সমস্যাৰে জৰ্জৰিত মহানগৰীৰ হৰিজন সম্প্ৰদায়ৰ লোকসকল...

author img

By

Published : Sep 19, 2021, 3:40 PM IST

harijan-community-people-of-guwahati-are-suffering-from-various-problems

গুৱাহাটী মহানগৰীৰ ফটাশিলত থকা গুৱাহাটী পৌৰনিগম(GMC)ৰ পুৰণি হৰিজন(Harijan) ক’লনীৰ দুৰাৱস্থা ৷ চৰকাৰী প্ৰতিশ্ৰুতি আজিলৈকে ফলপ্ৰসু হৈ নুঠিল ক’লনীটোত ৷ জৰাজীৰ্ণ আৱাস গৃহ, খোৱাপানীৰ সমস্যা, শৌচালয়ৰ অভাৱ, নলা-নৰ্দমাৰ অভাৱকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত ক’লনীটোৰ আৱাসীসকলে যেন যুঁজ দি আছে জীৱন-মৰণৰ সৈতে ৷

গুৱাহাটী, 19 ছেপ্তেম্বৰ : বহু চৰকাৰী প্ৰকল্প আহিল, বহু ৰাজহুৱা পুঁজি খৰচ হ’ল, কিন্তু পাব লগীয়া সুবিধাকণৰ পৰা আজিও বঞ্চিত হৈ থাকিল গুৱাহাটী মহানগৰীৰ হৰিজন সম্প্ৰদায়(Harijan Community)ৰ লোকসকল । বছৰ বছৰ ধৰি নিজ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে এই সম্প্ৰদায়ৰ লোকসকল ।

সমস্যাৰে জৰ্জৰিত মহানগৰীৰ হৰিজন সম্প্ৰদায়

তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আদিও কানসাৰ নাই জনপ্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগৰ । নিৰ্বাচনৰ সময়তহে সম্প্ৰদায়টোৰ ক’লনীলৈ মনত পৰে জনপ্ৰতিনিধিৰ । এই অভিযোগ উত্থাপন কৰিছে দুৰ্বিসহ জীৱন কটোৱা খোদ হৰিজন সম্প্ৰদায়ৰ লোকসকলে ৷ মহানগৰীৰ ফটাশিলত থকা গুৱাহাটী পৌৰনিগম(GMC)ৰ পুৰণি হৰিজন ক’লনীৰ অৱস্থা একেবাৰেই শোচনীয় ।

জৰাজীৰ্ণ আৱাস গৃহ, খোৱাপানীৰ সমস্যা, শৌচালয়ৰ অভাৱ, নলা-নৰ্দমাৰ অভাৱকে ধৰি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এইসকল লোক । ক’লনীটোৰ সমস্যা সম্পৰ্কে ক’লনীটোৰ বাসিন্দা আৰ এন প্ৰসাদে কয় যে, ক’লনীটোত জি এম চিৰ কৰ্মচাৰীসকলৰ বাবে 4 টা বিল্ডিং নিৰ্মাণ কৰা হৈছিল ।

উল্লেখ্য যে, প্ৰায় 500 টা পৰিয়াল বাস কৰে এই ক’লনীটোত । বিল্ডিংসমূহ আওপুৰণি হোৱাৰ বাবে যি কোনো মূহুৰ্ততে খহি পৰাৰ সম্ভাৱনাই দেখা দিছে । বিল্ডিংকেইটা জৰাজীৰ্ণ হোৱাৰ বাবে 1992 চনতে ঘৰসমূহ খালী কৰি দিবলৈ জি এম চিয়ে নিৰ্দেশ দিছিল ৷ কিন্তু ইয়াৰ বিকল্প স্থান নিদিয়াৰ বাবে ভয়-শংকাৰ মাজেৰেই জৰাজীৰ্ণ ঘৰসমূহত বাস কৰিবলগীয়া হৈছে আৱাসীসকল ।

