ETV Bharat / state

মহানগৰীৰ ১৫ খন দোকানক পৌৰ নিগমৰ জৰিমনা

author img

By

Published : Jun 13, 2022, 9:39 PM IST

সোমবাৰে এক অভিযান চলাই গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই মহানগৰীৰ ১৭ খন মিঠাইৰ দোকান, গেলামালৰ দোকান, ৰেষ্টোৰাত অভিযান চলায় । ইয়াৰে ৮ খন দোকানে অস্বাস্থ্যকৰ পৰিৱেশত গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰি থকাৰ তথ্য লাভ কৰে ।

মহানগৰীৰ ১৫ খন দোকানক পৌৰ নিগমৰ জৰিমনা
মহানগৰীৰ ১৫ খন দোকানক পৌৰ নিগমৰ জৰিমনা

গুৱাহাটী, 13 জুন: মহানগৰী গুৱাহাটীত পৌৰ নিগমৰ বানিজ্যিক অনুজ্ঞাপত্ৰ অবিহনে আৰু অস্বাস্থ্যকৰ পৰিৱেশত ব্যৱসায় কৰি থকা একাংশ দোকানৰ বিৰুদ্ধে সোমবাৰে এক অভিযান চলাই গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই । অভিযানকাৰী দলে মহানগৰীৰ ফাঁচীবজাৰ আৰু আঠগাঁও এলেকাত ১৭ খন মিঠাইৰ দোকান, গেলামালৰ দোকান, ৰেষ্টোৰাত এই অভিযান চলায় (GMC drive against illegal shops in Guwahati)।

মহানগৰীৰ ১৫ খন দোকানক পৌৰ নিগমৰ জৰিমনা
মহানগৰীৰ ১৫ খন দোকানক পৌৰ নিগমৰ জৰিমনা

ইয়াৰে ৭ খন দোকানে পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ ব্যৱসায় কৰি থকা তথ্য পোহৰলৈ আহে । লগতে ৮ খন দোকানে অস্বাস্থ্যকৰ পৰিৱেশত গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰি থকাৰ তথ্য লাভ কৰে । এই দোকানকেইখনৰ পৰা পৌৰ নিগম কৰ্তৃপক্ষই ৮০,৫০০ টকা জৰিমনা আদায় কৰিছে ।

মহানগৰীৰ ১৫ খন দোকানক পৌৰ নিগমৰ জৰিমনা
মহানগৰীৰ ১৫ খন দোকানক পৌৰ নিগমৰ জৰিমনা

স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ বিষয়টো মানি নচলি ব্যৱসায় কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠানকেইখন কিৰণশ্ৰী মিঠাই আৰু জলপান (ৰেষ্টোৰা), বেৱাফা ফুড, মা ভোজনালয়, গণপতি খাদ্য, স্পাইচ ক্লাব, লালা হোটেল, আৰু সীতা-ৰাম ভোজনালয়

লগতে পঢ়ক: দুবছৰত 34 টা: মহানগৰীত বৃদ্ধি পাইছে বাল্যবিবাহৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.