ETV Bharat / state

ছবি অংকনৰে ৰাইজক সজাগ কৰাৰ লক্ষ্য 7 যুৱকৰ

author img

By

Published : Oct 23, 2020, 9:25 PM IST

green-assam-awareness
ছবি অংকনৰে ৰাইজক সজাগ কৰাৰ লক্ষ্য 7 যুৱকৰ

স্বচ্ছ অসম আৰু সেউজ অসম গঢ়াৰ লক্ষ্যৰে কেইজনমান যুৱকে হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। মহানগৰীৰ লগতে বিভিন্ন জিলাৰ পথৰ দেৱালসমূহত ছবি অংকন কৰি ৰাইজক স্বচ্ছতাৰ প্ৰতি সজাগ কৰাৰ প্ৰচেষ্টা চলাই আছে অৱন্যিশা (avanyisa) নামৰ এটা ব্যক্তিগত সংস্থাই।

গুৱাহাটী, 23 অক্টোবৰ : স্বচ্ছ অসম আৰু সেউজ অসম গঢ়াৰ লক্ষ্যৰে কেইজনমান যুৱকে হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। মহানগৰীৰ লগতে বিভিন্ন জিলাৰ পথৰ দেৱালসমূহত ছবি অংকন কৰি ৰাইজক স্বচ্ছতাৰ প্ৰতি সজাগ কৰাৰ প্ৰচেষ্টা চলাই আছে অৱন্যিশা (avanyisa) নামৰ এটা ব্যক্তিগত সংস্থাই।

green-assam-awareness
ছবি অংকনৰে ৰাইজক সজাগ কৰাৰ লক্ষ্য 7 যুৱকৰ

যুৱশিল্পী ক্ৰমে ৱাকি ৰহমান, নিৰ্মল দাস, মৃগাংক কুমাৰ, সমীৰণ কলিতা, মঞ্জিল কাকতি, জেশ্বন আহমেদ আৰু শিৱম দূশাদকে ধৰি মুঠ 7 যুৱকে নিজাববীয়া প্ৰচেষ্টাৰে ছবি অংকন কৰি আহিছে পথৰ কাষৰ দেৱালত। শেহতীয়াকৈ মালিগাঁৱৰ কামাখ্যা ৰে'ল ষ্টেচনৰ এখন দেৱালত ছবি অংকন কৰিছে যুৱককেইজনে। 'স্বচ্ছ অসম, সোণৰ অসম'ক থীম হিচাপে লৈ ছবি অংকন কৰিছে এই সাত যুৱকে।

উল্লেখযোগ্য যে যোৱা কিছুদিন পূৰ্বে জালুকবাৰীৰ উৰণীয়া সেঁতুত সজাগতামূলক এক ছবি আকি তেওঁলোকৰ এই যাত্ৰাৰ শুভাৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়তো সম্পূৰ্ণ নিজা খৰছেৰে এনেদৰেই দেৱাল পেইন্টিঙৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ পন অৱন্যিশাৰ।

লগতে পঢ়ক: গোলাঘাটৰ এখন এলট' গাড়ীক লৈ কৌতূহল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.