ETV Bharat / state

Zubeen Garg health update : জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী কেশৱ মহন্তই

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 8:17 PM IST

Health Minister Keshab Mahanta
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

শনিবাৰে নেমকেয়াৰ হাস্পতালত উপস্থিত হৈ জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । সকলো ঠিকে থাকিলে কাইলৈ ঘৰলৈ যাব দিয়া হ'ব শিল্পীগৰাকীক ।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

গুৱাহাটী, ১১ নৱেম্বৰঃ নেমকেয়াৰ হাস্পতালত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লয় । বিগত কেইবাদিনো ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ । কণ্ঠশিল্পীগৰাকীক সাক্ষাৎ কৰি মন্ত্ৰী কেশৱ মহন্তই কয়,"জুবিনৰ কিছু জিৰণিৰ প্ৰয়োজন আছে । হয়তো কাইলৈ ঘৰলৈ যাবলৈ দিব জুবিন গাৰ্গক । বৰ্তমান আইচিইউৰ পৰা উলিয়াই দিয়া হৈছে জুবিন গাৰ্গক ।" কামৰ বোজা বেছি হোৱা বাবে দুৰ্বল হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে সকলো পৰীক্ষা-নিৰীক্ষা কৰা ৰিপ'ৰ্টবোৰ ঠিকেই আছে ।

কেইবাটাও বিভাগৰ অভিজ্ঞ চিকিৎসকে চোৱা চিতা কৰিছে বুলি মন্তব্য় কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয়,"আজিৰ দিনটোত জুবিন গাৰ্গ সকলো ফালৰ পৰা মুক্ত । তেওঁক যিখিনি পৰামৰ্শ দিব লাগে ডাক্তৰে সকলোখিনি পৰামৰ্শ দিছে ।" স্বাস্থ্য মন্ত্ৰীৰ লগত আজি কথাও পাতিলে জুবিন গাৰ্গে । উন্নত চিকিৎসাৰ বাবে জুবিন বৰ্তমান বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য় কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । প্ৰয়োজনত জুবিন গাৰ্গক গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ অভিজ্ঞ চিকিৎসকে নেমকেয়াৰ হাস্পাতালত চিকিৎসা কৰিব বুলিও মন্তব্য কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।

ইফালে ,জুবিন গাৰ্গৰ বৰ্তমানৰ স্বাস্থ্য সম্পর্কে মন্তব্য কৰি নেমকেয়াৰ হাস্পাতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই কয়," জুবিন গাৰ্গক কালি কেবিনলৈ অনা হয় । ৫ জনীয়া এটা বিশেষজ্ঞৰ দলে জুবিন গাৰ্গৰ চিকিৎসা কৰি আছে । আজিৰ দিনটোত তেওঁ সম্পূৰ্ণৰূপে সুস্থ । আজি কেইটামান পৰীক্ষা কৰা হৈছে ।" পৰীক্ষাৰ ৰিপৰ্ট যদি ঠিকেই আহে তেন্তে তেওঁক কাইলৈ ঘৰলৈ যাব দিয়া হ'ব বুলি মন্তব্য় কৰি কয় যে তেওঁক কিছুদিন জিৰণিৰ প্ৰয়োজন হৈছে ।

লগতে পঢ়ক:Moinaporia Namghar : ঐতিহাসিক মইনাপৰীয়া নামঘৰত উপস্থিত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.