ETV Bharat / state

Congress slams BJP: ৰাহুল গান্ধী বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে: ভৰত নৰহ

author img

By

Published : Apr 1, 2023, 7:00 PM IST

গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ সংবাদমেলত সৰৱ হ’ল জ্যেষ্ঠ কংগ্ৰেছ নেতা ভৰত নৰহ (Bharat Narah) ৷ ৰাহুল গান্ধীৰ সাংসদ পদ আক্ৰোশমূলকভাৱে খাৰিজ কৰাৰ অভিযোগ ৷

Congress slams BJP
ৰাহুল গান্ধী বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে: ভৰত নৰহ

ৰাহুল গান্ধী বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে: ভৰত নৰহ

গুৱাহাটী, 1 এপ্ৰিল: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা প্ৰসংগকলৈ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ ৰাহুল গান্ধীৰ সাংসদ পদ বেআইনীভাৱে কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি অসমতো প্ৰদেশ কংগ্ৰেছে জিলাই জিলাই সম্বোধন কৰিছে সংবাদমেল ৷

শনিবাৰে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজকলৈ গুৱাহাটী প্ৰেছ ক্লাৱতো অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতাই সম্বোধন কৰে সংবাদমেল ৷ সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত নৰহে কয় যে ৰাহুল গান্ধী বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে ৷ তেওঁ লগতে কয় যে গুজৰাটৰ এখন নিম্ন আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া ৰায়ৰ বিপৰীতে উচ্চ আদালতত আবেদন কৰাৰ বাবে একেখন আদালতেই 30 দিনৰ সময় দিয়া স্বত্বেও এদিনৰ পাচতে ইমান খৰখেদাকৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি বিজেপিয়ে অসহনশীলতাৰ পৰিচয় দিছে (Rahul Gandhi disqualified from parliament) ৷

ইয়াৰ উপৰিও তেওঁ কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰিয়ভাজন পুঁজিপতি আদানীৰ ব্যৱসায়ীক অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ‘জইন্ট পাৰ্লিয়ামেন্টৰী কমিটী’ (JPC) গঠনৰ বাবে ৰাহুল গান্ধীয়ে অহৰহ দাবী জনাই আহিছে ৷ বিজেপি চৰকাৰখনৰ আসোঁৱাহবোৰ সদনৰ বাহিৰে-ভিতৰে উদঙাই দিয়াৰ বাবে বিজেপিয়ে আক্ৰোশমূলকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে (Bharat Narah slams BJP) ৷’’

আইনী যুঁজৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সুযোগ নিদি ষড়যন্ত্ৰমূলক সিদ্ধান্ত লৈ বিজেপিয়ে ৰাহুল গান্ধীৰ কণ্ঠৰোধ কৰিবলৈ দেশৰ ন্যায়িক ব্যৱস্থাক অস্ত্ৰ হিচাবে লৈছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছ জ্যেষ্ঠ নেতা ভৰত নৰহে (Rahul Gandhi case) ৷

উল্লেখ্য যে, মোডী সম্প্ৰদায়ক লৈ ৰাহুল গান্ধীয়ে অপমানসূচক মন্তব্য কৰিছে বুলি গুজৰাটৰ চূৰাট আদালতত ৰুজু কৰা এক মানহানিৰ গোচৰত দোষী সাব্যস্ত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ ইয়াৰ পাচতেই ৰাহুল গান্ধীক দুবছৰৰ বাবে কাৰাদণ্ডৰ ৰায়দান কৰে চূৰাট আদালতে ৷ আদালতৰ ৰায়দানৰ এদিন পাচতেই কৰ্তন কৰা হয় ৰাহুল গান্ধীৰ সাংসদ পদ ৷

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা বিষয়টোক সহজভাৱে ল’ব পৰা নাই কংগ্ৰেছৰ লগতে আন আন বিৰোধী দলসমূহে ৷ যাৰবাবে সকলো বিৰোধী দলেই ৰাহুল গান্ধীক আক্ৰোশমূলকভাৱে জগৰীয়া কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: Congress slams BJP: সংবিধানৰ শপত লৈ গণতন্ত্ৰ ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে বিজেপি: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.