৃত্তিযোগে ভুল শুধৰণি কৰে কৃষক মুক্তিৰ লগতে সংযুক্ত আঞ্চলিক দলে ৷ কৃষক মুক্তিৰ সভাপতি ভাস্কো ডি শইকীয়াই প্ৰেছ বিবৃত্তিযোগে কয় যে,সংযুক্ত আঞ্চলিক দলে কৃষক মুক্তি আৰু 70 সংগঠনৰ নেতৃত্বত গঠন হোৱা আঞ্চলিক দলৰ উপদেষ্টা হিচাপে থাকিবলৈ তেওঁ আগ্ৰহী আছিল ৷ তেওঁলোকৰ মতামতৰ ভিত্তিতেই কৃষক মুক্তি আৰু 70 সংগঠনে দলৰ উপদেষ্টা হিচাপে ড৹ নগেন শইকীয়াৰ নাম ঘোষণা কৰিছিল ৷ আনহাতে, ড৹ শইকীয়াই এতিয়াও ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তিহে বিচাৰে বুলি সভাপতি গৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক: অসম জাতীয় পৰিষদে সদায় A টিম হৈ কাম কৰিবঃ চিত্তৰঞ্জন বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.