Revision Of Electoral Rolls: ডিফুত ভোটাৰ পঞ্জীয়নৰ নতুন ফৰ্ম মুকলি

By

Published : Aug 1, 2022, 10:45 PM IST

thumbnail

কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ডিফুৰ আৱৰ্ত ভৱনৰ সন্মিলন কক্ষত ARO, AERO, BLO SUPERVISERS আৰু BLO ৰ মাজত সোমবাৰে ভোটাৰ তালিকা ২০২৩ বিশেষ সংক্ষিপ্ত সংশোধনীকলৈ(special summery revision2023 of voter list) এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ জিলা অতিৰিক্ত উপায়ুক্ত ৰাজেছন তেৰাং আৰু নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙীয়াই এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি নতুন ভোটাৰ পঞ্জীয়নৰ ফৰ্মৰ আনুষ্ঠানিক শুভ উদ্বোধন কাৰ্যসূচীও সম্পন্ন কৰে ৷ ভোটাৰ তালিকা বিশেষ সংক্ষিপ্ত সংশোধনী ২০২৩ সন্দৰ্ভত সংশ্লিষ্ট বিষয়া কৰ্মীসকলক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হয় ৷ উল্লেখ্য যে, কাৰ্বি আংলঙত খছৰা ভোটাৰ তালিকা প্রকাশ পাব ৯ নৱেম্বৰত ৷ এতিয়াৰে পৰা ১৭ বছৰ উৰ্ধৰ যুৱ ভোটাৰসকলে তালিকাত নাম অন্তর্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.