ETV Bharat / state

Corporation seals Maa Kali Hotel: গুৱাহাটী পৌৰ নিগমে ছীল কৰিলে প্ৰসিদ্ধ মা কালী হোটেল

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 5:12 PM IST

Updated : Sep 28, 2023, 9:41 PM IST

গুৱাহাটীৰ পল্টন বজাৰস্থিত অতি পুৰণি আৰু খাদ্যৰসিকৰ বাবে বিশেষভাৱে জনপ্ৰিয় মা কালী হোটেলত প্ৰশাসনে ওলমালে তলা ৷ অতি জনপ্ৰিয় হোটেলখনত কিছুদিন পূৰ্বে পৰিৱেশন কৰা খাদ্য গ্ৰহণৰ সময়ত খাদ্যত এটা জেঠী প্ৰত্যক্ষ কৰে এজন গ্ৰাহকে । গ্ৰাহকজনৰ অভিযোগৰ ভিত্তিত প্ৰশাসনৰ লোকে আজি অভিযান চলাই ছীল কৰে হোটেলখন ৷

Corporation seals Maa Kali Hotel
গুৱাহাটী পৌৰ নিগমে ছীল কৰিলে প্ৰসিদ্ধ মা কালী হোটেল

গুৱাহাটী পৌৰ নিগমে ছীল কৰিলে প্ৰসিদ্ধ মা কালী হোটেল

গুৱাহাটী,২৮ ছেপ্টেম্বৰ: অৱশেষত ছীল কৰা হ'ল গুৱাহাটীৰ পল্টন বজাৰস্থিত অতি পুৰণি আৰু খাদ্যৰসিকৰ বাবে বিশেষভাৱে জনপ্ৰিয় মা কালী হোটেল । গ্ৰাহকৰ অভিযোগৰ ভিত্তিত অভিযান চলাই বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমে বিখ্যাত হোটেলখন অনিৰ্দ্দিষ্ট কালৰ বাবে ছীল কৰি দিয়ে । উল্লেখ্য যে, ২৫ ছেপ্টেম্বৰ সোমবাৰে নিশা পল্টন বজাৰস্থিত মা কালী হোটেলত শিলচৰৰ এজন যুৱক খাদ্য গ্ৰহণৰ বাবে উপস্থিত হয় ।

যুৱকজনে অৰ্ডাৰ কৰা মতে খাদ্য পৰিৱেশন কৰা হয় যদিও খাদ্য গ্ৰহণৰ সময়ত খাদ্যত এটা জেঠী প্ৰত্যক্ষ কৰে যুৱকজনে । লগে লগে খাদ্য এৰি যুৱকজনে বিষয়টো হোটেল কৰ্তৃপক্ষক অৱগত কৰে । কিন্তু হোটেলৰ কৰ্মচাৰী আৰু পৰিচালকে নিজৰ ভুল স্বীকাৰ কৰাৰ বিপৰীতে ঘটনাটো গাপ দিয়াৰ বাবে যুৱকজনৰ সৈতে তৰ্কত লিপ্ত হয় । যাক লৈ সোমবাৰে নিশা হোটেলখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পাচত যুৱকজনে বিষয়টো সন্দৰ্ভত পল্টন বজাৰ আৰক্ষীৰ কাষ চাপে ।

যুৱকজনৰ অভিযোগৰ ভিত্তিত পল্টন বজাৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে । যুৱকজনৰ সেই অভিযোগৰ ভিত্তিতেই বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমে মা কালী হোটেলত অভিযান চলায় । অভিযানকালত পৌৰ নিগমৰ অভিযানকাৰী দলে হোটেলখনৰ পৰিৱেশ-পৰিস্থিতি দেখি ছীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । দণ্ডাধীশৰ উপস্থিতিত গুৱাহাটী পৌৰ নিগমে অভিযান চলাই অনিৰ্দ্দিষ্ট কালৰ বাবে হোটেলখন ছীল কৰি দিয়ে । অভিযানকালত অতি অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত হোটেলখনত খাদ্য প্ৰস্তুত কৰাৰ বিষয়টো পোহৰলৈ আহে ।

পৌৰ নিগমৰ অভিযানকাৰী দলে জনাই যে হোটেলখনৰ পৰিৱেশ অতিকৈ লেতেৰা । খাদ্য প্ৰস্তুত কৰা পাকঘৰতে একেলগে শৌচাগাৰ আৰু স্নানাগাৰ আছে । আনহাতে হোটেলখনত মানি চলিবলগীয়া চৰকাৰী বহু নিয়মেই উলংঘা কৰা হৈছে । উল্লেখ্য যে, প্ৰতিদিনেই শ শ গ্ৰাহকেৰে ঠাহ খাই থাকে মা কালী হোটেল । জনপ্ৰিয় হোটেলখনত আহাৰ গ্ৰহণ কৰিবলৈ ভিৰ কৰে বহু লোকে । দুপৰীয়াৰ লগতে নিশালৈকে হোটেলখনত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় ।

লগতে পঢ়ক: CM on Paramilitary forces to be withdrawn: এপ্ৰিল মাহৰ ভিতৰত ৰাজভৱন, সচিবালয় আৰু স্পৰ্শকাতৰ অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব অৰ্ধসামৰিক বাহিনী: মুখ্যমন্ত্ৰী

Last Updated : Sep 28, 2023, 9:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.