ETV Bharat / state

দীপাৱলীৰ পাছত প্ৰদূষিত গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল

author img

By

Published : Nov 6, 2021, 1:53 PM IST

Diwali
দীপাৱলীৰ পাছত প্ৰদূষিত গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল

আতচবাজীৰ অভাৱনীয় ব্যৱহাৰৰ ফলত মহানগৰীৰ বায়ুমণ্ডলৰ মান সূচাংক মজলীয়াৰ পৰা নিম্নমানলৈ গতি কৰিছে । শুকুৰবাৰে গুৱাহাটীত বায়ুমণ্ডলৰ মান সূচাংক ২৪০ লৈ বৃদ্ধি পায় । এই মান দুগুণলৈ বৃদ্ধি পােৱাত গুৱাহাটীৰ এয়াৰ কোৱালিটি ইনডেক্স মজলীয়াৰ পৰা নিম্নমানলৈ গতি কৰে । ৰাজ্যজুৰি প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা উলংঘা ।

গুৱাহাটী, ৬ নৱেম্বৰ : ক'ভিড 19 (Covid 19) পৰিস্থিতিৰ মাজতে ৰাজ্যজুৰি ব্যাপক উৎসাহ-উদ্দীপনাৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হয় । প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ (Pollution Control Board) নীতি-নিৰ্দেশনা উলংঘা কৰি নিশা বহু পৰলৈকে আতচবাজীৰে মুখৰ হৈ থাকে ৰাজ্য । বিশেষকৈ গুৱাহাটী মহানগৰীত ব্যাপক হাৰত ফটকা-আতচবাজী জ্বলোৱা হয় । কিন্তু এই উৎসাহ-উদ্দীপনাৰ বাবে এতিয়া কু-ফল ভূগিবলগা হৈছে সমগ্র গুৱাহাটীবাসীয়ে ।

মাত্র এটা নিশাতে গুৱাহাটীৰ বায়ুমণ্ডলৰ প্ৰদূষণৰ মাত্ৰা দুগুণলৈ বৃদ্ধি পাইছে । এক কথাত ক'বলৈ গ'লে দীপাৱলীত ফটকা আতচবাজীৰ অভাৱনীয় ব্যৱহাৰৰ ফলত মহানগৰীৰ বায়ুমণ্ডলৰ মান সূচাংক (AQI) মজলীয়াৰ পৰা নিম্নমানলৈ গতি কৰিছে । কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ ব'র্ডৰ (Central Pollution Control Board) তথ্য অনুসৰি দীপাৱলীৰ প্ৰাকমূহুর্তত অর্থাৎ বৃহস্পতিবাৰে গুৱাহাটীৰ বায়ুমণ্ডলৰ মান সূচাংক (AQI) আছিল ১১০ ।

Diwali
দীপাৱলীৰ পাছত প্ৰদূষিত গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল

কিন্তু ফটকা, আতচবাজীৰ দৰে ৰাসায়নিক পদার্থ মিহলি বিস্ফোৰক সামগ্ৰী জ্বলােৱাৰ পাছতেই গুৱাহাটীৰ বায়ুমণ্ডলত ছালফাৰডাই অক্সাইড (SO₂), নাইট্র'জেন ডাই অক্সাইড (NO₂) আৰু ভাসমান কণা ব্যাপক মাত্রাত বৃদ্ধি পায় । প্ৰদূষণ নিয়ন্ত্রণ ব'র্ডৰ তথ্য মতে, শুকুৰবাৰে গুৱাহাটীত বায়ুমণ্ডলৰ মান সূচাংক (AQI) ২৪০ লৈ বৃদ্ধি পায় । এই মান দুগুণলৈ বৃদ্ধি পােৱাত গুৱাহাটীৰ এয়াৰ কোৱালিটি ইনডেক্স (Air Quality Index) মজলীয়াৰ পৰা নিম্নমানলৈ গতি কৰে ।

Diwali
দীপাৱলীৰ পাছত প্ৰদূষিত গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল

উল্লেখ্য যে, বায়ুমণ্ডলৰ মান সূচাংক শূন্যৰ পৰা ৫০ ৰ ভিতৰত থাকিলে ‘ভাল’ হিচাপে ধৰা হয় । ৫১ ৰ পৰা ১০০ ভিতৰত থাকিলে ‘সন্তোষজনক' হিচাপে বিবেচিত হয় । আনহাতে, বায়ুমণ্ডলৰ মান সূচাংক ১০১ ৰ পৰা ২০০ ভিতৰত হ'লে 'মডাৰেট’ অর্থাৎ মজলীয়া হিচাপে ধৰা হয় । কিন্তু এই মান ২০১ ৰ পৰা ৩০০ ৰ ভিতৰত স্পর্শ কৰিলে নিম্নমানৰ হিচাপে ধৰা হয় আৰু ৩০১ ৰ পৰা ৪০০ ৰ মাজত থাকিলে ‘অতি নিম্নমান'ৰ বুলি অভিহিত কৰা হয় ।

লক্ষণীয় বিষয় যে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ (National Green Tribunal) আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে সেউজ দীপাৱলী (Green Diwali) পালনৰ লগতে নিশা ৮ টাৰ পৰা ১০ বজালৈ দুঘণ্টাৰ বাবেহে ‘গ্রীণ ক্ৰেকাৰ্ছ' (Green crackers) ব্যৱহাৰ কৰাৰ নির্দেশনা জাৰি কৰিছিল । কিন্তু বাস্তৱত প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ সেই নির্দেশনা উলংঘন কৰি গুৱাহাটীৰ লগতে ৰাজ্যৰ সকলাে চহৰতে মাজনিশালৈ ফটকা জ্বলোৱা হয় ।

Diwali
দীপাৱলীৰ পাছত প্ৰদূষিত গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল

স্বাভাৱিকতেই আতচবাজীৰ অবাধ ব্যৱহাৰৰ বাবে গুৱাহাটীৰ বায়ুমণ্ডলত প্ৰদূষণৰ মাত্রা দুগুণলৈ বৃদ্ধি পালে । বায়ু প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ লগতে ছালৰ বিভিন্ন ৰোগৰ লগতে মানৱ শৰীৰত নানান সমস্যাই দেখা দিব পাৰে ।

লগতে পঢ়ক : ১৫ নবেম্বৰ তাৰিখৰ পৰা পুনৰ ৰাজ্য জুৰি হ’ব মেগা ভেকচিনেচন : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.