ETV Bharat / state

গুৱাহাটীত পুনৰ আৰক্ষীৰ জালত সোণ সৰবৰাহকাৰী

author img

By

Published : Nov 19, 2019, 3:26 PM IST

ৰাজ্যত অব্যাহত আছে সোণৰ অবৈধ বেহা ৷ গুৱাহাটী ৰে'ল ষ্টেচনত ছয় কিলোগ্ৰাম সোণৰ সৈতে আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী ৷

ৰাজ্যত অব্যাহত আছে সোণৰ অবৈধ বেহা


গুৱাহাটী , 19 নৱেম্বৰঃ গুৱাহাটী ৰে'ল ষ্টেচনত পুনৰ আৰক্ষীৰ জালত পৰিল এজন সোণ সৰবৰাহকাৰী ৷ মঙলবাৰে পুৱা গুৱাহাটী ৰে'ল আৰক্ষীয়ে ডিমাপুৰলৈ যোৱা নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ৰে'লৰ পৰা এক কিলোগ্ৰাম ওজনৰ ছয়খন সোণৰ বিস্কুট জব্দ কৰাৰ লগতে আটক কৰে আব্দুল ৰহিম ফাৰুক নামৰ এজন সোণ সৰবৰাহকাৰীক ৷ জব্দ কৰা সোণখিনিৰ মূল্য 40 লাখ টকা ৷ ৰে'ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে জব্দকৃত সোণৰ বিস্কুট কেইখন মণিপুৰৰ পৰা মুম্বাইলৈ লৈ যোৱা হৈছিল ৷ উল্লেখ্য যে, শেহতীয়াভাৱে ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা বহু পৰিমাণৰ অবৈধ সোণৰ লগতে বহু নিচাযুক্ত সামগ্ৰী জব্দ কৰিছে ৷

ৰাজ্যত অব্যাহত আছে সোণৰ অবৈধ বেহা

লগতে পঢ়কঃ ষ্ট্ৰীট লাইট বন্ধ কৰি জে এন ইউৰ ছাত্ৰৰ ওপৰত আৰক্ষীৰ লাঠিচালনা

Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী


Body:মঙ্গলবাৰে পুৱা গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ডিমাপুৰৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ব্ৰহ্মপুত্ৰৰা মেল ৰেলৰ পৰা আব্দুল ৰাহিম ফাৰুকৰ নামৰ সৰবৰাহকাৰীৰ পৰা প্ৰায় এক কিলগ্ৰাম গ্ৰাম ওজনৰ সোণৰ ছয়খন বিস্কুট জব্দ কৰে। জব্দ কৰা সোণৰ বিস্কুটৰ মূল্য প্ৰায় 40 লাখ টকা। ৰেল আৰক্ষীয়ে জানিবলৈ দিয়া মতে উক্ত সোণৰ বিস্কুট কেইখন মণিপুৰৰ পৰা মুম্বাই লৈ যোৱা হৈছিল।





Conclusion:ইয়াৰ পূৰ্বেও গুৱাহাটী ৰেল আৰক্ষীয়ে বহু নিচা যুক্ত সামগ্ৰী জব্দ কৰিছে । ইয়াৰ দ্বাৰাই প্ৰমান হৈছে যে বৰ্তমানেও গুৱাহাটী ৰেল ষ্টেচনত এই সৰবৰাহ অব্যাহত আছে ।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.