ETV Bharat / state

JYB PC in Guwahati: ১১৯২ পদৰ বাবে ১১২১ প্ৰাৰ্থীয়ে অভাৰলেপিং কৰিছে; জাতীয় যুৱ বাহিনী

author img

By

Published : May 3, 2023, 7:36 PM IST

PC by Jatiya Yuba Bahini a wing of Raijor Dal
অ'ভাৰ লেপিঙৰ বিৰুদ্ধে জাতীয় যুৱ বাহিনীৰ সংবাদমেল

নিযুক্তিৰ ক্ষেত্ৰত হোৱা অ'ভাৰ লেপিঙৰ বিৰুদ্ধে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ সংবাদমেল (Jatiya Yuva Bahini PC at Mathghariya) । বুধবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত হোৱা এক সংবাদমেলত অ'ভাৰ লেপিঙৰ বিৰুদ্ধে সৰৱ হৈ পৰে সংগঠনটো ।

অ'ভাৰ লেপিঙৰ বিৰুদ্ধে জাতীয় যুৱ বাহিনীৰ সংবাদমেল

গুৱাহাটী,৩ মে': স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফলৰ ক্ষেত্ৰত হোৱা অ'ভাৰ লেপিঙৰ সমস্যাক লৈ সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ কৰ্মকৰ্তাসকল (PC by Jatiya Yuba Bahini a wing of Raijor Dal) । বুধবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত হোৱা এক সংবাদমেলযোগে অ'ভাৰ লেপিঙৰ বিৰুদ্ধে সৰৱ হৈ পৰা সংগঠনটোৰ সভাপতি লক্ষজ্যোতি গগৈয়ে কয় যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফলত ব্যাপক অ'ভাৰ লেপিং হোৱা দেখা গৈছে (Jatiya Yuva Bahini PC at Mathghariya) ৷

শেহতীয়া স্বাস্থ্য বিভাগৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰাৰ পাচতেই হোৱা ব্যাপক বিসংগতি সন্দৰ্ভত সভাপতি লক্ষজ্যোতি গগৈয়ে কয় যে, DHS ৰ ফলাফলত ১১৯২ পদৰ বাবে ১১২১ প্ৰাৰ্থীৰ অ'ভাৰ লেপিং কৰিছে । অৰ্থাৎ পদৰ বিপৰীতে হোৱা নিযুক্তিত অ'ভাৰ লেপিঙেৰে একোজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৪৬ টা পদৰ বাবে বাচনি কৰিছে (JYB against overlapping in recruitment) ।

এই ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰি তেওঁ কয় যে, চৰকাৰে সংখ্যাৰ খেল খেলিবলৈকে নিবনুৱাসকলৰ লগত প্ৰকৃততে হেতালি খেলিছে ৷ সৰ্বমুঠ ১১২১ জন প্ৰাৰ্থীয়ে দুটাৰ পৰা সৰ্বোচ্চ ৪৬ টা পদৰ বাবে নিৰ্বাচিত কৰে । তেওঁ পুনৰ কয়, ২১৮৮ জন প্ৰাৰ্থী মৌখিক পৰীক্ষাৰ বাবে উত্তীৰ্ণ হৈছে ৷ কেৱল স্বাস্থ্য বিভাগৰ নিযুক্তি ফলাফলৰ ক্ষেত্ৰতেই নহয় শেহতীয়াকৈ দেখা গৈছে বিভিন্ন বিভাগত চলি থকা নিযুক্তি পৰীক্ষাত একেজন প্ৰাৰ্থীয়েই বহুকেইটা পদৰ বাবে নিৰ্বাচিত হৈছে (Assam govt recruitment) ৷

যাৰ ফলত অসমৰ নিবনুৱাসকলে আশা কৰা ধৰণে সম্পূৰ্ণ এক লাখ পদত নিযুক্তি নহ’ব আৰু বহুতো নিবনুৱা বঞ্চিত হ’ব বুলি ব্যক্ত কৰে । সেয়ে অ'ভাৰ লেপিঙৰ সমস্যা সমাধান কৰিবলৈ মেধা তালিকা ঘোষণা কৰাৰ লগতে এখন প্ৰতীক্ষা তালিকা ঘোষণা কৰিব লাগে নতুবা প্ৰথমে প্ৰভিন্সিয়েল তালিকা ঘোষণা কৰি সকলো অ'ভাৰ লেপিঙৰ সমস্যা দূৰ হোৱাৰ পিচত চূড়ান্ত মেধা তালিকা ঘোষণা কৰিব লাগে ৷

দ্বিতীয়তে যিসমূহ পদৰ বাবে সৰ্বোচ্চ শিক্ষাগত অৰ্হতা ধাৰ্য কৰা হৈছে, সেইসমূহ পদত যাতে অধিক শিক্ষাগত অৰ্হতা থকা যুৱক যুৱতীসকলে নিযুক্তি লাভ নকৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় জাতীয় যুৱ বাহিনীয়ে । মন কৰিবলগীয়া যে, চলিত বৰ্ষৰ ২৮ এপ্ৰিলত জাতীয় যুৱ বাহিনীয়ে খানাপাৰাস্থিত ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগৰ কাৰ্যালয়ৰ সন্মুখত নিযুক্তিৰ ক্ষেত্ৰত হোৱা অ'ভাৰ লেপিঙৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।

লগতে পঢ়ক: Fire in Sivsagar: শিৱসাগৰত দাউদাউকৈ জ্বলি উঠিল গেছ পাইপ লাইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.