ETV Bharat / state

বৰ্ষাপাৰাৰ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ অনুশীলন

author img

By

Published : Feb 28, 2020, 3:53 AM IST

বৃহস্পতিবাৰৰ পৰা ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলৰ অনুশীলন আৰম্ভ হয় বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত । গুৱাহাটীত অনুষ্ঠিত হ'বলগা আই পি এলৰ দুখন মেচৰ বাবে অনুশীলন আৰম্ভ ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলৰ ।

IPL team Rajasthan Royal's player practice at Barshapara Cricket Stadium
অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ খেলুৱৈৰ অনুশীলন

গুৱাহাটী,27 ফেব্ৰুৱাৰীঃ ২৯ মাৰ্চৰ পৰা আৰম্ভ হ'ব ক্ৰিকেটৰ মেগা ইভেণ্ট আই পি এল ৷ চলিত বৰ্ষৰ আই পি এলৰ কাৰ্যসূচী মৰ্মে ৰাজস্থান ৰয়েলছ দলৰ দুখনকৈ খেল অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত ৷ খেল দুখনৰ বাবে বৃহস্পতিবাৰৰ পৰা দলটোৰ খেলুৱৈসকলে আৰম্ভ কৰে অনুশীলন ৷ বিয়লি ৪ বজাত ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল উপস্থিত হৈ অনুশীলনত অংশগ্ৰহণ কৰে ৷ দলটোৰ ৭গৰাকী খেলুৱৈয়ে অনুশীলনত অংশ লয় ৷ অনুশীলনকাৰী দলটোত উপস্থিত থকা দেখা যায় অসমৰ যুৱ ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগক । ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলে তিনিদিনীয়াকৈ এই অনুশীলন কৰিব বুলি জানিব পৰা গৈছে ।

অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ খেলুৱৈৰ অনুশীলন

শুকুৰবাৰে খেলুৱৈসকলে পুৱা ১০ বজাৰ পৰা অনুশীলনত অংশগ্ৰহণ কৰাৰ কথা আছে । খেলুৱৈসকলক অনুশীলনৰ সময়ত সংগ প্ৰদান কৰে দলটোৰ দায়িত্বত থকা বিষয়াসকলে ৷ লগতে ষ্টেডিয়ামটোত উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ কেইবাগৰাকী বিষয়া ৷ উল্লেখ্য যে,ৰাজস্থান ৰয়েলছে ৫ আৰু ৯ এপ্ৰিলত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত দুখনকৈ খেলত অংশ ল’ব ৷ কাৰ্যসূচীমৰ্মে দলটোৱে ৫এপ্ৰিলত দিল্লী কেপিটেলৰ আৰু ৯এপ্ৰিলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে খেলত অৱতীৰ্ণ হ'ব ।

লগতে পঢ়কঃআইপিএল 2020ৰ কাৰ্যক্ৰমণিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.