ETV Bharat / state

শিলচৰ সাংসদ-শাসক দলৰ নেতাৰ ব্যক্তিগত স্বাৰ্থৰ বাবেই ডলু বাগিচাত উচ্ছেদ: কমলাক্ষ্য

author img

By

Published : May 14, 2022, 4:10 PM IST

শিলচৰৰ সাংসদ আৰু শাসক পক্ষৰ একাংশ নেতাৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ডলু চাহ বাগিচাত উচ্ছেদৰ দৰে পদক্ষেপ লোৱা হৈছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ (Kamalakhya dey purkayastha on eviction in Silchar)  ।

kamalakhya-dey-reaction-on-dalu-te-eviction
শিলচৰ সাংসদ-শাসক দলৰ নেতাৰ ব্যক্তিগত স্বাৰ্থৰ বাবেই ডলু বাগিচাত উচ্ছেদ: কমলাক্ষ্য

গুৱাহাটী, ১৪ মে : শিলচৰৰ সাংসদ আৰু শাসক পক্ষৰ একাংশ নেতাৰ ব্যক্তিগত স্বাৰ্থৰ বাবেই ডলু চাহ বাগিচাত উচ্ছেদ কৰা হৈছে ৷ কাছাৰৰ ডলু চাহ বাগিছাত প্ৰস্তাৱিত গ্ৰীনফিল্ড বিমান বন্দৰ স্থাপনৰ নামত চলোৱা উচ্ছেদক (Eviction in tea garden of Silchar) লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই ।

শিলচৰ সাংসদ-শাসক দলৰ নেতাৰ ব্যক্তিগত স্বাৰ্থৰ বাবেই ডলু বাগিচাত উচ্ছেদ: কমলাক্ষ্য

শনিবাৰে, দিছপুৰৰ বিধায়ক আৱাসত এক সংবাদমেল সম্বোধন কৰি কমলাক্ষ দে' পুৰকায়স্থই আৰু কয়- "শিলচৰৰ সাংসদ আৰু শাসক পক্ষৰ একাংশ নেতাৰ ব্যক্তিগত স্বাৰ্থৰ বাবে এই পদক্ষেপ লোৱা হৈছে । গ্ৰীনফিল্ড এয়াৰপ’ৰ্ট (Greenfield Airport in Silchar) হব ভাল কথা,আদৰনি জনাইছো । বাগান দখল কৰাৰ অৰ্থ কি ? কিয় চৰকাৰে বেলেগ ভূমি নিবিচাৰিলে ? ইয়াত বৃহৎ কেলেংকাৰী হৈছে (Alleged scam behind eviction in tea garden of Silchar) । চাহ গছবোৰ কলকাতাৰ এটা কোম্পানীক বিক্ৰী কৰিব ৷ সেইবাবেই বন্ধ হৈ থকা চাহ বাগান নলৈ চলি থকা বাগান দখল কৰিছে ৷"

কংগ্ৰেছ বিধায়কগৰাকীয়ে আৰু কয় যে, কোনো জৰীপ নকৰাকে ডলু বাগান দখল কৰি লোৱা হৈছে । ডলু বাগান লোৱাৰ ফলত তেওঁলোকৰ দুটা লাভ হব ৷ চাহ গছবোৰ বিক্ৰী কৰাৰ লগতে এয়াৰপৰ্ট কৰ্তৃপক্ষৰ পৰাও টকা পাব । বাগানখন উচ্ছেদ কৰাত বাগানৰ কৰ্মীসকলৰ দুৰৱস্থা হৈছে ।

বাগানখনত কৰ্মৰত হৈ থকা ১,৭০০ কৰ্মচাৰীক সুভম বাগানত সংস্থাপন দিয়াৰ কথা কৈছে । কিন্তু ডলু বাগানতকৈ সুভম বাগানৰ অৱস্থা অতি বেয়া । শ্ৰমিক সকলক অন্যায় কৰা হৈছে ৷ সেয়েহে চাহ বাগিছাৰ শ্ৰমিক সকলকৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় কংগ্ৰেছ বিধায়কগৰাকীয়ে । আনহাতে চৰকাৰে প্ৰদান কৰা নিযুক্তি সন্দৰ্ভতো মন্তব্য কৰে বিধায়কজনে ।

তেওঁ কয় যে, আজি যি নিযুক্তি দিয়া ২২ হাজাৰজনৰ ভিকৰক ১৩ হাজাৰৰ চাকৰিহে নিয়মীয়া কৰা হৈছে । কিন্তু নতুন নিযুক্তি কিমানক দিয়া হ'ল বুলি প্ৰশ্ন তুলি তেওঁ কয় যে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ চৰকাৰে বিধান সভাত দিব লাগিব । ইপিনে তেওঁ সংবাদমেলত এ আই ইউ ডি এফক সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰীয়ে যেনেকৈ শ্ৰুতলিপি দিয়ে বদৰুদ্দিন আজমলে তেনেকৈয়ে কয় । বিজেপিক সহায়ৰ বাবেই এ আই ইউ ডি এফৰ জন্ম বুলিও তেওঁ কটাক্ষ কৰে ৷

লগতে চাওক: প্ৰচণ্ড প্ৰাকৃতিক দুৰ্যোগৰ কৱলত ডিমা হাছাও জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.