KLO Chief Jiban Singha in India: কমতাপুৰলৈ এতিয়াও বহুদূৰ, কেন্দ্ৰই কিমান গুৰুত্ব সহকাৰে লৈছে জীৱন সিংহক ?

author img

By

Published : Jan 20, 2023, 10:08 PM IST

KLO Chief Jiban Singha in India

২৮ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই অৱশেষত আলোচনাৰ মজিয়ালৈ ঘূৰি আহিল কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেচন চমুকৈ কে এল অ’ৰ নেতা জীৱন সিংহসহ সংগঠনটোৰ কেডাৰসকল (KLO Chief Jiban Singha in India) ৷ কিন্তু কেতিয়ালৈ আৰম্ভ হ’ব এই শান্তি আলোচনা প্ৰক্ৰিয়া, জীৱন সিংহক কিমান গুৰুত্ব সহকাৰে লৈছে কেন্দ্ৰীয় চৰকাৰে ইয়াকে লৈ এতিয়া সমগ্ৰ অসমত চলিছে ব্যাপক চৰ্চা ৷

গুৱাহাটী, ২০ জানুৱাৰী: কমতাপুৰলৈ এতিয়াও বহুদূৰ আছে নেকি...? স্বপ্নৰ পৰা বাস্তৱৰ কমতাপুৰলৈ অনিশ্চয়তাৰ যাত্ৰাত এতিয়াও বাকী আছে বহু বাট ৷ সম্প্ৰতি ৰাজ্যখনৰ অন্যতম আলোচিত বিষয় হৈছে জীৱন সিংহৰ আলোচনাৰ বাবে মূলসূঁতিলৈ আগমণ, কমতাপুৰ আৰু কেএলঅ’ৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া(Jiban Singha comes to peace talk) । কিন্তু আজিৰ দিনটোত সঁচাকৈয়ে দিল্লীত কমতাপুৰ ৰাজ্যৰ প্ৰসংগত আলোচনা চলি আছে নে ? কেন্দ্ৰীয় চৰকাৰে কেএলঅ’ৰ মুৰব্বী জীৱন সিংহক কিমান গুৰুত্ব সহকাৰে লৈছে ? জীৱন সিংহ সম্প্ৰতি আছে ক’ত ? দিল্লী নে অসমত ? এইবোৰ প্ৰশ্নই ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ অসমত ৷

ম্যানমাৰৰ অৰণ্যৰ পৰা কেএলঅ’ নেতা জীৱন সিংহ ভাৰতলৈ অহাৰ পিছত এতিয়া দিল্লীত বিভিন্ন পৰ্যায়ত কেএলঅ’ৰে আলোচনাৰ বাবে বৈঠক চলিছে ৷ জীৱন সিংহৰে নহয়, সংগঠনটোৰ একাংশ নেতাৰ সৈতে বিষয়া পৰ্যায়তে সীমাবদ্ধ হৈহে সম্প্ৰতি আলোচনা প্ৰক্ৰিয়া আগবাঢ়িছে ৷

কিন্তু আলোচনা প্ৰক্ৰিয়া যে দীঘল হ’ব তাৰ ইংগিত ইতিমধ্যে বিভিন্ন সূত্ৰৰ পৰা প্ৰকাশিত হৈছে । শুকুৰবাৰে নতুন দিল্লীৰ পৰা অসমত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই কেএলঅ’ৰে শান্তি চুক্তিৰ কথা ইতিমধ্যে প্ৰকাৰন্তে নস্যাৎ কৰিছে(Assam CM over KLO peace agreement) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে, ১৫ আগষ্ট বা ২৬ জানুৱাৰী সন্মুখত ৰাখি এনে চুক্তি স্বাক্ষৰিত কৰা নহয় ৷ জীৱন সিংহই এতিয়া কিছুদিন জিৰণি ল’ব ৷ লাহেকৈ আলোচনা হ’ব কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বৃহস্পতিবাৰে সাংবাদিকৰ সন্মুখত দিল্লীত মন্তব্য কৰে, “কে এল অ’ আলোচনালৈ অহাটোৱেই ডাঙৰ কথা ৷ কিছুদিনলৈ ডাঙৰ খবৰ হৈ থাকিব ৷” অৰ্থাৎ আলোচনা প্ৰক্ৰিয়াই যে কিছু সময় ল’ব তাৰেই ইংগিত মুখ্যমন্ত্ৰীৰ মন্তব্যত । শান্তি আলোচনাৰ বিষয়টো মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰশীল নহয় যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই বহু কথাৰে ইংগিত প্ৰদান কৰিলে ৷

