ETV Bharat / state

অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ

author img

By

Published : Jun 9, 2022, 9:56 PM IST

পাণ্ডু-কামাখ্যাৰ দুখন চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ । বুজ ল'লে অম্বুবাচী মেলাৰ বাবে বিভাগীয় প্ৰস্তুতিৰ । ভক্ত-দৰ্শনাৰ্থীৰ বাবে দিনে-নিশাই থাকিব চিকিৎসক । আগবঢ়োৱা হ'ব বিনামূলীয়া ঔষধ ।

অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ
অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ

গুৱাহাটী, ৯ জুন: শক্তিপীঠ কামাখ্যা ধামত ২১ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । মেলাৰ সময়ছোৱাত সমবেত হ'ব লগা দেশী-বিদেশী ভক্ত-দৰ্শনাৰ্থীসকলৰ জৰুৰী চিকিৎসা প্ৰয়োজনীয়তাৰ দিশটো তদাৰক কৰাৰ লগতে তেওঁলোকলৈ নিৰন্তৰ চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।

অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ
অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ

ক'ভিডৰ বাবে বিগত দুটা বছৰ বন্ধ থকাৰ পাছত এইবাৰ অনুষ্ঠিত কৰিবলৈ লোৱা অম্বুবাচী মেলাৰ বাবে স্বাস্থ্য বিভাগৰ আগতীয়া প্ৰস্তুতিৰ বুজ ল'বলৈ আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কামাখ্যা মন্দিৰৰ কাষৰীয়া দুখন চৰকাৰী চিকিৎসালয় পৰিদৰ্শন কৰি আন্তঃগাঠনি পৰ্যালোচনা কৰে (Health minister Keshab Mahanta visited Kamakhya) । বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যক লগত লৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে উপস্থিত হয়গৈ পাণ্ডু প্ৰথম প্ৰেৰক গোট (ফাৰ্ষ্ট ৰেফাৰেল ইউনিট) আৰু কামাখ্যা ৰাজ্যিক চিকিৎসালয়ত ।

অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ
অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ

কামাখ্যা ধামৰ সমীপৱৰ্তী দুয়োখন চিকিৎসালয়তে সদ্যহতে উপলব্ধ সা-সুবিধাসমূহৰ বুজ লোৱাৰ লগতে স্বাস্থ্যমন্ত্ৰী মহন্তই চিকিৎসালয় দুখনৰ তত্বাৱধানৰ দায়িত্বত থকা চিকিৎসা বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ মেলাৰ সময়ছোৱাৰ বাবে চিকিৎসক-স্বাস্থ্যকৰ্মী আৰু সা-সুবিধাৰ অতিৰিক্ত প্ৰয়োজনীয়তাৰ দিশটো পৰ্যালোচনা কৰে । উল্লেখ্য যে দুবছৰৰ বিৰতিত এইবাৰ ২২ জুনৰ পৰা ২৬ জুনলৈ মা কামাখ্যা মন্দিৰৰ পৱিত্ৰ ধামত অম্বুবাচী মেলা পূৰ্বৰ দৰেই সম্পূৰ্ণ সুচাৰু ৰূপে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰীক্ষণত ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিশেষ উদ্যোগ লোৱা হৈছে ।

অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ
অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি স্বাস্থ্য বিভাগেও মেলালৈ আহিব লগা ভক্ত তথা দৰ্শনাৰ্থীসকলৰ বাবে জৰুৰী চিকিৎসা সেৱাৰ লগতে বিনামূলীয়া ঔষধো যোগান ধৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ সংলগ্ন পাণ্ডু এফ আৰ ইউ আৰু কামাখ্যা ৰাজ্যিক চিকিৎসালয়ক অম্বুবাচী মেলাৰ বাবে 'বেছ হস্পিতাল' ৰূপে সাজু কৰি অতিৰিক্ত চিকিৎসক-স্বাস্থ্যকৰ্মী আদি উপলব্ধ কৰোৱাৰ লগতে ভক্ত-দৰ্শনাৰ্থীৰ বাবে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে স্থাপন কৰিব লগা প্ৰতিটো শিবিৰতো দিনে-নিশাই প্ৰাথমিক চিকিৎসা সেৱা আগবঢ়াব পৰাকৈ অভিজ্ঞ চিকিৎসক-স্বাস্থ্যকৰ্মী-ফাৰ্মাচিষ্টৰ দল নিয়োজিত কৰাৰ ব্যৱস্থা কৰা হৈছে (Medical team ready for service to pilgrims)। তদুপৰি সামগ্ৰিকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়তো পৰ্যাপ্ত সংখ্যক বিচনাৰে এটা ব্লক অম্বুবাচী মেলাৰ ভক্ত-দৰ্শনাৰ্থীৰ চিকিৎসাৰ বাবে সকলো সময়তে উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: 16গৰাকীকৈ শিক্ষকে উত্তীৰ্ণ কৰাব নোৱাৰিলে একমাত্ৰ শিক্ষাৰ্থীগৰাকীকো

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.