ETV Bharat / state

কি কি আছে চাৰি মাহৰ অন্তৱৰ্তীকালীন বাজেটত

author img

By

Published : Feb 12, 2021, 1:51 PM IST

শুকুৰবাৰে সদনত বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে অন্তৱৰ্তীকালীন বাজেট । আগন্তুক চাৰি মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকাৰ অন্তৱৰ্তীকালীন বাজেট দাখিল মন্ত্ৰী ড৹ শৰ্মাৰ ।

কি কি আছে চাৰি মাহৰ অন্তৱৰ্তীকালীন বাজেটত
কি কি আছে চাৰি মাহৰ অন্তৱৰ্তীকালীন বাজেটত

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: গীতাৰ শ্লোক পাঠেৰে আগন্তুক চাৰি মাহৰ বাবে শুকুৰবাৰে সদনত বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে অন্তৱৰ্তীকালীন বাজেট । আগন্তুক চাৰি মাহৰ লেখানুদান বা অন্তৱৰ্তীকালীন বাজেটখন যে ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰস্তুত কৰা হৈছে তাত কোনো সন্দেহ নাই । আগন্তুক চাৰি মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকাৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে বিত্তমন্ত্ৰী ড৹ শৰ্মাই । আগন্তুক চাৰি মাহত এই ধন ব্যয় কৰা হ'ব ।

বাজেটৰ অন্যতম ঘোষণাসমূহ:-

  • ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যত একেলগে ৯ খন কেঞ্চাৰ হাস্পতাল মুকলি ।
  • পেট্ৰ'ল আৰু ডিজেলৰ মূল্য শুকুৰবাৰৰ মাজনিশাৰ পৰা পাঁচ টকাকৈ হ্ৰাস ।
  • বিলাতী সুৰাৰ ওপৰত আৰোপিত ২৫ শতাংশ ক'ভিড উপ-কৰ শুকুৰবাৰৰ মাজনিশাৰ পৰা প্ৰত্যাহাৰ ।
  • "স্বয়ম" আঁচনিত পূৰ্বৰ ২৫ হাজাৰ টকাৰ পৰিৱৰ্তে আগবঢ়োৱা হ'ব ৫০ হাজাৰ টকাকৈ ।
  • "অৰুণোদয়" আঁচনিৰ ধন তিনি হাজাৰ টকালৈ বৃদ্ধিৰ ঘোষণা ।
  • চলিত বছৰৰ জুনত মুকলি হ'ব "এইমছ" ।
  • ছখন মহানগৰৰ উন্নয়নৰ বাবে ৭১০ কোটি টকা ব্যয়ৰ সিদ্ধান্ত ।
  • ৰাজ্যত সম্পূৰ্ণ হৈ উঠিব আৰু ২,০৪১ খন নতুন দলং ।
  • চাৰি শতাংশ সুদত শিক্ষাৰ্থীলৈ "এড্য়ুকেশ্বন লোন" ।
  • নতুনকৈ আৰু পোন্ধৰ হাজাৰ ছাত্ৰীয়ে পাব স্কুটী ।
  • আগন্তুক তিনি মাহলৈ প্ৰতিটো পৰিয়াললৈ ৩০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ ।
  • ৰাজ্যত ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধিৰ সিদ্ধান্ত ।
  • ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া ইউনিফৰ্মৰ বাবে সাতশ টকাকৈ ।

লগতে পঢ়ক:অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে শৃংখল চলিহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.