ETV Bharat / state

আজি কাব্যঋষি নীলমণি ফুকনলৈ আগবঢ়োৱা হ’ব জ্ঞানপীঠ বঁটা

author img

By

Published : Apr 11, 2022, 12:58 PM IST

nilomoni today jyanpith
আজি কাব্যঋষি নীলমণি ফুকনলৈ আগবঢ়োৱা হ’ব জ্ঞানপীঠ বঁটা

অসমীয়া সাহিত্য় জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কাব্যঋষি নীলমণি ফুকন(Nilamoni Phukan selected for Jnanpith award 2022) লৈ আগবঢ়োৱা হৈছে জ্ঞানপীঠ বঁটা । প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত কৰা হ'ব জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান । গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হ'ব এই বঁটা(Jnanpith Award ceremony to be held at Rabindra Bhawan Guwahati) ।

গুৱাহাটী, ১১ এপ্ৰিল : অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত সোমবাৰে সন্ধিয়া লিপিবদ্ধ হ’ব আন এক স্বৰ্ণিল অধ্যায় । কিয়নো অসমীয়া সাহিত্যৰ জগতখনত সকলোৰে নমস্য, কাব্যঋষি নীলমণি ফুকনৰ হাতত ভাৰতীয় জ্ঞানপীঠ অকাডেমীয়ে সন্ধিয়া তুলি দিব ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা(Nilamoni Phukan selected for Jnanpith award 2022) ৷

nilomoni today jyanpith
আজি কাব্যঋষি নীলমণি ফুকনলৈ আগবঢ়োৱা হ’ব জ্ঞানপীঠ বঁটা

সম্পূৰ্ণ ২২ বছৰৰ পিছত অসমীয়া সাহিত্যলৈ আহিছে এই সৰ্বোচ্চ স্বীকৃতি(Highest recognition for Assamese Literature after 22 years) । তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ’ব জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান(Jnanpith Award ceremony will be held in Assam for the first time) । সাধাৰণতে জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান নতুন দিল্লীৰ বিজ্ঞান ভৱনতে অনুষ্ঠিত হয় ৷ ৰাষ্ট্ৰপতিয়ে নিজ হাতে বঁটা প্ৰাপকক প্ৰদান কৰে এই সৰ্বোচ্চ সন্মান ।

উল্লেখ্য যে, কেতিয়াবাহে ৰাজধানী দিল্লীৰ বাহিৰত অনুষ্ঠিত হয় এই অনুষ্ঠান । ইয়াৰ পূৰ্বে এবাৰ কেৰালাত আৰু এবাৰ কৰ্ণাটকত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল । তৃতীয়বাৰৰ বাবে সোমবাৰে সন্ধিয়া ৬ বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান(Jnanpith Award ceremony to be held at Rabindra Bhawan in Guwahati) ।

nilomoni today jyanpith
প্ৰথমবাৰলৈ গুৱাহাটীত জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান

কেৱল, কবি নীলমণি ফুকনৰ স্বাস্থ্যজনিত কাৰণতে ভাৰতীয় জ্ঞানপীঠ অকাডেমীয়ে এইবেলি গুৱাহাটীত অনুষ্ঠিত কৰিছে এই বিশেষ বঁটা প্ৰদান অনুষ্ঠান । ভাৰতীয় জ্ঞানপীঠ অকাডেমীৰ বাচনি সমিতিৰ অধ্যক্ষ ড৹ প্ৰতিভা ৰয়ে সন্ধিয়া কাব্যঋষি নীলমণি ফুকনৰ হাতত তুলি দিব এই সৰ্বোচ্চ সন্মান । এই বিশেষ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । লগতে উপস্থিত থাকিব ভাৰতীয় জ্ঞানপীঠ অকাডেমীৰ শীৰ্ষ কাৰ্যবাহীসকল ।

লগতে পঢ়ক: আজি ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব মোডী-বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.