ETV Bharat / state

আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা

author img

By

Published : Dec 9, 2020, 10:53 PM IST

আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি, 54 বিধ ৰোগৰ অস্ত্ৰোপচাৰত চৰকাৰে অনুমতি প্ৰদান কৰিছে ৷ চৰকাৰৰ নিৰ্দেশনা সন্দৰ্ভত অসন্তুষ্ট ইণ্ডিয়ান মেডিকেল সন্থা ৷

government-new-guidelines-in-the-ayurvedic-medicine
আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা

গুৱাহাটী, 9 ডিচেম্বৰ : শেহতীয়াকৈ ভাৰত চৰকাৰে আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে । য'ত আয়ুৰ্বেদিক চিকিৎসকে কোন ৰোগীৰ অস্ত্ৰোপচাৰ তথা শল্য চিকিৎসা কৰিব পাৰিব তাৰ স্পষ্ট নিৰ্দেশনা বান্ধি দিছে । চৰকাৰৰ এই নিৰ্দেশনাত অসন্তুষ্ট ইণ্ডিয়ান মেডিকেল সন্থা । সন্থাৰ একাংশ শাখাই আয়ুৰ্বেদিক চিকিৎসকে অস্ত্ৰোপচাৰ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে । লগতে, বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰিছে ।

আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সংবাদমেল

এই অভিযোগ সন্দৰ্ভত জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় কৰ্তৃপক্ষই এক সংবাদমেলযোগে স্পষ্টীকৰণ প্ৰদান কৰে ৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ মতে, বিগত কিছুদিন ধৰি এটা চক্ৰই আয়ুৰ্বেদিক চিকিৎসাকলৈ এক বিভ্ৰান্তিকৰ প্ৰচাৰ চলাই আছে । এনে চক্ৰৰ প্ৰচাৰত বিশ্বাস নকৰিবলৈ আহ্বান আয়ুৰ্বেদিক মহাবিদ্যালয় কৰ্তৃপক্ষৰ ।

আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সংবাদমেল

লগতে পঢ়ক : দৰাৰ সাজ-সজ্জাৰ ক্ষেত্ৰত অনুসৰণ কৰিব লগীয়া 5 টা পৰামৰ্শ

ইফালে, সংবাদমেলত চৰকাৰী আয়ুৰ্বেদিক চিকিৎসকৰ অস্ত্ৰোপচাৰৰ সাফল্য আৰু ৰোগী উন্নত হোৱাৰ তথ্য দাঙি ধৰে । অৰ্হতা থকা চিকিৎসকে আয়ুৰ্বেদিকৰ বিধি অনুসৰি চিকিৎসকে দীৰ্ঘদিন ধৰি অস্ত্ৰোপচাৰ কৰি আহিছে বুলি উল্লেখ কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই । বছৰি বিভিন্ন বিভাগত প্ৰায় হাজাৰতকৈ অধিক ৰোগীৰ শৈল্য, নাক,কাণ, ডিঙি, প্ৰসূতিৰ অস্ত্ৰোপচাৰ কৰি আহিছে আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ চিকিৎসালয়ে । উল্লেখযোগ্য যে, বর্তমানত প্ৰায় 54 বিধ ৰোগৰ অস্ত্ৰোপচাৰত চৰকাৰে অনুমতি প্ৰদান কৰিছে আয়ুৰ্বেদিক চিকিৎসকক ।

আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সংবাদমেল

লগতে পঢ়ক : কৃষি আইন বাতিলৰ দাবীৰে তিনিচুকীয়াত অসম গণ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.