ETV Bharat / state

IIT Guwahati Suicide Case: আইআইটি গুৱাহাটীৰ ছাত্ৰাবাসত আকৌ উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

author img

By

Published : Jan 9, 2023, 9:57 PM IST

IIT Guwahati Suicide Case
আইআইটিৰ ছাত্ৰাবাসৰ কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

গুৱাহাটী আইআইটিত পুনৰ আত্মহত্যা আন এজন ছাত্ৰৰ ৷ দিহিং ছাত্ৰাবাসৰ 337নং কোঠাত উদ্ধাৰ মহাৰাষ্ট্ৰৰ নাগপুৰৰ হৃত্বিক সঞ্জয় ভবানীৰ মৃতদেহ ৷ বি টেকৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী আছিল হৃত্বিক সঞ্জয় ভবানী ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ছাত্ৰজনৰ মৃত্যুৰ কাৰণ(IIT Guwahati Suicide Case) ৷

গুৱাহাটী, 9 জানুৱাৰী: গুৱাহাটী আইআইটিত পুনৰ এক অঘটন সংঘটিত হৈছে (Indian Institute of Technology Guwahati) । সোমবাৰে বিয়লি 4.10 মান বজাত উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ দিহিং ছাত্ৰাবাসৰ 337নং কোঠাত এজন ছাত্ৰক অচেতন অৱস্থাত উদ্ধাৰ কৰে । পিছত ঘটনাস্থলীত শিক্ষা প্ৰতিষ্ঠানখনৰ চিকিৎসক উপস্থিত হৈ ছাত্ৰজনক মৃত বুলি ঘোষণা কৰে (IIT Guwahati Suicide Case) । মৃত ছাত্ৰজন মহাৰাষ্ট্ৰৰ নাগপুৰৰ হৃত্বিক সঞ্জয় ভবানী বুলি চিনাক্ত কৰা হৈছে ।

হৃত্বিক সঞ্জয় ভবানী আইআইটি গুৱাহাটীৰ বি টেকৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী আছিল বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে (IIT Guwahati Student Commits Suicide) । ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । ছাত্ৰজনৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে । ইতিমধ্যে ঘটনাস্থলীত জিলা দণ্ডাধীশ উপস্থিত হৈছে ।

উল্লেখ্য যে দেশৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আইআইটিসমূহত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা বিষয়টো বিগত সময়ছোৱাত বিশেষ চৰ্চা লাভ কৰিছে । দেশৰ বিশ্ববিদ্যালয়সমূহতকৈ আইআইটিসমূহত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে । এই সন্দৰ্ভত দেশৰ সংসদতো এই বিষয়টো বিশেষ চৰ্চা লাভ কৰিছে ।

ইপিনে দেশৰ আইআইটিসমূহত পঢ়াৰ চাপ সহিব নোৱাৰি শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ ঘটনা বৃদ্ধি পোৱাত আইআইটি কাউন্সিলো উদ্বিগ্ন হৈ পৰিছে । যোৱা বছৰ 2 ডিচেম্বৰত সংসদত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে সদৰি কৰা এক তথ্য মতে দেশৰ 23 খন আই আই টিৰ ভিতৰত 12 খন আইআইটিত শিক্ষাৰ্থী আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে । ইয়াৰে শীৰ্ষ তালিকাত আছে আইআইটি গুৱাহাটী(IIT Guwahati Suicide Case) ।

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে সদৰি কৰা এক তথ্য মতে যোৱা 5 বছৰত দেশৰ 12 খন আইআইটিত মুঠ 50 গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে । ইয়াৰে শীৰ্ষত থকা আইআইটি গুৱাহাটীৰ 14 গৰাকী শিক্ষাৰ্থীয়ে শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লৈছে । দেশৰ আইআইটিসমূহত পঢ়াৰ চাপ সহিব নোৱাৰি শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ ঘটনা বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন হৈ পৰা দেশৰ আইআইটিসমূহৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক বৰ্ড আইআইটি কাউন্সিল ৷ সেয়েহে আধাতে আইআইটি এৰি যাব খোজা ছাত্ৰ-ছাত্ৰীৰ বাবে দুবছৰীয়া ডিপ্ল’ মা দিয়াৰ কথা বিবেচনা কৰিছে আইআইটি কাউন্সিলে ।

