NRC : আশাত বন্দী খিলঞ্জীয়া অসমীয়া

author img

By

Published : Aug 2, 2022, 2:25 PM IST

NRC

এন আৰ চিক লৈ স্থিতি স্পষ্ট নহয় চৰকাৰী পক্ষৰ (Assam govt stand on NRC is not clear)। অজিও অসমবাসীৰ বাবে নুবুজা সাঁথৰ হৈ আছে এন আৰ চি । ৰাজনৈতিক পাশাখেলত মাজতে পণবন্দী হৈ ৰ’ল কেৱল অসমৰ খিলঞ্জীয়া লোক । আজিও এখন শুদ্ধ অবৈধ বিদেশীৰ নামমুক্ত এন আৰ চিৰ বাবে আৱেগেৰে বাট চাই ৰৈছে প্ৰতিগৰাকী খিলঞ্জীয়া নাগৰিকে । বিয়াগোম দুৰ্নীতি কৰি এখন বিসংগতিপূৰ্ণ এন আৰ চিৰে বিবাদৰ সৃষ্টি কৰি অসম এৰি গ'ল তদানীন্তন সমন্বয়ক প্ৰতীক হাজেলা । বাদানুবাদ আৰু বিতৰ্কৰ মাজতে আছে এন আৰ চি ।

গুৱাহাটী,২ আগষ্ট : অসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্রত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিক লৈ অসমবাসী আশাবাদী আছিল যদিও আজিও সমগ্ৰ প্ৰক্ৰিয়াটো এক নুবুজা সাঁথৰ হৈয়ে ৰ'ল । আশা কৰা হৈছিল এন আৰ চিৰ যোগেদি অসম অবৈধ বাংলাদেশী মুক্ত হ'ব । অবৈধ বিদেশীৰ নামমুক্ত এখন শুদ্ধ এন আৰ চিৰ সপোন দেখিছিল অসমীয়াই । অৱশেষত বহু অপেক্ষাৰ অন্তত অসমে এখন এন আৰ চি লাভ কৰিলে যদিও কোনো ফলাফল লাভ নকৰিলে (NRC process in Assam)।

উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত অসমত এন আৰ চিৰ কাম-কাজ পৰিচালনা হৈছিল । এইক্ষেত্রত অসমৰ খিলঞ্জীয়ালোকে সম্পূৰ্ণ সহযোগিতা কৰিছিল । ২০১৯ চনৰ ৩১ আগষ্টত সকলো বাদ-বিবাদ, বিতৰ্ক, উৎকণ্ঠাৰ অন্ত পেলাই প্ৰকাশ কৰা হৈছিল এন আৰ চিৰ চূড়ান্ত তালিকা । চূড়ান্ত তালিকাত ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল (NRC final list of Assam)।

NRC
এন আৰ চিৰ যোগেদি অসম অবৈধ বাংলাদেশী মুক্ত হ'ব

ইয়াৰ পূৰ্বে ২০১৭ চনৰ ৩১ ডিচেম্বৰত এন আৰ চিৰ প্ৰথমখন খচৰা আৰু ২০১৮ চনৰ ৩০ জুলাইত সম্পূৰ্ণ খচৰা প্ৰকাশ হৈছিল । ইয়াৰ পাছত খচৰাত নাম নথকা লোকসকলৰ শুনানি পৰ্ব আৰম্ভ হৈছিল ২০১৯ চনৰ ৫ জুলাইৰ পৰা । এন আৰ চিৰ খচৰাত প্ৰায় ৪১ লাখ লোকৰ নাম বাদ পৰিছিল যদিও অন্তিম তালিকাত ইয়াৰে বেছিভাগৰ নাম অন্তৰ্ভুক্ত হৈছিল । চূড়ান্ত খচৰাৰ পৰা মাত্ৰ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম কৰ্তন কৰা হৈছিল (Final draft of NRC in Assam)।

কিন্তু নাম কৰ্তন হোৱা সকলো যে অবৈধ বিদেশী নহয় সেই কথা চৰকাৰী পক্ষ আৰু এন আৰ চিৰ কৰ্তৃপক্ষই স্পষ্ট কৰি থ'লে । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত ২০১৯ চনৰ ৩১ আগষ্টত তেতিয়াৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই জাৰি কৰিছিল এক প্ৰেছ বিজ্ঞপ্তি ।