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ উপৰিও বাস্তৱিকতেই কে এল অ’ৰে গোটেই শান্তি আলোচনা প্ৰক্ৰিয়াটোৱেই দীঘলীয়া হোৱাৰ পথত ৷ কিয়নো কে এল অ’ৰে শান্তি চুক্তি খচৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱিত কমতাপুৰ প্ৰসংগত কেইবাখনো ৰাজ্যৰ লগত বিস্তৰ আলোচনাৰ প্ৰয়োজন আছে ৷ লগতে প্ৰয়োজন আছে কে এল অ’ই দাবী কৰি থকা অঞ্চলৰ সীমাৰ পৰিসৰত পৰা ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতো কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰিব লাগিব ৷ সেই সূত্ৰে কেন্দ্ৰই অসম, পশ্চিমবংগ আৰু বিহাৰৰ চৰকাৰৰ সৈতেও সকলো দিশ সামৰি আলোচনাত বহিব লাগিব ৷

অৱশ্যে চলিত নীতি অনুসৰি সৰ্বপ্ৰথমে হ’ব কেন্দ্ৰীয় চৰকাৰ আৰু কে এল অ’ৰ মাজত যুদ্ধবিৰতি চুক্তি, তাৰ পিছত অস্ত্ৰ সম্বৰণ অনুষ্ঠান ৷ তাৰ পিছতহে আলোচনা প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ সেয়ে স্বাভাৱিকতেই কেন্দ্ৰীয় চৰকাৰ আৰু উগ্ৰবাদী সংগঠনটোৰ আলোচনা প্ৰক্ৰিয়া প্ৰকৃত ৰূপত আৰম্ভ হ’বলৈ যে যথেষ্ঠ সময় ল’ব সেয়া নিশ্চিত ৷ আনহাতে মাত্ৰ ৯ জন সদস্যক লগত লৈহে অৰণ্যৰ পৰা ওলাই আহিছে জীৱন সিংহ ৷ এতিয়াও অস্ত্ৰ-শস্ত্ৰসহ বহু সংখ্যক সদস্য আছে ম্যানমাৰৰ শিবিৰত ৷ সেয়ে প্ৰথমে অস্ত্ৰ সম্বৰণৰ বাবে যে কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে গুৰুত্ব দিহে পৰৱৰ্তী আলোচনাৰ পদক্ষেপলৈ আগবাঢ়িব পাৰিব ৷

কেন্দ্ৰীয় চৰকাৰে আন বিশেষ স্বাৰ্থ আগত ৰাখিহে যদি জীৱন সিংহৰ সৈতে আলোচনাৰ বিশেষ পদক্ষেপ হাতত লৈছে তেতিয়াহে হয়তো সকলো নিয়ম এৰি আলোচনা দ্ৰুত গতিত আগবঢ়াৰ সম্ভাৱনা আছে ৷ কিয়নো বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে বহুদিনৰ পৰাই পশ্চিমবংগৰ বিভাজন ঘটাই উত্তৰবংগৰ ৬ খন জিলা পৃথক কমতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ পৰিকল্পনা কৰি আহিছিল ৷ এই স্বাৰ্থতহে কেন্দ্ৰৰ ওচৰত জীৱন সিংহৰ গুৰুত্ব আছে বুলি চৰ্চিত হৈছে ৷ এনে পৰিস্থিতিত কে এল অ’ৰ মূল প্ৰস্তাৱ আৰু জীৱন সিংহৰ দাবীৰ প্ৰতি কেন্দ্ৰই কিমান গুৰুত্ব দিব সেয়া লক্ষণীয় হ’ব ৷ সেয়ে এতিয়া প্ৰশ্নৰ উদ্বেগ ঘটিছে কেন্দ্ৰীয় চৰকাৰে কিমান গুৰুত্ব সহকাৰে লৈছে জীৱন সিংহক ?

লগতে পঢ়ক: KLO peace agreement: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহ সচিব আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকৰে আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.