নিযুক্তি কেলেংকাৰীক লৈ সৰৱ জাতীয় যুৱ বাহিনী

author img

By

Published : Sep 14, 2022, 5:34 PM IST

Jatiya Yuva Bahini Reacts on LMC Recruitment
নিযুক্তি কেলেংকাৰীক লৈ সৰব জাতীয় যুৱ বাহিনী ()

লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীক লৈ সৰৱ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী (Lakhimpur Medical College recruitment scam)। বুধবাৰে মহানগৰীৰ মঠ ঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সংম্বোধন কৰি জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্য জ্যোতি গগৈয়ে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিযুক্তি পৰীক্ষাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্তিয়াত ধনৰ লেন-দেনৰ তথ্য পোহৰলৈ অহাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ (Recruitment Controversy) ৷ শেহতীয়াকৈ, লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়াতো ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

ইয়াৰ মাজতে লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীক লৈ সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী (Lakhimpur Medical College recruitment scam)। বুধবাৰে মহানগৰীৰ মঠ ঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সংম্বোধন কৰি জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিযুক্তি পৰীক্ষাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে (Jatiya Yuva Bahini Reacts on Recruitment)।

নিযুক্তি কেলেংকাৰীক লৈ সৰব জাতীয় যুৱ বাহিনী

প্ৰসংগ ক্ৰমে লখিমপুৰ মেডিকেল কলেজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত কেলেংকাৰী সংঘটিত হোৱাৰ কথা উল্লেখ কৰি জাতীয় যুৱ বাহিনীৰ সভাপতিগৰাকীয়ে কয় যে একেজন প্ৰাৰ্থীকে কেইবাটাও বিভাগৰ মৌখিক পৰীক্ষা দিবলৈ নিমন্ত্ৰণ দিয়া হৈছে । একেজন প্ৰাৰ্থীয়ে কেনেকৈ কেইবাটাও মৌখিক পৰীক্ষাৰ বাবে নিমন্ত্ৰণ পাব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে । লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত এই কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে জাতীয় যুৱ বাহিনীৰ সভাপতিগৰাকীয়ে ।

ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধেও জয়া কলিতা নামৰ মহিলাগৰাকীয়ে চাকৰি দিয়াৰ নামত ধন বিচৰাৰ যি অভিযোগ আনিছিল সেই অভিযোগৰ বিৰুদ্ধেও তদন্তৰ দাবী তোলে জাতীয় যুৱ বাহিনীয়ে (Press Meet By Jatiya Yuva Bahini) ।

লগতে পঢ়ক: দালালৰাজৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া লুৰিণজ্যেতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.