ETV Bharat / state

Gauhati HC on child marriage: বাল্য বিবাহ সম্পর্কত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

author img

By

Published : Feb 24, 2023, 11:19 AM IST

Important judgment of child marriage in High Court
বাল্য বিবাহ সম্পর্কত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহ বিৰোধী অভিযান(Crack down on child marriage) । ইয়াৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান(Important judgment of child marriage in High Court) । বাল্য বিবাহৰ বলি হোৱা বুলি অভিযোগ কৰি চৰকাৰী নাৰী গৃহত আবদ্ধ কৰি ৰখা এগৰাকী যুৱতীক মোকলাই দিবলৈ ৰায়দান দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

গুৱাহাটী,২৪ ফ্ৰেব্ৰুৱাৰী: বাল্য বিবাহ প্ৰসংগই সমগ্ৰ ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ে বুধবাৰে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়(Important judgment of child marriage in High Court) । বাল্য বিবাহৰ বলি হোৱা বুলি অভিযোগ কৰি চৰকাৰী নাৰী গৃহত আবদ্ধ কৰি ৰখা দৰঙৰ এগৰাকী যুৱতীক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়য়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে(HC orders release of a girl confined to government women homes) । জালুকবাৰীৰ ৰাজ্যিক নাৰী গৃহত আৱদ্ধ কৰি ৰখা যুৱতীগৰাকীক তাৰপৰা মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে(Crack down on child marriage) ।

লগতে যুৱতীগৰাকীয়ে বিচৰা ধৰণে জীৱন-যাপন কৰিবলৈ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ দৰঙৰ আৰক্ষী অধীক্ষকক উচ্চ ন্যায়ালয়ে নির্দেশ প্ৰদান কৰে । যুৱতীগৰাকীয়ে দাখিল কৰা এখন লেখ আবেদন নিষ্পত্তি কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে এই ৰায়দান কৰিছে । উল্লেখ যে ২০২২ চনৰ ৫ জুলাইত দৰঙৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল যুৱতীগৰাকীৰ ।

যুৱতীগৰাকী নাবালিকা বুলি সেই সময়ত তেওঁৰ পিতৃ-মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি যুৱতীগৰাকীক উদ্ধাৰ কৰি শিশু কল্যাণ সমিতিৰ আগত হাজিৰ কৰাই পিতৃ-মাতৃক গতাই দিয়াৰ লগতে যুৱকজনক অৰ্থাৎ যুৱতীগৰাকীৰ স্বামীক গ্ৰেপ্তাৰ কৰিছিল । যুৱতীগৰাকীয়ে শিশু কল্যাণ সমিতিৰ লগত দিয়া জবানবন্দীত তেওঁৰ ২০০৪ চনৰ ৩ জুলাইত জন্ম বুলি ভাষ্য দিয়ে আৰু উচ্চ মাধ্যমিক পৰীক্ষাৰ প্ৰমাণ-পত্র দাখিল কৰিছিল ।

অভিভাৱকক গতোৱাৰ পাছতো যুৱতীগৰাকীয়ে যুৱকজনৰ সৈতে পুনৰ পলাই যায় । তাৰ পাছত অভিভাৱকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে যুৱতীক উদ্ধাৰ কৰি আনি পুনৰ অভিভাৱকক গতাই দিয়ে । পৰৱৰ্তী সময়ত যুৱতীগৰাকীক জালুকবাৰীৰ ৰাজ্যিক নাৰী গৃহলৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত তেওঁ পিতৃ-মাতৃৰ অত্যাচাৰ আৰু বন্দীত্বৰপৰা মুক্তি বিচাৰি আদালতৰ কাষ চাপে । আদালতত তেওঁৰ জন্মৰ তাৰিখৰ প্ৰমাণ হিচাপে দাখিল কৰে অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) ২০২১ চনৰ ৩০ জুলাইত দিয়া প্রমাণ-পত্র । সেই মৰ্মে তেওঁৰ জন্মৰ তাৰিখ ২০০৪ চনৰ ৩ জুলাই । অর্থাৎ বিয়াৰ সময়ত (২০২২ চনৰ ৫ জুলাই) তেওঁ বিবাহৰ বাবে প্ৰয়োজনীয় বয়স অতিক্ৰম কৰিছিল ।

কিন্তু যুৱতীগৰাকীৰ এই তথ্যক প্ৰত্যাহ্বান জনাই তেওঁৰ পিতৃ-মাতৃয়ে স্বাস্থ্য বিভাগে দিয়া জন্মৰ প্ৰমাণ-পত্ৰ, প্ৰাথমিক বিদ্যালয়ৰ নথি-পত্ৰ আৰু আধাৰ কাৰ্ড দাখিল কৰি কন্যাৰ জন্মৰ তাৰিখ ২০০৫ চনৰ ৩১ ডিচেম্বৰ বুলি দাবী কৰে । কিন্তু আদালতে কিশোৰ ন্যায় আইনৰ ব্যৱস্থা অনুসৰি জন্মৰ তাৰিখৰ প্ৰমাণ-পত্ৰ হিচাপে যুৱতীগৰাকীয়ে দিয়া উচ্চ মাধ্যমিকৰ প্ৰমাণ-পত্ৰক গ্রহণ কৰে ।

আদালতে অভিভাৱকৰ যুক্তি খণ্ডন কৰি মন্তব্য কৰে যে উচ্চ মাধ্যমিকৰ প্ৰমাণ-পত্ৰত জন্মৰ তাৰিখত যদি বিসংগতি দেখিছিল তাক দুৰ কৰাটো তেওঁলোকৰ কর্তব্য আছিল । আনহাতে, আদালতে অভিভাৱকে দাখিল কৰা নথি-পত্ৰৰ সত্যতাৰ ওপৰতো প্রশ্ন উত্থাপন কৰে । সেই অনুসৰি যুৱতীগৰাকীৰ সপক্ষে ৰায়দান কৰে আৰু কয় যে তেওঁক নাৰী গৃহত বন্দী কৰি ৰখাটো সম্পূৰ্ণৰূপে বেআইনী (Guwahati High Court ruling on child marriage) । আদালতে যুৱতীগৰাকীক নাৰী গৃহৰপৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ কার্যকৰী কৰিবলৈ সাদিনৰ সময় বান্ধি দিয়ে ।

লগতে পঢ়ক: 62nd session of Bodo Sahitya Sabha: আকৰ্ষণীয় অনুষ্ঠানেৰে কোকৰাঝাৰত আৰম্ভ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.