ETV Bharat / state

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন

author img

By

Published : Apr 5, 2021, 1:20 PM IST

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন
তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন

মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ৰাজ্যৰ 12 খনকৈ জিলাৰ মুঠ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব এই ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰতিখন জিলাৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈ উঠিছে কামৰূপ জিলা প্ৰশাসনো ৷ জিলাখনৰ মুঠ চাৰিটাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণকলৈ ইতিমধ্যে সাজু হৈছে নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰী সকলো ৷

গুৱাহাটী,5 এপ্ৰিল: মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ৰাজ্যৰ 12 খনকৈ জিলাৰ মুঠ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব এই ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰতিখন জিলাৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈ উঠিছে কামৰূপ জিলা প্ৰশাসনো ৷ জিলাখনৰ মুঠ চাৰিটাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণকলৈ ইতিমধ্যে সাজু হৈছে নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰী সকলো ৷

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন
তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন

সোমবাৰে পুৱা 5 বজাৰ নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলক ইভিএম, ভিভিপেট মেচিনকে ধৰি ভোটগ্ৰহণৰ সকলো সামগ্ৰী বিতৰণ কৰা হৈছে ৷ হাজো, পলাশবাৰী, বকো আৰু ছয়গাঁৱত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণ হ'ব মুঠ 1106 টা ভোট গ্ৰহণ কেন্দ্ৰত ৷ ইয়াৰে 553 টা ভোট গ্ৰহন কেন্দ্ৰত থাকিব ৱেব কাষ্টিং ব্যৱস্থা। তাৰোপৰি জিলাখনৰ 40 টা আদৰ্শ কেন্দ্ৰ আৰু 20 টা মহিলাৰ দ্বাৰা পৰিচালিত ভোট গ্ৰহণ কেন্দ্ৰ ৷ জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিৰ হাজোৰ শনিয়াদি, বকোৰ লামপি আৰু উকিয়ামৰ 8 টা ভোট গ্ৰহন কেন্দ্ৰ স্পৰ্শকাতৰ আৰু 192 টা ভোটগ্ৰহন কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি প্ৰকাশ কৰিছে নিৰ্বাচনী বিষয়া গৰাকীয়ে ৷

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন
তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন

ভোটকেন্দ্ৰ সমূহত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে জিলাখনলৈ অতিৰিক্ত 2200ৰো অধিক নিৰাপত্তা বাহিনী মোতায়ন কৰা হৈছে ৷ পুলিং প্ৰিজাইডিং বিষয়া তথা ভোটগ্ৰহনৰ যাতায়তৰ বাবে ব্যৱহাৰ কৰা হৈছে 1118 খন সৰু বৰ যান-বাহন । জিলাখনৰ দুৰ্গম অঞ্চলত থকা 25 টা ভোট গ্ৰহন কেন্দ্ৰলৈ EVMৰ বাদে আগতীয়াকৈ প্ৰদান কৰিছে ভোটগ্ৰহনত জড়িত সামগ্ৰী সমূহ ।

লগতে পঢ়ক: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ধুবুৰী জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.