ETV Bharat / state

Guwahati Municipal Corporation: গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ মনোজ কুমাৰ নাথৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:06 PM IST

কিমান সফল বিজেপি নেতৃত্বাধীন গুৱাহাটী পৌৰ নিগম ? মহানগৰীৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িছে পৌৰ নিগম ? ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ভৱেশ মেধিৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ মনোজ কুমাৰ নাথৰ সাক্ষাৎকাৰ ৷

Guwahati Municipal Corporation
Guwahati Municipal Corporation

কিমান সফল বিজেপি নেতৃত্বাধীন গুৱাহাটী পৌৰ নিগম ?

গুৱাহাটী, 19 ছেপ্টেম্বৰ: বিজেপি দলে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ দখল কৰাৰ ডেৰ বছৰ অতিক্ৰম কৰিলে । বিজেপি নেতৃত্বাধীন গুৱাহাটী পৌৰ নিগমৰ পাৰিষদখনে মহানগৰবাসীৰ সমস্যা আৰু আশা-আকাংক্ষাবোৰ কিদৰে সমাধান কৰিছে সেই বিষয়ে জনাৰ বাবে ই টি টিভি ভাৰতৰ পৰা কাষ চপা হৈছিল গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ মনোজ কুমাৰ নাথৰ ।

গুৱাহাটীৰ বিভিন্ন সমস্যা বিশেষকৈ জাৱৰ নিষ্কাষণৰ ব্যৱস্থা, গুৱাহাটীৰ ৱাৰ্ডসমূহৰ ৰাস্তা ঘাটৰ সমস্যা আদি বিষয়ে প্ৰশ্নৰ অৱতাৰণা কৰা হৈছিল । বিভিন্ন প্ৰশ্নৰ উত্তৰত গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ মনোজ কুমাৰ নাথে কয় যে জাৱৰ নিষ্কাষনৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি থকা হৈছে । এতিয়া দিনৰ পৰিৱৰ্তে নিশা গুৱাহাটীত ৰাস্তাৰ পৰা জাৱৰ সংগ্ৰহ কৰা হয় ।

পশ্চিম বৰাগাঁৱৰ পূৰ্বৰ জাৱৰ পেলোৱা স্থানত 14 লাখ মেট্টিক টন জাৱৰ পৰিশোধন কৰি থকা হৈছে । তেওঁ কয় যে বৰ্তমান গুৱাহাটীৰ ৱাৰ্ডসমূহত 300 টা সৰু-বৰ ৰাস্তা নিৰ্মাণৰ কাম কৰি থকা হৈছে । আকৌ মুখ্যমন্ত্ৰীয়ে প্ৰতিটো‌ ৱাৰ্ডত 5 টাকৈ ৰাস্তা নিৰ্মাণৰ অনুমোদন দিছে ।

গুৱাহাটীত থকা সকলো‌ শ্মশান মেৰামতি কৰা হ'ব । প্ৰতিটো ৱাৰ্ডত 20 লাখ টকা ব্যয়‌ কৰি একোটাকৈ কমিউনিটি টয়লেট নিৰ্মাণ কৰা হ'ব ।‌ অহা ছমাহৰ ভিতৰত ‌গুৱাহাটীখনে এটা নতুন‌ ৰূপ পাব বুলি গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ মনোজ কুমাৰ নাথে সদৰী কৰে ।

উল্লেখ্য যে বিভিন্ন সময়ত গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে ৷ গুৱাহাটীৰ পদ-পথৰ বিপণী, পাৰ্কিং আদিৰ সমস্যা গুৱাহাটী পৌৰ নিগমে সমাধান কৰিব পৰা নাই বুলি উত্থাপন হোৱা অভিযোগ দীৰ্ঘদিনীয়া ৷

লগতে পঢ়ক: Assam CM wife Subsidy Controversy : মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰাজসাহাৰ্যক লৈ সত্য নিৰূপণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ গৌৰৱ গগৈৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.