ETV Bharat / state

কলাক্ষেত্ৰত উদ্বোধন "গণশিল্পী খগেন মহন্ত উদ্যান"

author img

By

Published : Aug 17, 2019, 9:30 PM IST

Updated : Aug 18, 2019, 7:35 AM IST

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গণশিল্পী তথা বিহু সম্ৰাটগৰাকীৰ জন্মদিনটোতে উদ্বোধন কৰা হয় উদ্যানখন । গণশিল্পী খগেন মহন্ত উদ্যান"খন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কলাক্ষেত্ৰত উদ্বোধন "গণশিল্পী খগেন মহন্ত উদ্যান"

গুৱাহাটী, 17 আগষ্টঃ শনিবাৰে শুভ উদ্বোধন কৰা হ'ল "গণশিল্পী খগেন মহন্ত উদ্যান"। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গণশিল্পী তথা বিহু সম্ৰাটগৰাকীৰ জন্মদিনটোতে উদ্বোধন কৰা হয় উদ্যানখন । গণশিল্পী খগেন মহন্ত উদ্যান"খন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উদ্যানখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে খগেন মহন্তৰ সহধৰ্মিনী অৰ্চনা মহন্ত, পুত্ৰ অংগৰাগ পাপন মহন্ত, অভিনেতা যতীন বৰাৰ লগতে অসংখ্য গুণমুগ্ধ ।

কলাক্ষেত্ৰত উদ্বোধন "গণশিল্পী খগেন মহন্ত উদ্যান"

উদ্যান মুকলি কৰাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হয় সাংস্কৃতিক অনুষ্ঠানৰ । এটি বৰগীত পৰিৱেশনেৰে অনুষ্ঠান মুকলি কৰিলে পাপনে । অনুষ্ঠানটিত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কুইন ওজা, মন্ত্ৰী নৱ দলে, বিধায়ক ভাস্কৰ শৰ্মা, ৰূপক শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

Intro:Body:

Breaking

* কলাক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

* মুকলি কৰিলে গণশিল্পী খগেন মহন্ত উদ্যান

* বিহু সম্ৰাটগৰাকীৰ আজি ওপজা দিনতেই জনসাধাৰণৰ বাবে মুকলি উদ্যানখন 

* উপস্থিত খগেন মহন্তৰ পৰিয়ালবৰ্গৰ লগতে অজস্ৰ গুণমুগ্ধ

উদ্যান মুকলিৰ পিছতে শ্ৰীমন্ত 

* শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব সাংস্কৃতিক অনুষ্ঠান

পাপনৰ লগতে গীত পৰিৱেশন কৰিব কেইবাগৰাকীও শিল্পীয়ে


Conclusion:
Last Updated : Aug 18, 2019, 7:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.