ETV Bharat / state

Liquor sell in Assam: অভিলেখ সৃষ্টি কৰি গুৱাহাটীত এদিনতে ৮.৪০ কোটি টকাৰ সুৰা বিক্ৰী

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 3:30 PM IST

Liquor sell in Assam
Liquor sell in Assam

গুৱাহাটী মহানগৰীয়ে পূৰ্বৰ নিজৰ অভিলেখ ভংগ কৰি গঢ়িলে নতুন অভিলেখ । পূৰ্বৰ ৬ কোটিৰ ঠাইত এইবাৰ ৮ কোটি টকাৰ সুৰা বিক্ৰী হ'ল বিশ্বকৰ্মা পূজাত । ৰাজ্যজুৰি বিক্ৰী হ'ল ১৮ কোটি টকাৰ সুৰা ।

গুৱাহাটী,২০ ছেপ্টেম্বৰ: সুৰা বিক্ৰীৰ ক্ষেত্রত নতুন অভিলেখ সৃষ্টি কৰিলে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীয়ে । পূৰ্বৰ নিজৰ অভিলেখ ভংগ কৰি গঢ়িলে নতুন অভিলেখ । পূৰ্বৰ ৬ কোটিৰ ঠাইত এইবাৰ বিক্ৰী হ'ল ৮ কোটি টকাৰ সুৰা ।

এক কথাত এইবাৰো বিশ্বকৰ্মা পূজাত অসমৰ অৰ্থনীতি মজবুত কৰাত বৃহৎ যোগদান দিলে সুৰাপায়ীসকলে । বিশ্বকৰ্মা পূজাৰ দিনটোত অৰ্থাৎ সোমবাৰে গুৱাহাটী মহানগৰীতে বিক্ৰী হ'ল মুঠ ৮.৪০ কোটি টকাৰ সুৰা । ২০২২ বৰ্ষত এই পৰিমাণ আছিল ৬.২০ কোটি টকা ।

আনহাতে ২০২১ বৰ্ষত এই পৰিমাণ আছিল ৩.৭০ কোটি টকা । অৰ্থাৎ প্ৰত্যেক বছৰেই বিক্ৰীৰ হাৰ বৃদ্ধি হৈছে । অৱশ্যে সুৰা বিক্ৰীৰ এই বৃদ্ধি ভাল নে বেয়া সেয়া ৰাইজে বিচাৰ কৰিব । পূজাৰ নামত এটা দিনতো এইদৰে সুৰা ক্ৰয়ৰে একপ্ৰকাৰ অভিলেখ গঢ়িলে গুৱাহাটীৰ সুৰাপায়ীসকলে ।

নৱবৰ্ষ, দুৰ্গা পূজা, কালীপূজা, বিশ্বকৰ্মা পূজা, ফাকুৱা, বিহু আদি বিভিন্ন উৎসৱ-পাৰ্বনত নতুন নতুন অভিলেখ গঢ়ি সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে । উল্লেখ্য যে বিশ্বকর্মা পূজাৰ দিনা ৰাজ্যত বিক্ৰী হয় ১৮ কোটি টকাৰ বিদেশী সুৰা ৷ ইয়াৰে ৮ কোটি টকাৰ সুৰা বিক্ৰী হয় গুৱাহাটী মহানগৰীত ।

লক্ষণীয় বিষয় যে সুৰাৰ যোগেদি বুজন পৰিমাণৰ ৰাজহ লাভ কৰাৰ বাবেই অসম চৰকাৰে আৰু অধিক সুৰাৰ বিপণি খোলাৰ বাবে তৎপৰ হৈ পৰিছে । আবকাৰী বিভাগৰ তথ্য মতে অসমত বৰ্তমান ১,৬৮৪খন বিলাতী সুৰাৰ দোকান থকাৰ উপৰি ৮৯৬খন বাৰ আৰু ৪৮৬খন দেশীয় সুৰাৰ দোকান আছে ।

চৰকাৰী তথ্য মতে চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচটা মাহতে অসমত আবকাৰী ৰাজহ সংগ্ৰহ হৈছে ১,৭১৮.৭৫ কোটি টকা । উল্লেখ্য যে অসমত দৈনিক গড়ে ১০.৮৬ কোটি টকাৰ আবকাৰী ৰাজহ সংগ্রহ হয় ।

সুৰাৰ পৰাই বছৰি প্ৰায় চাৰি হাজাৰ কোটি টকাৰ ৰাজহ সংগ্ৰহ হয় । এক কথাত ক'বলৈ গ'লে অসমৰ অৰ্থনীতিত সুৰাপায়ীসকলৰ বিশেষ ভূমিকা আছে । আনহাতে এই ভূমিকাৰ বাবেই চৰকাৰে নতুন নতুন সুৰাৰ বিপণি খোলাৰ প্ৰস্তুতি চলাইছে ।

লগতে পঢ়ক: Atmanirbharshil Asom Abhiyan: ৰাজ্যৰ দুই লাখ নিবনুৱালৈ আগবঢ়োৱা হ'ব দুই লাখ টকাৰ আৰ্থিক অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.