ETV Bharat / state

উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

author img

By

Published : Jun 22, 2021, 10:40 PM IST

কলা, বাণিজ্য, বিজ্ঞান আৰু কাৰিকৰী শাখাৰ মূল্যায়ন সুকীয়াকৈ কৰা হ'ব । চিবিএছই আৰু আন আন ৰাজ্যৰ মূল্যায়ন পদ্ধতিৰ দৰে অসমৰ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰতো হ'ব মূল্যায়ন । যোগ্যতাৰ ভিত্তিত ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে ।

উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক
উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

গুৱাহাটী, 22 জুন : হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ পাছত ৰাজ্য চৰকাৰে পৰীক্ষাৰ ফলাফল ঘোষণাৰ আৰ্হি প্ৰস্তুতৰ বাবে গঠন কৰিছিল দুখনকৈ উচ্চস্তৰীয় কমিটি । উচ্চতৰ মাধ্যমিক (HS)ৰ মূল্যায়নক লৈ গঠন হোৱা উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক মঙলবাৰে অনুষ্ঠিত হয় । প্ৰাপ্ত তথ্য মতে বৈঠকৰ অন্তত কলা, বাণিজ্য, বিজ্ঞান আৰু কাৰিকৰী শাখাৰ মূল্যায়ন সুকীয়াকৈ কৰা হ'ব বুলি জানিব পৰা গৈছে ।

চিবিএছই (CBSE)আৰু আন আন ৰাজ্যৰ মূল্যায়নৰ পদ্ধতিৰ দৰে অসমৰ উচ্চতৰ মাধ্যমিক (HS)ৰ ক্ষেত্ৰতো হ'ব মূল্যায়ন । এইক্ষেত্ৰত আৰু কিছু আলোচনাৰ প্ৰয়োজন আছে আৰু এতিয়াও কমিটিয়ে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই বুলি জানিব পৰা গৈছে । নিৰ্ধাৰিত সময়ৰ ভিতৰতে দাখিল কৰা হ'ব মূল্যায়নৰ পদ্ধতি আৰু মূল্যায়নৰ আৰ্হি হিচাপে লোৱা হৈছে চিবিএছইৰ প্ৰক্ৰিয়া ।

লগতে পঢ়ক : ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও ভাল নহয় : কেশৱ মহন্ত

যোগ্যতাৰ ভিত্তিত ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে । ছাত্ৰ-ছাত্ৰীসকলে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই । এইক্ষেত্ৰত অভিভাৱকসকলৰো দায়িত্ব আছে । অসামান্য পৰিৱেশৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ।

ছাত্ৰ-ছাত্ৰীৰ অনুকুলে গ্ৰহণ কৰা হ'ব সিদ্ধান্ত । স্থান থাকিব নে নাই এই বিষয়ে এতিয়ালৈ আলোচনা হোৱা নাই বুলি জানিব পৰা গৈছে । পৰীক্ষা বাতিল হোৱা ৰাজ্যৰো আৰ্হি অনুকৰণ কৰা হ'ব । ন্যায়ৰ পৰা বঞ্চিত নহয় ছাত্ৰ-ছাত্ৰীসকল ৷

ৰেংকিং সম্পৰ্কত পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব । দ্বিতীয়খন বৈঠকত সকলো বিষয় আলোচনা কৰা হ'ব বুলি জানিবলৈ দিছে উচ্চস্তৰীয় কমিটিৰ বিষয়ববীয়াই । মেট্ৰিকৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটিৰ বৈঠক বুধবাৰে হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)আৰু হাই মাদ্ৰাছা (High Madrasah) পৰীক্ষাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University)ৰ প্ৰাক্তন উপাচাৰ্য ড৹ অলক বুঢ়াগোঁহাইৰ অধ্যক্ষতাত গঠিত কমিটিখনত সদস্য হিচাপে আছে ছেবা (SEBA)ৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, মাধ্যমিক শিক্ষাৰ উপ-সচিব এছ এন দাস, গুৱাহাটী মহানগৰীৰ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰা, ধুবুৰীৰ কছুখানা হাইস্কুলৰ অধ্যক্ষ ৰঞ্জিত দাম, কোকৰাঝাৰৰ জাৰাগুৰি হাইস্কুলৰ অধ্যক্ষ হাকিম তৰফদাৰ, কামৰূপ একাডেমীৰ অধ্যক্ষ চি বি ৰায়, গোলাঘাটৰ মুহিৰাম হাজৰিকা হাইস্কুলৰ প্ৰধান শিক্ষক মৃণাল খাউণ্ড আৰু ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি ।

আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (HS)ৰ বাবে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত কমিটিখনত সদস্য হিচাপে আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, উচ্চতৰ শিক্ষাৰ যুটীয়া সচিব নিবেদিতা লস্কৰ, বি বৰুৱা কলেজৰ অধ্যক্ষ ড৹ এছ এন বৰ্মন, নগাঁও কলেজৰ অধ্যক্ষ ড৹ এছ বৰকটকী, ধুবুৰী বয়ছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইদ্ৰিছ আলি, শিলচৰৰ নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰতন পাল, ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শক দিপীকা চৌধুৰী আৰু অসম উচ্চতৰ মাধ্যমকি শিক্ষা সংসদৰ সচিব ৰমেশ চন্দ্ৰ চুতীয়া । ইতিমধ্যে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইয়াৰ সকলো বিদ্যালয়, মহাবিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে লাভ কৰা নম্বৰসমূহ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে । কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে লাভ কৰা নম্বৰৰ ওপৰতেই ভিত্তি কৰি প্ৰদান কৰা হ’ব ফলাফল ।

লগতে পঢ়ক : মঙলবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে অম্বুবাচীৰ প্ৰবৃত্তি পৰ্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.