ETV Bharat / state

International Yoga day:কটন বিশ্ববিদ্যালয়ত উদযাপন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

author img

By

Published : Jun 21, 2023, 9:46 PM IST

কটন বিশ্ববিদ্যালয়ত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷

international yoga day
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

international yoga day
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

গুৱাহাটী, ২১ জুন : আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কটন বিশ্ববিদ্যালত বুধবাৰে বিশ্ববিদ্যালয়খনৰ ড৹ টি আও ইনড’ৰ ষ্টেডিয়ামত যোগ দিৱসৰ আয়োজন কৰা হয় । পুৱা ৮.১৫ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান মুকলি কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই । নৱম সংস্কৰণৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ এই অনুষ্ঠানত আমন্ত্ৰিত যোগ বিশেষজ্ঞ প্ৰতিভা টেৰন আৰু কটন বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী বিপাঞ্চী বৰাই যোগ প্ৰদৰ্শন কৰে ।

কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই যোগৰ অনুষ্ঠানত উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাৰ লগতে ছাত্ৰ কল্যাণৰ ডীন অধ্যাপক মঞ্জিত কুমাৰ ভট্টাচাৰ্য, ছাত্ৰ কল্যাণৰ সঞ্চালক ড৹ প্ৰশান্ত শৰ্মা, ক্ৰীড়া বিষয়া ড৹ কুলেন দাস, ড৹ বন্দনা শৰ্মা, ড৹ হীৰেন ডেকা, ড৹ দেৱজ্যোতি বৰুৱা, ড৹ সমীক্ষা গোহাঁইকে ধৰি জ্যেষ্ঠ অধ্যাপকসকল উপস্থিত থাকে৷ ইয়াৰ উপৰি এন এছ এছ, এন চি চিৰ সদস্য, বিশ্ববিদ্যালয়ৰ অন্যান্য ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অতি উলহ-মালহেৰে পালন কৰি আহিছে ৷ এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৩ ৰ আনুষ্ঠানিক বিষয়বস্তু ‘বসুধৈৱ কুতুম্বকম’ ৰ পালন কৰা হয়, যিয়ে ’এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ হিচাপে প্ৰতিনিধিত্ব কৰে । এই বিষয়বস্তুৱে যোগৰ নিয়মীয়া অভ্যাসৰ সৈতে কোনো ধৰণৰ বৈষম্য নিৰ্বিশেষে প্ৰতিজন ব্যক্তিৰ সুস্থ সত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ৰাষ্ট্ৰসংঘই প্ৰতিষ্ঠা কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লক্ষ্য হৈছে যোগাভ্যাসৰ জৰিয়তে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা ৷

বিশ্বৰ লাখ লাখ লোকে বিভিন্ন যোগাসন আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে এই প্ৰাচীন অনুশীলনৰ সাৰ্বজনীন আবেদন আৰু পৰিৱৰ্তনশীল শক্তিৰ সোঁৱৰণী হিচাপে কাম কৰে ।

লগতে পঢ়ক : International yoga day: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ সাংসদ প্ৰদান বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.