ক’লনীটোৰ আৱাসগৃহৰ চাদ খহি ইতিমধ্যে এগৰাকী কিশোৰীৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিশেষভাৱে সক্ষম আন এজন লোক । আনহাতে, বিগত বৰ্ষতো আন এখন চাদ খহি পৰে যদিও সৌভাগ্যক্ৰমে কোনো লোক হতাহত নহয় । ইফালে ক’লনীটোত খোৱাপানীৰ অভাৱ হৈছে আন এক সমস্যা ৷

পূৰ্বতে জি এম চিয়ে পানী যোগান ধৰিছিল যদিও পানীৰ পাইপ বেয়া হোৱাৰ ফলত প্ৰায় 8 বছৰ ধৰি জি এম চিৰ পানী বন্ধ হৈ আছে । আৱাসিকসকলৰ উদ্যোগত আৰু এক বেচৰকাৰী সংস্থাৰ সহযোগত ক’লনীত পানীৰ ব’ৰিঙৰ ব্যৱস্থা কৰিছে ৷ কিন্তু পানীত যথেষ্ঠ পৰিমাণে আয়ৰণ থকাৰ বাবে সেই পানী খোৱাৰ বাবে উপযোগী নহয় ।

ক’লনীটোত থকা মুঠ 6 টা শৌচালয়ৰ 4 টাই বেয়া হৈ আছে ৷ যাৰ ফলস্বৰূপে বাকী থকা দুটা শৌচালয়ত পুৱা 4 বজাৰে পৰা আৱাসিকসকলে শাৰী পাতিবলগীয়া হয় । তদুপৰি নলা-নৰ্দমাৰ অভাৱৰ ফলত এজাক বৰষুণতে ক’লনীটো কৃত্ৰিম বানৰ সৃষ্টি হয় ।

JNNURM নামৰ আঁচনিখনৰ অধীনত ফটাশিলত 1104 টা গৃহ নিৰ্মাণ কৰাৰ বাবে জি এম চিয়ে কাম আৰম্ভ কৰে যদিও 2013-14 চনত জি এম চি নিউ কলনীত 353 টাহে আৱাসগৃহ সম্পূৰ্ণ হয় । বাকী ঘৰসমূহৰ নিৰ্মাণ কাৰ্য আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল । নিউ ক’লনীত বৰ্তমান 24 টা ঘৰ খালী আছে ।

সেই ঘৰসমূহ শীঘ্ৰেই আৱাসী থকাৰ উপযোগী কৰিব দিব লাগে বুলি হৰিজনসকলে দাবী কৰে । ক’লনীটোৰ সমস্যা সম্পৰ্কে বাৰম্বাৰ জি এম চি, জনপ্ৰতিনিধিক অৱগত কৰা হৈছে যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । নিৰ্বাচনৰ পূৰ্বে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই(Ramendra Narayan Kalita) ক’লনীটোলৈ গৈ নিৰ্বাচনত জয়ী হ’লে সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷

নিৰ্বাচন পাৰ হোৱাৰ অতদিন পাচতো বিধায়কগৰাকীৰ আশ্বাস কাৰ্যকৰী নহ’ল ৷ আনকি এতিয়ালৈকে কোনো খা-খবৰো লোৱা নাই । সেয়েহে ক’লনীৰ আৱাসীসকলে আৱাসগৃহ নিৰ্মাণ, শৌচালয়ৰ সমস্যা সমাধান আৰু ফিল্টাৰ পানীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক কাতৰ আহ্বান জনাইছে ।

অৱশ্যে শেহতীয়াকৈ বিভাগীয় মন্ত্ৰী অশোক সিংঘাল(Ashok Singhal) আৰু জি এম চিৰ আয়ুক্তই পুৰণি ক’লনীৰ ঘৰসমূহ পৰিদৰ্শন কৰে ৷ হৰিজনসকলৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰা হ’ব বুলি মন্ত্ৰী সিংঘালে প্ৰতিশ্ৰুতি দিছে যদিও তেওঁৰ প্ৰতিশ্ৰুতি কিমান ফলপ্ৰসূ হ’ব, সেয়া সময়েহে উনুকিয়াব ৷

লগতে পঢ়ক: অভিশপ্ত বাঘজান কাণ্ডৰ পাছতো শিক্ষা নহ'ল নেকি অইল ইণ্ডিয়া লিমিটেডৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.