ETV Bharat / state

Health conclave: গুৱাহাটীত বিশ্ব বেংকৰ উদ্যোগত দুদিনীয়া স্বাস্থ্য সন্মিলন

author img

By

Published : Jun 15, 2023, 9:39 PM IST

Health conclave in Guwahati
গুৱাহাটীত বিশ্ব বেংকৰ উদ্যোগত দুদিনীয়া স্বাস্থ্য সন্মিলন

গুৱাহাটীত বিশ্ব বেংকৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক দুদিনীয়া স্বাস্থ্য সন্মিলন ৷ অসমত স্বাস্থ্যখণ্ডৰ দ্ৰুত উন্নয়নত ৰাজ্য চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে বুলি মন্তব্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

গুৱাহাটী, ১৫ জুন : উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডক লৈ বিশ্ব বেংকৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ স্বাস্থ্য সন্মিলন আৰম্ভ কৰা হৈছে। মহানগৰীৰ তাজ ভিভান্টা হোটেলত দুদিনীয়াকৈ আয়োজিত হৈছে 'টুগেদাৰ ফ'ৰ বেটাৰ হেল্থ : নৰ্থইষ্ট ন'লেজ কনক্লেভ ফ'ৰ হেল্থ' শীৰ্ষক আঞ্চলিক স্বাস্থ্য সন্মিলনখন ৷

বৃহস্পতিবাৰে আয়োজিত উদ্বোধনী অনুষ্ঠানত অসম আৰু নগালেণ্ডৰ স্বাস্থ্যমন্ত্ৰীদ্বয় কেশৱ মহন্ত আৰু পাইৱাং কন্যাক, বিশ্ব বেংকৰ ভাৰতস্থিত কাৰ্যালয়ৰ সঞ্চালক ড৹ অউগ'ষ্ট তনু কুৱামে আৰু দক্ষিণ এছিয়াৰ অনুশীলন প্ৰৱন্ধক টিনা হ'কেও অংশগ্ৰহণ কৰে।

বিশ্ব বেংকৰ ভাৰতীয় কাৰ্যালয়ৰ জ্যেষ্ঠ সঞ্চালন বিষয়া ড৹ অমৃত নাগৰাজ, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, আয়ুক্ত সচিব ড৹ সিদ্ধাৰ্থ সিং, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা, এনএইচএম অসমৰ সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ নীলমাধৱ দাসৰ লগতে নাগালেণ্ড, মেঘালয় আৰু মিজোৰাম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব-আয়ুক্ত সচিবসহ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু বিশ্ববেংকৰ ভাৰতস্থিত কাৰ্যালয়ৰ শীৰ্ষ বিষয়াবৰ্গও অনুষ্ঠানত উপস্থিত থাকে।

উদ্বোধনী অনুষ্ঠানত অন্যতম মূল বক্তা হিচাপে ভাগ লৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অসমত স্বাস্থ্যখণ্ডৰ বিকাশৰ দিশত ৰাজ্য চৰকাৰে অব্যাহত ৰখা মহত্বপূৰ্ণ প্ৰয়াসৰ লগতে একাধিক বিশেষ সফলতাৰ বিষয়েও উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ৰাজ্যবাসীৰ বাবে গুণগত আৰু অত্যাধুনিক চিকিৎসা সেৱা সুলভ কৰিব পৰাকৈ অসমত স্বাস্থ্য আন্তঃগাথঁনিৰ দ্ৰুত উন্নয়নৰ সমান্তৰালকৈ চিকিৎসা শিক্ষা আন্তঃগাথঁনিৰো ব্যাপক সম্প্ৰসাৰণত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰে।

গ্ৰামাঞ্চলতো বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে অত্যাধুনিক তথা জৰুৰী চিকিৎসা সেৱা উপলব্ধ কৰিবলৈ চলিত বৰ্ষৰ ভিতৰতে এশখন এফ আৰ ইউ কাৰ্যক্ষম কৰি তোলা, বিগত দুটা বছৰত ৰাজ্যত পাঁচখনকৈ নতুন চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভণিৰ লগতে আগন্তুক পাঁচ বছৰত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২৪ খনলৈ বৃদ্ধিৰ লক্ষ্য, কৰ্কট ৰোগীসকলৰ বাবে অসমতে বিশ্বমানৰ অত্যাধুনিক চিকিৎসা সেৱা উপলব্ধ কৰিবলৈ লোৱা ব্যৱস্থা আদিৰ বিষয়ে মন্ত্ৰী মহন্তই উল্লেখ কৰে ৷

তদুপৰি, ৰাজ্যখনত চৰকাৰী চিকিৎসালয়সমূহত আন্তঃগাথঁনি আৰু সেৱাৰ মান উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে দেশৰ ভিতৰতে প্ৰথমবাৰলৈ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰাৰ বিষয়ে অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই বিশ্ব বেংকৰ শীৰ্ষ বিষয়াবৰ্গ আৰু আন ৰাজ্যৰ মন্ত্ৰী-বিষয়াসকলৰ আগত প্ৰকাশ কৰে।

লগতে পঢ়ক: Maha Jan Sampark Abhiyan: বামপন্থী দলসমূহ ৰাষ্ট্ৰ বিৰোধী; জয়ন্তমল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.