ETV Bharat / state

ৰাজ্যজুৰি পালন হেপাহৰ কাতি বিহু

author img

By

Published : Oct 17, 2020, 7:34 PM IST

Updated : Oct 17, 2020, 9:07 PM IST

কৰ'ণাৰ ভয়াৱহতা আৰু বাধা বিঘিনিৰ মাজতে ৰাজ্যজুৰি পালন হৈছে কাতি বিহু ৷ আকাশ বন্তিৰে উজলিছে ঘৰৰ চৌহদ, শস্য শ্যামলা পথাৰ ৷

Kati bihu celebration in Assam
ৰাজ্যজুৰি পালন হেপাহৰ কাতি বিহু

নিউজ ডেস্ক, 17 অক্টোবৰ: আজি কাতি বিহু ৷ কৰ'ণাৰ ভয়াৱহতাআৰু বাধা বিঘিনিৰ মাজতে আজি ৰাজ্যজুৰি পালন হৈছে কাতি বিহু ৷ আকাশ বন্তিৰে উজলিছে ঘৰৰ চৌহদ, শস্য শ্যামলা পথাৰ ৷ চহা কৃষকৰ সোণোৱালী শস্য সোণগুটি হৈ ভড়াল ভৰি পৰাৰ কামনাৰে আহিন আৰু কাতিমাহৰ দোমাহীৰ দিনা অসমীয়া ৰাইজে উদযাপন কৰে কঙালি বিহু ৷

Kati bihu celebration in Assam
ৰাজ্যজুৰি পালন হেপাহৰ কাতি বিহু

এইবাৰ যেন পূৰ্বতকৈ কিছু সুকীয়া আদৰৰ কঙালী বিহুটি ৷ কাৰণ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰণা মহামাৰীৰ বাবে এইবাৰ ৰাজ্যবাসীয়ে পূৰ্বৰ দৰে উচাহ আৰু উদ্দীপনাৰে উদযাপন কৰিব পৰা নাই হেপাহৰ কঙালি বিহুটিক ৷

ৰাজ্যজুৰি পালন হেপাহৰ কাতি বিহু

কেৱল মাথো নিৰ্দিষ্ট নিময় আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ মাজতেই এইবাৰ ৰাজ্যবাসীয়ে নিজ বাসগৃহতে উদযাপন কৰিছে আদৰৰ কঙালী বিহুটিক৷

Kati bihu celebration in Assam
ৰাজ্যজুৰি পালন হেপাহৰ কাতি বিহু

ইফালে বানে কোঙা কৰা ধেমাজি জিলাৰ জোনাই পথাৰত এইবাৰ নজ্বলিল চাকি,বন্তি ৷ কাৰণ কাতি বিহুত চাকি,বন্তি জ্বলাবলৈ বানে কোঙা কৰা জোনাইৰ খেতিয়কৰ পথাৰত নাই সেউজী ধাননি ৷ এইবাৰ অত্যাধিক ভাৱে হোৱা বানে সমুলি নষ্ট কৰিলে জোনাই মহকুমাৰ নৈপৰীয়া অঞ্চল সমুহৰ কৃষিভূমি ৷ যাৰ বাবে কঙালি বিহুৰ দিনটোত নিজম পৰি ৰল জোনাইৰ কৃষি ভুমি ৷ নজ্বলিল চাকি, বন্তি ৷

লগতে পঢ়কঃ দৰঙৰ কাতি বিহু উদযাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Last Updated : Oct 17, 2020, 9:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.