ETV Bharat / state

২৪ ঘণ্টাৰ ভিতৰত জামিন পালে ৰুক্মিনী গাঁও কাণ্ডৰ অভিযুক্ত ৰাজকন্যাই

author img

By

Published : Oct 3, 2021, 10:33 PM IST

কাৰ্ফিউ চলি থকা সময়ত নিশা সুৰাৰ ৰাগীত মাতাল হৈ ৰাজপথত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰা ৰাজকন্যা বৰুৱাই কেনেকৈ পালে জামিন। বৰ্তমান সময়ত এই বিষয়টোক লৈ বিশেষ চৰ্চা হৈছে ।

hit-and-run-bail-for-rajkanya-baruah
সুৰামত্ত হৈ নিশা শ্ৰমিকক খুন্দিয়াই আহত কৰা ৰাজকন্যাই ২৪ ঘণ্টাৰ ভিতৰত পালে জামিন

গুৱাহাটী,৩ অক্টোবৰ : গুৱাহাটীৰ ৰুক্মিনী গাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ৯ জনকৈ শ্ৰমিকক মহতীয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই ২৪ ঘণ্টাৰ ভিতৰত লাভ কৰিলে জামিন । যিটো ঘটনা বিশেষভাৱে চৰ্চালৈ আহিছে । কাৰ্ফিউ চলি থকা সময়ত নিশা সুৰাৰ ৰাগীত মাতাল হৈ ৰাজপথত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰা ৰাজকন্যা বৰুৱাই কেনেকৈ পালে জামিন ? তাক লৈও চলিছে চৰ্চা ৷

অভিযোগ অনুসৰি দিছপুৰ থানাৰ গাফিলতিৰ বাবেই যুৱতীগৰাকীয়ে জামিন লাভ কৰিবলৈ সক্ষম হ'ল । উল্লেখ্য যে, শুকুৰবাৰৰ নিশা প্ৰায় ১.৩০ বজাত পঞ্চতাৰকা হোটেলত পাৰ্টি কৰি ঘৰলৈ উভতাৰ পথত ৰাজকন্যা বৰুৱাই ৰুক্মিণী গাঁৱৰ সমীপত ৰাজপথত কৰ্মৰত হৈ থকা ৯ জনকৈ শ্ৰমিকক মহতীয়াই নিয়ে । এই ভয়ংকৰ দুৰ্ঘটনাত এজন শ্ৰমিকৰ ভৰি ছিঙি দুটুকুৰা হৈছিল ।

ইয়াৰে দুজনৰ অৱস্থা এতিয়াও অতি সংকটজনক। এই ঘটনাটো সংঘটিত কৰাৰ পাছত কোনো ধৰণৰ অনুতপ্ত নোহোৱা যুৱতীগৰাকীয়ে অৱশেষত জামিন লাভ কৰে । জামিন মঞ্জুৰ কৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । উল্লেখ যে অভিযুক্ত ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ 279/338/294/353 ধাৰাৰ অধীনত 3613/2021 নম্বৰ গোচৰ ৰজু হৈছিল । অভিযুক্তৰ হৈ আদালতত যুক্তি দৰ্শাই অধিবক্তা প্ৰাঞ্জল দত্ত আৰু প্ৰসন্নজ্যোতি শইকীয়াই ৷

লগতে পঢ়ক : উপ-ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে গোপীনাথ বৰদলৈ সংহতি-অৱদান বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.