ETV Bharat / state

Indian swimmer Elvis Ali Hazarika: দক্ষিণ আফ্ৰিকা আৰু আমেৰিকাৰ দুটা চেনেল সাঁতোৰাৰ লক্ষ্য এলভিছৰ

author img

By

Published : Jul 31, 2023, 8:28 PM IST

ভৱিষ্যতে চুইমিং একাডেমি খোলাৰ ইচ্ছা প্ৰকাশ সাঁতোৰবিদ এলভিছৰ ৷ অহা বছৰলৈ দক্ষিণ আফ্ৰিকা আৰু আমেৰিকাৰ দুটা চেনেল সাঁতোৰাৰ পৰিকল্পনা ৷

indian swimmer Elvis Ali Hazarika
সাঁতোৰবিদ এলভিছক সম্বৰ্ধনা

সাঁতোৰবিদ এলভিছে কি ক’লে শুনক

গুৱাহাটী, ৩১ জুলাই : গুৱাহাটী প্ৰেছ ক্লাৱত "প্ৰেছ ক্লাৱৰ অতিথি" শীৰ্ষক অনুষ্ঠানৰ সোমবাৰৰ অতিথি বিশিষ্ট সাঁতোৰবিদ এলভিছ আলী হাজৰিকা । চলিত মাহতেই ইংলিছ চেনেলত সাঁতুৰি অভিলেখ সৃষ্টি কৰা অসম তথা উত্তৰ পূৰ্বৰ প্ৰথম গৰাকী সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই ইংলিছ চেনেল সাঁতোৰাৰ সময়ত কিদৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল সেই অভিজ্ঞতা ব্যক্ত কৰে ।

তেওঁ ৩১ ঘন্টাত বিশ্বখ্যাত ইংলিছ চেনেল Double way সাঁতুৰি পাৰ হয় । ৮ মাহ পূৰ্বৰে পৰা ব্ৰহ্মপুত্ৰত অনুশীলন কৰিছিল বাবে ইংলিছ চেনেল সাঁতোৰোতে সহজ হৈছিল বুলি মন্তব্য কৰে । সাগৰৰ পানী লুণীয়া হোৱাৰ লগতে জেলি ফিছৰ বাবে অসুবিধাৰ সন্মুখীন হৈছিল । তদুপৰি তেওঁ সাঁতোৰা সময়ত বতৰ বেয়া হোৱাৰ বাবেও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ।

সাঁতোৰবিদ গৰাকীৰ ইংলিছ চেনেল অভিযানত খৰছ হৈছিল ১৫ লাখ টকা । জেষ্ঠ্য সাংবাদিক প্ৰণয় বৰদলৈয়ে আতঁ‌ধৰা অনুষ্ঠানটো তেওঁ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ব্যক্ত কৰি কয়- অহা বছৰলৈ দক্ষিণ আফ্ৰিকা আৰু আমেৰিকাৰ দুটা চেনেল সাঁতোৰাৰ পৰিকল্পনা কৰিছে । যদি চৰকাৰৰ বা আন অনুষ্ঠানৰ সহায় সহযোগিতা লাভ নকৰে তেতিয়া এই দুটা চেনেল সাঁতোৰা নহ’ব বুলিও তেওঁ মন্তব্য কৰে । কিয়নো তেওঁ ইংলিছ চেনেল সাঁতুৰিব যাওঁতে বহু আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে ।

তেওঁ অন্য ৰাজ্যৰ তুলনাত অসমত সাঁতোৰ প্ৰশিক্ষণৰ বাবে আন্ত:গাঁথনিৰ অভাৱ বুলি মন্তব্য কৰে । তেওঁ ভৱিষ্যতে চুইমিং একাডেমি খোলাৰ ইচ্ছা প্ৰকাশ কৰে । ইয়াৰ পূৰ্বে এলভিছে ২০১৯ চনত মেক্সিকোৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ কাটালানা চেনেল আৰু ২০২২ চনত নদাৰ্ণ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ নৰ্থ চেনেল সফলতাৰে সাঁতুৰি পাৰ হ’বলৈ সক্ষম হৈছিল ৷ উল্লেখ্য যে, আজিৰ অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় ৰয় প্ৰমুখ্যে প্ৰেছ ক্লাৱৰ বহু সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক : Assam Legislative Assembly: ৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক অসম বিধানসভা ভৱন উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.