NRC
আশাত বন্দী খিলঞ্জীয়া অসমীয়া

সেই বিজ্ঞপ্তিত উল্লেখ কৰা মতে মুঠ ৬৮,৩৭,৬৬০ খন আবেদন পত্ৰযোগে মুঠ ৩,৩০,২৭,৬৬১ গৰাকী লোকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম পঞ্জীয়নৰ বাবে আবেদন জনাইছিল । এন আৰ চিৰ এই উন্নীতকৰণৰ প্ৰক্ৰিয়া, অৰ্থাৎ এন আৰ চিৰ আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ হৈছিল ২০১৫ চনৰ মে'ৰ পৰা । এই প্ৰক্ৰিয়াত ৰাজ্যৰ ৫২ হাজাৰ বিষয়া-কৰ্মচাৰীয়ে অংশ লৈছিল । এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পাছত স্বাভাৱিকতেই বহু প্ৰশ্নৰ অৱতাৰণা হৈছিল ।

এন আৰ চিক লৈ হতাশ হৈছিল অসমীয়া মানুহ । অসমত আচলতে বিদেশী নাছিলেই নেকি, তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছিল চূড়ান্ত খচৰা প্ৰকাশৰ পাছত । বিষয়টোক লৈ বিভিন্ন বাদ-বিবাদৰ সৃষ্টি হৈছিল । লক্ষণীয় বিষয় যে তদানীন্তন অসম চৰকাৰৰ গুৰুত্বহীনতা আৰু উদাসীনতাৰ ফল ভুগিবলগীয়া হৈছিল অসমীয়াই ।

NRC
আশাত বন্দী খিলঞ্জীয়া অসমীয়া

এন আৰ চি হৈ পৰিছিল ৰাজনৈতিক হাথিয়াৰ । এন আৰ চিকলৈ দল-সংগঠনসমূহৰ মাজত মাথো বাদানুবাদ (Politics over NRC in Assam)। অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ আৰু চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰু দাবীয়ে কেইবাটাও দশক অতিক্ৰম কৰাৰ পাছতো এই বিষয়টোক লৈ ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ মাজত ভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায় । বহু দল-সংগঠনে এতিয়‍া এন আৰ চিৰ প্ৰসংগকলৈ নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে ।

ৰাজনৈতিক পাশাখেলত মাজতে পণবন্দী হৈ ৰ'ল কেৱল অসমৰ খিলঞ্জীয়া লোক । ভুলে-শুদ্ধই এদিন এন আৰ চি প্ৰকাশ হ'ল যদিও অসমবাসীৰ আশাৰ বন্তিস্বৰূপ এন আৰ চি অসমৰ বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত কিদৰে সহায়ক হ'ব, সেয়া এতিয়াও প্ৰশ্ন হৈয়ে আছে । অসমবাসীক এখন এন আৰ চি দিয়াৰ বাবে 'নায়ক' স্বৰূপ হৈ পৰা সেইসময়ৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা পৰৱৰ্তী পৰ্যায়ত সকলো কথা পোহৰলৈ অহাত 'খলনায়ক' ৰূপে প্ৰতিষ্ঠিত হ'ল । ইতিমধ্যে তেওঁ অসম এৰি গুচি গ'ল (Former NRC chief coordinator Prateek Hajela left Assam)।

প্ৰতীক হাজেলাৰ ঠাই পূৰাইছিল দক্ষ প্ৰশ‍াসক হিতেশ দেৱ শৰ্মাই । ইতিমধ্যে ৩১ জুলাইত হিতেশ দেৱ শৰ্মাই অৱসৰ গ্ৰহণ কৰিলে আৰু এতিয়া নতুন সমন্বয়ৰ দায়িত্ব ল'লে আই এ এছ বিষয়া পাৰ্থপ্ৰতিম মজুমদাৰে । বিষয়া সলনি হৈছে যদিও আজিও অসমীয়াৰ বাবে এক নুবুজা সাঁথৰ হৈয়ে ৰ'ল এন আৰ চি ।

NRC
আশাত বন্দী খিলঞ্জীয়া অসমীয়া

আজিও এখন শুদ্ধ অবৈধ বিদেশীৰ নামমুক্ত এন আৰ চিৰ বাবে আৱেগেৰে বাট চাই ৰৈছে প্ৰতিগৰাকী খিলঞ্জীয়া নাগৰিকে । ইফালে পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চি উন্নীতকৰণৰ নামত বিয়াগোম দুৰ্নীতি কৰাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটোতে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । কেৱল অভিযোগেই নহয় তেওঁৰ বিৰুদ্ধে গোচৰো ৰুজু হৈছে (FIR against Former NRC chief coordinator Prateek Hajela)।

প্ৰতীক হাজেলাৰ বিৰুদ্ধে এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াত ইচ্ছাকৃতভাৱে বিসংগতি কৰাৰ অভিযোগ তুলি সদ্য অৱসৰপ্ৰাপ্ত ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ফৌজদাৰী আৰু দেশদ্ৰোহিতাৰ ধাৰাত অসম আৰক্ষীৰ চি আই ডি বিভাগত গোচৰ ৰুজু কৰিছে । হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰা আৰু ভুল প্ৰক্ৰিয়া ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰি এন আৰ চিত অবৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সুবিধা দিয়া আৰু প্ৰকৃত নাগৰিকক এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ কৰা হৈছে ।