জানিব পৰা মতে আগন্তুক বৰ্ষৰ পহিলাতে এই সন্দৰ্ভত আইআইটি কাউন্সিলে গুৰুত্বপূৰ্ণ ঘোষণা কৰিব । উল্লেখ্য যে, 2019 চনতে আইআইটি কাউন্সিলে শৈক্ষিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে এক ‘এগজিট অপছন’ৰ কথা চিন্তা কৰিছিল । ইয়াৰ বাবে এক ফর্মূলাও নিৰ্ধাৰণ কৰিছিল । সেই ফর্মূলা অনুসৰি কোনো ছাত্রই যদি আইআইটিত চাপ সহ্য কৰিব নোৱাৰি ওলাই যাব খোজে তেওঁলোকে দ্বিতীয় ষাম্নাসিক সমাপ্ত কৰিয়েই বি এছ চিত ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ অপচন ঠিৰাং কৰিব পাৰিব ।

ষষ্ঠ ষান্মাসিক পর্যন্ত শিক্ষা সমাপ্ত কৰাৰ পাছত এজন আইআইটিয়ানে বি টেকৰ পৰিৱৰ্তে বিএছচি ডিগ্রী লাভ কৰিব । তিনি বছৰ পূৰ্বে সেই চিন্তাতকৈ আৰু এখোজ আগবাঢ়ি বর্তমান আইআইটি কাউন্সিলে এইবাৰ আধাতে আইআইটি এৰিব খোজ ছাত্ৰ-ছাত্ৰীৰ বাবে চতুর্থ ষান্মাসিকতে দুবছৰীয়া ডিপ্ল’মা প্ৰদানৰ কথা বিবেচনা কৰিছে ।

এইখিনিতে উল্লেখ কৰিব পাৰি যে, দেশৰ আইআইটিসমূহত প্ৰতিবছৰে মানসিক চাপ, পঢ়াৰ বোজা তথা বিভিন্ন কাৰণত যথেষ্ট সংখ্যক ছাত্র-ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা অৱলম্বন কৰে । এই কথা ইতিমধ্যে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ তথ্যত স্পষ্টভাৱে প্ৰকাশ পাইছে । যোৱা অক্টোবৰ মাহত আইআইটি খৰগপুৰত বি টেকৰ এজন ছাত্রক ৰহস্যজনকভাৱে মৃত অৱস্থাত হোষ্টেলৰ পৰা উদ্ধাৰ কৰা হৈছিল । এই সন্দৰ্ভত ছাত্ৰজনৰ পৰিয়ালে আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।

শিক্ষা মন্ত্রণালয়ে এই সন্দৰ্ভত আইআইটি খড়গপুৰৰ পৰা বিস্তৃত তথ্য বিচাৰিছে । একেদৰে যোৱা 16 ছেপ্টেম্বৰ আইআইটি গুৱাহাটীৰ এজন বি টেক চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ লগতে আইআইটি মাদ্রাজৰ এজন চতুৰ্থ বৰ্ষৰ ছাত্ৰ আৰু আইআইটি কাণপুৰৰ এজন পিএইচডি ছাত্ৰই আত্মহত্যা কৰিছিল । পঢ়াৰ চাপ সহ্য কৰিব নোৱাৰিয়েই তেওঁলোকে আত্মহত্যা কৰা বুলি অভিযোগ উঠিছিল । চলিত বৰ্ষৰ জানুৱাৰী মাহত আইআইটি বোম্বেৰ এজন ছাত্ৰয়ো হোষ্টেলৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল ।

যোৱা আগষ্ট মাহত আইআইটি হায়দৰাবাদৰ এজন ছাত্রই চিপ লৈ আত্মহত্যা কৰিছিল । আইআইটিত হৈ থকা এনেবোৰ সঘন আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত গুৱাহাটী আইআইটিৰ এক উচ্চস্তৰীয় সূত্ৰক প্রশ্ন কৰাত তেওঁ কয় যে শৈক্ষিক ষ্টেচ আৰু প্রেমত বিফলতাই বহুতো আইআইটিৰ ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ মূল কাৰণ । আইআইটি ছাত্র-ছাত্রীসকলে নিয়মীয়া শ্ৰেণীৰ লগতে যথেষ্ট পৰিমাণৰ এছাইনমেণ্ট, টেষ্ট আদি দিব লাগে । বহুতে এনে চাপ সহ্য কৰিবলৈ অপাৰগ হয় ।

লগতে পঢ়ক: IIT Guwahati Suicide Case : IIT ৰ D-022 নং কোঠাত আত্মহত্যা অধ্যাপকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.