ETV Bharat / state

যোৰাবাটত অবৈধ চোৰাং তেল জব্দ আৰক্ষীৰ

author img

By

Published : May 29, 2021, 5:55 PM IST

যোৰাবাট আৰক্ষীৰ অভিযানত জব্দ চোৰাং তেল কঢ়িওৱা বাহন ৷ বাহন দুখনত আছে প্ৰায় 6000 লিটাৰ তেল যাৰ বজাৰ মূল্য প্ৰায় 5 লাখ টকা ৷

illegal-oil-carry-bolero-seized-by-jorabat-police
যোৰাবাটত অবৈধ চোৰাং তেল জব্দ আৰক্ষীৰ

গুৱাহাটী, 29 মে': তেলৰ মূল্য আকাশলংঘী হোৱাৰ সময়তে পোহৰলৈ আহিছে এক তেল চোৰৰ ঘটনা ৷ নৈশ সান্ধ্য আইনৰ সুযোগ লৈ একাংশ তেলচোৰে অব্যহত ৰাখিছে তেলৰ চোৰাং ব্যৱসায় ৷ শুকুৰবাৰে নিশা যোৰাবাটত আৰক্ষীয়ে জব্দ কৰে চোৰাং তেল কঢ়িওৱা AS 01DD 1400 আৰু AS 01JC 1518 নম্বৰৰ দুখন বলেৰ’ বাহন ৷

illegal-oil-carry-bolero-seized-by-jorabat-police
যোৰাবাটত অবৈধ চোৰাং তেল জব্দ আৰক্ষীৰ

জানিব পৰা মতে, মেঘালয়ৰ পৰা সোণাপুৰ অভিমুখে আহি আছিল বাহন দুখন ৷ নিশা যোৰাবাট আৰক্ষীৰ অভিযানত জব্দ হয় বাহন দুখন ৷ বাহন দুখনত আছে প্ৰায় 6000 লিটাৰ তেল যাৰ বজাৰ মূল্য প্ৰায় 5 লাখ টকা ।

লগতে পঢ়ক : গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.