অভিযোগকাৰী হিতেশ দেৱ শৰ্মাই এজাহাৰত উল্লেখ কৰা অনুসৰি প্ৰতীক হাজেলাই ৰাজ্যিক সমন্বয়ক হিচাপে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কেৱল কৰ্তব্য পালনতে গাফিলতি কৰ‍াৰ উপৰি ইচ্ছাকৃত ত্ৰুটি সংঘটিত কৰি তেওঁ গুৰুতৰ অপৰাধ সংঘটিত কৰিছে ৷ প্ৰতীক হাজেলাৰ এই অপৰাধক হিতেশ দেৱ শৰ্মাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু এয়া পৰিষ্কাৰ ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ বুলি চি আই ডিৰ ওচৰত ৰুজু কৰা গোচৰৰ এজাহাৰত উল্লেখ কৰিছে ৷ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত অভিযোগকাৰীয়ে উত্থাপন কৰা অভিযোগৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ইউ এছ ১২০ বি, ১৬৬ এ, ১৬৭, ১৮১, ২১৮, ৪২০, ৪৬৬ ধাৰা ,৩৪ নম্বৰ অনুচ্ছেদ আৰু প্ৰয়োজনীয় অন্যান্য আইনী ধাৰা প্ৰয়োগ কৰিবলৈ চি আই ডিৰ অধীক্ষকক অনুৰোধ জনোৱা হৈছে ।

তাৎপৰ্যপূৰ্ণ বিষয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতে নাগৰিকপঞ্জীত বিভিন্ন বিসংগতি থকা বুলি ৰাজ্যত হুলস্থূলৰ সৃষ্টি হোৱাৰ সময়তে ডেপুটেচন লৈ প্ৰতীক হাজেলা অসমৰ পৰা আঁতৰি গৃহৰাজ্য মধ্যপ্ৰদেশলৈ গুচি গৈছে । ইপিনে চি আই ডিৰ আৰক্ষী অধীক্ষকৰ ওচৰত ৰুজু কৰা গোচৰত অভিযোগকাৰী হিতেশ দেৱ শৰ্মাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত থকা বহু বিসংগতিৰ উদাহৰণ দাঙি ধৰি সেয়া তেতিয়াৰ সমন্বয়ক প্ৰতীক হাজেলাই ইচ্ছাকৃত আৰু গাফিলতি কৰা বুলি জনাইছে ৷

অভিযোগ অনুসৰি নাগৰিকপঞ্জীৰ তথ্য প্ৰদানৰ ক্ষেত্ৰত কৰ্তৃপক্ষই সকলো আবেদনকাৰী প্ৰকৃত ভাৰতীয় নাগৰিক হয়নে নহয় আৰু তেওঁলোক ১৯৭১ চনৰ পূৰ্বৰে পৰা অসমৰ বাসিন্দা হয়নে নহয় সেয়া নিৰূপণ কৰিবলৈ পৰিয়ালৰ সকলো সদস্যৰ নাম সম্বলিত 'ফেমিলী ট্ৰী' নামৰ এটা পদ্ধতি ব্যৱহাৰ কৰিছিল ৷ পৰৱৰ্তী সময়ত এই 'ফেমিলী ট্ৰী' পুনৰ পৰীক্ষা কৰাত সেই পদ্ধতিৰ আঁসোৱাহ ওলাই পৰে আৰু বহুসংখ্যক অবৈধ নাগৰিকে সেই আসোঁৱাহৰ সুবিধা লৈ নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাতো ধৰা পৰে ৷ 'ফেমিলী ট্ৰী' পৰীক্ষাৰ বাবে এন আৰ চি কৰ্তৃপক্ষই এটা 'কম্পিউটাৰ জেনেৰেটেড ফেমিলী ট্ৰী' পদ্ধতি আৰু হাতেৰে পৰীক্ষা (মেনুৱেল) কৰাৰ দুটা পৃথক পদ্ধতি ব্যৱহাৰ কৰিছিল ৷

