ETV Bharat / state

গুৱাহাটীত ৰে'ল আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

author img

By

Published : Jan 7, 2020, 11:31 PM IST

মংগলবাৰে গুৱাহাটী ৰে’ল ষ্টেচন আৰু কামাখ্যা ৰে'ল জংচনত চোৰাং সামগ্ৰীসহ আৰক্ষীৰ জালত পৰে দুটাকৈ সৰবৰাহকাৰী ৷ ইয়াৰ ভিতৰত ল’ৰেন্স কুজুৰ নামৰ সোণ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে কামাখ্যা চৰকাৰী ৰে’ল আৰক্ষীয়ে ৷

ৰে'ল আৰক্ষীয়ে কৰায়ত্ত কৰে
সৰবৰাহকাৰী

গুৱাহাটী,7 জানুৱাৰীঃ চোৰাং সামগ্ৰী সৰবৰাহৰ মূল আহিলা হৈ পৰিছে ৰে’ল ষ্টেচনসমূহ । মংগলবাৰে গুৱাহাটী ৰে’ল ষ্টেচন আৰু কামাখ্যা ৰে'ল জংচনত চোৰাং সামগ্ৰীসহ আৰক্ষীৰ জালত পৰে দুটাকৈ সৰবৰাহকাৰী ৷ ইয়াৰ ভিতৰত ল’ৰেন্স কুজুৰ নামৰ সোণ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে কামাখ্যা চৰকাৰী ৰে’ল আৰক্ষীয়ে ৷ সৰবৰাহকাৰীটোৰ কবলৰ পৰা আৰক্ষীয়ে ৪০০ গ্ৰাম নকল সোণৰ বিস্কুট জব্দ কৰে ৷

সৰবৰাহকাৰী
ৰে'ল আৰক্ষীয়ে কৰায়ত্ত কৰে
ৰে'ল আৰক্ষীয়ে কৰায়ত্ত কৰে
সৰবৰাহকাৰী

ইফালে গুৱাহাটী ৰে'ল ষ্টেচনত নিচাযুক্ত সামগ্ৰীসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰবীন্দ্ৰ চৌধুৰী নামৰ এজন লোকক । উক্ত ঘটনা দুটাৰ সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । কঠোৰ নিৰাপত্তাৰ পিছতো একাংশই আৰক্ষীৰ চকুত ধুলি দি এইদৰে ৰে’লত চোৰাং ব্যৱসায় চলাই আহিছে ৷

লগতে চাওকঃবকোত ATM ত টকা ভৰাই থকাৰ সময়ত অঘটন

Intro:চোৰাং সামগ্ৰী সৰবৰাহৰ মূল আহিলা হৈ পৰিছে ৰে'ল। মংগলবাৰে গুৱাহাটী ৰে'ল ষ্টেচন আৰু কামাখ্যা ৰে'ল জংচনত চোৰাং সামগ্ৰীসহ দুটাকৈ সৰবৰাহকাৰী জালত পৰে ৰে'ল আৰক্ষীৰ। লোৰেনছ্ কুজুৰ নামৰ এগৰাকী সোণ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে কামাখ্যা জি আৰ পিয়ে। সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ৪০০ গ্ৰামৰ নকল সোণৰ বিস্কুট জব্দ কৰে ৰে'ল আৰক্ষীয়ে। ইফালে গুৱাহাটী ৰে'ল ষ্টেচনত নিচাযুক্ত সামগ্ৰীসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰবিন্দ্ৰ চৌধুৰী নামৰ এজন লোকক। দুয়োটা ঘটনা সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.