বৈদ্যুতিক বাহনৰ উন্নত প্ৰযুক্তি বিকাশৰ পদক্ষেপ আই আই টি গুৱাহাটীৰ

author img

By

Published : Apr 5, 2022, 10:07 PM IST

ghy iit develop a project of electric vehicle

বৈদ্যুতিক বাহনৰ উন্নত প্ৰযুক্তি বিকাশৰ পদক্ষেপ আই আই টি গুৱাহাটী (IIT Guwahati project) এই প্ৰযুক্তিয়ে বাহনৰ কাৰ্বন নিৰ্গমন আৰু ইন্ধন ব্যৱহাৰ হ্ৰাস (Reduce in fuel use) কৰাত সহায় কৰিব । লগতে এই প্ৰযুক্তি গ্ৰাম্য আৰু নগৰীয়া পৰিবহন ব্যৱস্থাটো আৰামদায়ক আৰু কম খৰচী কৰাত সহায় কৰিব বুলি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে আশা প্ৰকাশ কৰিছে ।

গুৱাহাটী,৫ এপ্ৰিল: ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে(IIT Guwahati) বৈদ্যুতিক বাহনৰ এক উন্নত প্ৰযুক্তি বিকশিত কৰিছে । এই প্ৰযুক্তিয়ে গ্ৰাম্য আৰু নগৰীয়া পৰিবহন ব্যৱস্থাটো আৰামদায়ক আৰু কম খৰচী কৰাত সহায় কৰিব বুলি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে আশা প্ৰকাশ কৰিছে ।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ মিডিয়া কোষে জনোৱা মতে বৰ্তমান বজাৰত উপলব্ধ বৈদ্যুতিক বাহনসমূহ ভাৰতৰ বিভিন্ন জলবায়ুৰ পৰিস্থিতি অনুকুল নহয় । কিন্তু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে বৈদ্যুতিক বাহনৰ বাবে বিকশিত কৰা উন্নত প্ৰযুক্তিটো ভাৰতৰ বিভিন্ন জলবায়ুৰ পৰিস্থিতি অনুকুল ।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে বৈদ্যুতিক বাহনৰ বাবে বিকশিত কৰা উন্নত প্ৰযুক্তিৰ গৱেষণাৰ লক্ষ্য হৈছে কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আৰু ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা । IIT গুৱাহাটীৰ ইলেক্ট্ৰিক মোবিলিটি লেবৰেটৰীৰ গৱেষকসকলে IIT গুৱাহাটীৰ ইলেক্ট্ৰনিক্স আৰু বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ড০ প্ৰবীণ কুমাৰৰ নেতৃত্বত গ্ৰাম্য আৰু নগৰ দুয়োটা অঞ্চলৰ বাবে ভাৰতীয় জলবায়ুৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৈদ্যুতিক বাহনৰ এই উন্নত প্ৰযুক্তি বিকশিত কৰিছে ।

গৱেষকসকলক তেওঁলোকৰ কামৰ বাবে প্ৰশংসা কৰি IIT গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীথাৰামে কয় যে এই প্ৰযুক্তিৰ সহায়ত দেশৰ বহনক্ষম বিকাশ (Sustainable Development of nation) আৰু কাৰ্বন ফুটপ্ৰিন্ট( carbon footprint) হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।

IIT গুৱাহাটীয়ে আন্তৰিকতাৰে এই দিশত কাম কৰি আছে । এই গৱেষণাই বহুত নতুন দিশৰ সন্ধান দিব বুলি তেওঁ আশা প্ৰকাশ কৰে । গৱেষণাটোৰ সন্দৰ্ভত IIT গুৱাহাটীৰ ইলেক্ট্ৰনিক্স আৰু বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ড০ প্ৰবীণ কুমাৰে কয় যে এই গৱেষণা বৰ্তমান দুচকীয়া বাহনৰ ক্ষেত্ৰত কৰা হৈছে । গৱেষকসকলে চাৰিচকীয়া বাহনৰ বাবেও এই প্ৰযুক্তি বিকাশৰ বাবে কাম কৰি আছে বুলি তেওঁ জনায় ।

লগতে পঢ়ক: ৰিপুন বৰাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.