ETV Bharat / state

Book released in Guwahati: জুৰী বৰা বৰগোহাঞিৰ উপন্যাস 'কেম’ফ্লেজ্' উন্মোচন

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 5:25 PM IST

অসমীয়া সাহিত্যত ৰচনা হৈছে সশস্ত্ৰ সংগ্ৰামৰ ইতিহাসৰ খণ্ডিত টুকুৰাবোৰ । সেই সন্ত্ৰাস-জৰ্জৰিত প্ৰান্তীয় ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অংশক সুকীয়া আৰু সূক্ষ্ম দৃষ্টিকোণেৰে তুলি ধৰা হৈছে জুৰী বৰা বৰগোহাঞিৰ উপন্যাসখনত ।

Book released news of Assam
গুৱাহাটীত গ্ৰন্থ উন্মোচনী সভা

গুৱাহাটী, ২৯ অক্টোবৰ: গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে উন্মোচন কৰা হয় লেখিকা জুৰী বৰা বৰগোহাঞিৰ উপন্যাস 'কেম’ফ্লেজ্' । জ্যোতি প্ৰকাশনৰ নগেন শৰ্মাই প্ৰকাশ কৰা এই উপন্যাসখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইয়ে । অসম তথা উত্তৰ-পূৱ ভাৰতত সন্ত্ৰাস জৰ্জৰিত পৰিৱেশ, পৰিস্থিতি সমূহৰ ফলত সামগ্ৰিকভাৱে মানুহৰ জীৱনত কিমান প্ৰভাৱ পেলাইছে তাৰ লেখ নাই ।

ইয়াৰ দ্বাৰা আটাইতকৈ প্ৰভাৱিত হৈছে প্ৰান্তীয় অঞ্চলৰ মানুহবোৰ । বিচিত্ৰ অভিজ্ঞতা, যাতনা, শোষণ নিপীড়নৰ কাহিনী প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ আছে । এই কাহিনীবোৰ প্ৰকৃততে এসময়ৰ সশস্ত্ৰ সংগ্ৰামৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ অংশ । লেখিকা জুৰী বৰা বৰগোহাঞিৰ উপন্যাসখনত এই বিষয়ে ব্য়াখ্য়া কৰিছে ।

অসমীয়া সাহিত্যত সশস্ত্ৰ সংগ্ৰামৰ ইতিহাসৰ এই খণ্ডিত টুকুৰাবোৰ লৈ কেইবাখনো লেখত ল’বলগীয়া উপন্যাস ৰচনা হৈছে । ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ শেহতীয়া উপন্যাস 'কেম’ফ্লেজ্'তো সেই সন্ত্ৰাস-জৰ্জৰিত প্ৰান্তীয় ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অংশক সুকীয়া আৰু সূক্ষ্ম দৃষ্টিকোণেৰে তুলি ধৰা হৈছে ।

গ্ৰন্থখনত মূলতঃ ৰাষ্ট্ৰ আৰু ৰাজ্যখনৰ এচাম লোকৰ ধাৰণাত থকা বৈপৰিত্যৰ সংঘাত আৰু সেই সংঘাতক কেন্দ্ৰ কৰি বহু নিৰীহ মানুহৰ জীৱনলৈ নামি অহা যাতনা, শংকা বিশেষকৈ নিৰীহ এচাম লোকে মুখামুখি হোৱা অভাৱনীয় আৰু ভয়ংকৰ বাস্তৱক লৈ ৰচনা হৈছে 'কেম’ফ্লেজ্'।

উক্ত অনুষ্ঠানত উপস্থিত থাকে গল্পকাৰ অতনু ভটাচাৰ্য, বিশিষ্ট কণ্ঠশিল্পী মিতালী দে’, সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰাপক বিপুল দেউৰী, ভ্ৰমণ-কাহিনী লেখক উজ্বল দিপ্লু গগৈ, গল্পকাৰ-ঔপন্যাসিক মনালিছা শইকীয়া, সাহিত্য অকাডেমিৰ যুৱ বঁটা প্ৰাপক গল্পকাৰ মণিকা দেৱী, সাংবাদিক-লেখক মনোৰম গগৈ, সাংবাদিক মেৰু মিঠু কটকী, অধ্যাপক ড৹ অৰ্ণৱ পাটোৱাৰী, সহকাৰী প্ৰাধ্যাপক ড৹ বুলজিত বুঢ়াগোহাঁইকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক:Price hike in Assam; চৰকাৰে চামুচেৰে দি বেলচা মাৰি নিছে, সাধাৰণ জনতা দুখীয়া হৈ গৈছে: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.