ETV Bharat / state

Landslide in Guwahati: বাৰিষা শেষ নোহোৱা পৰ্যন্ত মহানগৰীত কোনো লোকে কাটিব নোৱাৰিব পাহাৰত মাটি

author img

By

Published : Jun 25, 2023, 2:23 PM IST

Landslide in Guwahati
বাৰিষা শেষ নোহোৱা পৰ্যন্ত মহানগৰীত কোনো লোকে কাটিব নোৱাৰিব পাহাৰত মাটি

বাৰিষা অহাৰ লগে লগে মহানগৰীৰ কেইবাস্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ লগতে ভূমিস্খলনত এজন শ্ৰমিকৰ মৃত্যু হৈছে ৷ যাৰবাবে এতিয়া প্ৰতি মূহুৰ্ততে আতংকিত হৈ পৰিছে পাহাৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকল ৷

গুৱাহাটী, ২৫ জুন: বাৰিষা শেষ নোহোৱা পৰ্যন্ত মহানগৰীত কোনো লোকে পাহাৰত মাটি কাটিব নোৱাৰিব । পাহাৰত মাটি কটা নিষিদ্ধ ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই । দুৰ্যোগ ব্যৱস্থাপনাৰ তৰফৰ পৰা শেহতীয়াভাৱে ডি ডি এম এ কে (এম)/২০২২/২৬৪ নম্বৰ এক নিৰ্দেশনাযোগে বাৰিষা শেষ নোহোৱালৈকে পাহাৰ পাহাৰত মাটি কটা নিষিদ্ধ কৰা হৈছে ।

দুৰ্যোগ প্ৰশমন আইন ২০০৫ ৰ অধীনত ৩০ উপ ধাৰা ২(iii), (iv), (v), (viii), (ix), (xi), (xx), (xxiii), (xx) আৰু ধাৰা ৩৪(c&m) 41 (c) অনুসৰি এই নিৰ্দেশনা জাৰি কৰা হৈছে । উল্লেখ্য যে বাৰিষাৰ লগে লগে মহানগৰীত পাহাৰীয়া অঞ্চলত বাস কৰা জনতাৰ নিদ্ৰাহৰণ হৈছে ৷ নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ ঘটনাই এনে অঞ্চলত বাস কৰা বাসিন্দাসকলক প্ৰতিমূহুৰ্ততে আতংকিত কৰিছে ।

বাৰিষাৰ লগে লগে মহানগৰীৰ কেইবাস্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱা লগতে ইতিমধ্যে ভূমিস্খলনত এজন শ্ৰমিকৰ মৃত্যু হৈছে । ইপিনে জিলা প্ৰশাসনৰ তৰফৰ পৰা মহানগৰীৰ ১৯ খন পাহাৰত মুঠ ৩৬৬ টা স্থান ভূমিস্খলনৰ স্পৰ্শকাতৰ স্থান হিচাপে চিনাক্ত কৰিছে । প্ৰশাসনে চিনাক্ত কৰা স্থানসমূহৰ ভিতৰত আছে চূণচালিত প্ৰায় ৭৭ টা, নুনমাটিত ৪০ টা, খাৰঘূলি আৰু জাপৰিগোগ পাহাৰত ৩৭ টা, খানাপাৰত ৩৩ টা, নাৰেংগীত ৩১ টা, হেঙেৰাবাৰী আৰু কালাপাহাৰত ৩০ টা, নৰকাসুৰ পাহাৰত ২৪ টা, গড়ভাঙা ১৫ টা স্থান আছে ।

আনহাতে ভূমিস্খলন প্ৰৱণ এলেকাৰ পৰা ২৫৫ টা পৰিয়ালক গৃহ খালি কৰি নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ জিলা প্ৰশাসনে ।

লগতে পঢ়ক : Amit Shah speaks to CM Sarma: অসমৰ ভয়াৱহ বান পৰিস্থিতিকলৈ উদ্বিগ্ন ভাৰত চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.