ETV Bharat / state

মহানগৰীত সাংবাদিকক প্ৰহাৰ অনা অসমীয়া ব্যৱসায়ীৰ

author img

By

Published : Nov 13, 2020, 7:28 AM IST

পুনৰ ৰাজ্যত সাংবাদিক আক্ৰমণৰ ঘটনা ৷ অবৈধ ফটকা বিক্ৰীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ ব্যৱসায়ীৰ ৷ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ঘটনা ৷

as_ghy_01_journalist_attack_as10002
মহানগৰীত সাংবাদিকক প্ৰহাৰ অনা অসমীয়া ব্যৱসায়ীৰ

গুৱাহাটী,13 নৱেম্বৰ: দীপাৱলীলৈ মাজত মাথো এটা দিন বাকী ৷ ক’ভিড-19 ৰ ভয়াৱহতা লোপ পোৱা নাই যদিও, পোহৰৰ উৎসৱ দীপাৱলীক লৈ প্ৰবল উচাহ দেখা গৈছে ৰাইজৰ মাজত ৷ তাৰ মাজতে এইবাৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ফটকা ফুটোৱা আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ বায়ু প্ৰদূষণ আৰু ক'ভিড ৰোগীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ প্ৰাৱল্যৰ ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰী প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ৷

কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই একাংশই দীপাৱলীৰ প্ৰাকক্ষণত ৰাজ্যত মেলিছে অবৈধ ফটকাৰ বেহা । প্ৰদূষণ নিয়ন্ত্ৰণৰ ব’ৰ্ডৰ নিৰ্দেশনাক অৱমাননা কৰি মহানগৰীতো অবৈধভাৱে বিক্ৰী হৈছে উচ্চ প্ৰাৱল্যৰ ফটকা । আৰক্ষী প্ৰশাসনে এনে ফটকা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰতা অৱলম্বন কৰিছে যদিও সম্পূৰ্ণ ৰূপে সফল হ’ব পৰা নাই ৷

মহানগৰীত সাংবাদিকক প্ৰহাৰ অনা অসমীয়া ব্যৱসায়ীৰ

জানিব পৰা মতে, বিনোদ নামৰ এগৰাকী অনা অসমীয়া ব্যৱসায়ীয়ে মহানগৰীত বিক্ৰী কৰি আছে উচ্চ প্ৰাৱল্যৰ ফটকা । বৃহস্পতিবাৰে এই অবৈধ বজাৰৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এটা বৈদ্যুতিন মাধ্যমৰ দুই সাংবাদিকৰ ওপৰত আক্ৰমণ চলায় অনা অসমীয়া বেপাৰীৰ ভেৰোনীয়া গুণ্ডাই । সাংবাদিক বিৰোৎপল শেনচোৱা আৰু ফটো সাংবাদিক জাহ্নু লস্কৰক আক্ৰমণ কৰি কেমেৰা পৰ্যন্ত কাঢ়ি লৈ যায় অনা অসমীয়া ব্যৱসায়ীৰ গুণ্ডা বাহিনীয়ে ।

ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াক অৱগত কৰা হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুদামৰ বাহিৰত থকা ফটকাৰ কাৰ্টনসমূহ জব্দ কৰে । কিন্তু ৰহস্যজনক ভাৱে অবৈধ ফটকাৰ গুদামৰ ওপৰত হাত নিদিলে আৰক্ষীয়ে ৷ আৰক্ষীৰ এই ভূমিকাক যেন সহজভাৱে ল’ব পৰা নাই ভুক্তভোগী সাংবাদিকৰ লগতে বাকাীসকলেও ৷

প্ৰশ্ন হয়, কিমান দিনলৈ চলিব সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ সংবাদ সংগ্ৰহ আৰু প্ৰচাৰৰ বাবে যোৱা সংবাদিক বাৰে বাৰে লক্ষ্য হৈ পৰে একাংশৰ বাবে ৷ কাক পথাৰৰ সাংবাদিক পৰাগ কুমাৰ ভূঞাৰ মৃত্য়ুৰ চাঞ্চল্য মাৰ নৌযাওতেই ৰাজ্যত পুনৰ আক্ৰমণৰ বলি হ’ব লগা হৈছে সাংবাদিক ৷

লগতে পঢ়ক: হোজাইত প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.