'ফেমিলী ট্ৰী' পৰীক্ষণৰ যিটো ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছিল সেই ছফ্টৱেৰ ত্ৰুটিপূৰ্ণ বুলি পৰৱৰ্তী সময়ত কৰা পৰীক্ষাত প্ৰমাণিত হৈছে ৷ 'ইফৰ্ম ৩ ভেৰিফিকেছন' নামৰ এই ছফ্টৱেৰ এন আৰ চিৰ তথ্য অন্তৰ্ভুক্ত কৰা লেপটপত সংলগ্ন কৰা হৈছিল ৷ সেই তথ্য প্ৰাথমিকভাৱে অন্তৰ্ভুক্ত কৰাৰ পাছত ই কম্পিউটাৰ স্ক্ৰীণৰ পৰা অদৃশ্য হৈ পৰে আৰু উচ্চ পৰ্যায়ৰ বিষয়াই চেষ্টা কৰিলেও সেই তথ্য পৰীক্ষা কৰিব নোৱাৰে ৷

এজাহাৰত জনোৱা অনুসৰি সম্প্ৰতি এন আৰ চি কৰ্তৃপক্ষই এই ছফ্টৱেৰ বিশেষজ্ঞ প্ৰতিষ্ঠান মেছাৰ্ছ বহ্নিমান ছিষ্টেমছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰীক্ষা কৰে আৰু প্ৰতিষ্ঠানটোৱে এই ছফ্টৱেৰ আসোঁৱাহপূৰ্ণ বুলি মতামত দিয়ে ৷ এন আৰ চি কৰ্তৃপক্ষই ছফ্টৱেৰ অবিহনে বৰপেটা জিলাৰ বাঘবৰ ২৯ কলগাছিয়া ছয় আৰু দৰং জিলাৰ দলগাঁৱত কেন্দ্ৰৰ তথ্য হাতে কামে (মেনুৱেল) পুনৰ পৰীক্ষা কৰিছিল ৷ সেই পৰীক্ষাত ৩৯,২৯,৭০৩ আবেদনকাৰীৰ ভিতৰত ৯৭৫ জনৰ নাম প্ৰকৃত 'ফেমিলী ট্ৰী'ৰ সৈতে মিলা নাই আৰু এই ৯৭৫ জনে অবৈধভাৱে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাটো প্ৰতীয়মান হৈছে ৷

একেদৰে কামৰূপ জিলাৰ চমৰীয়া খণ্ডৰ এন আৰ চি কেন্দ্ৰত ১৪,১৩০ জনে অবৈধ নথিৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰা প্ৰমাণিত হৈছে ৷ এন আৰ চি কৰ্তৃপক্ষই নগাঁও, মৰিগাঁও জিলাতো এনে ভয়ংকৰ বিসংগতি ধৰা পেলাইছে ৷ কেৱল ত্ৰুটিপূৰ্ণ ছফ্টৱেৰৰ দ্বাৰাই নহয়, আন আসোঁৱাহপূৰ্ণ পদ্ধতিৰেও এন আৰ চিত অসংখ্য অবৈধ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি এজাহাৰত উল্লেখ কৰা হৈছে ।

ইফালে আসাম পাব্লিক ৱৰ্কছ চমুকৈ এ পি ডব্লিউৰ তৰফৰ পৰাও বিগত বৰ্ষত প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি আই ডিত এজাহাৰ দিয়া হৈছিল (APW case against Pratik Hajela)। ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত একাংশ দেশদ্রোহী অবৈধ বিদেশীৰ ৰক্ষক ৰূপী পুঁজিপতি দালালৰ হৈ কাম কৰিছিল বুলি এন আৰ চিৰ প্রাক্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে অভিযোগ আনিছিল এ পি ডব্লিউয়ে । এই প্ৰক্ৰিয়াটোত অসমত অবৈধভাৱে প্রৱেশ কৰি এক বিশেষ ৰাজনৈতিক গোষ্ঠীৰ ভোটবেংক হিচাপে ব্যৱহৃত হৈ থকা অবৈধ বিদেশী নাগৰিকক চিৰদিনলৈ এই ৰাজ্যৰ স্থায়ী নাগৰিকৰ মৰ্যাদা দি এন আৰ চিৰ যোগেদি ভাৰতীয়কৰণৰ এক ষড়যন্ত্ৰত লিপ্ত হোৱাৰো ভয়ংকৰ অভিযোগ আনিছিল প্রতীক হাজেলাৰ বিৰুদ্ধে ।

এন আৰ চিক লৈ বৰ্তমানেও বহু বাদানুবাদ অব্যাহত আছে যদিও এখন শুদ্ধ এন আৰ চিৰ প্ৰসংগ এতিয়াও প্ৰশ্নবোধক হৈ আছে । ইফালে এন আৰ চিক লৈ চৰকাৰী পক্ষৰ স্থিতিও স্পষ্ট নহয় । তেনেস্থলত আশ‍াতে বন্দী হৈ আছে খিলঞ্জীয়া অসমীয়া ।

লগতে পঢ়ক :Revision Of Electoral Rolls: ডিফুত ভোটাৰ পঞ্জীয়নৰ নতুন ফৰ্ম মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.