ETV Bharat / state

Secret killings in Assam: প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক ক্লীনচিট বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

author img

By

Published : Jun 12, 2023, 11:00 PM IST

PK MAHANTA High court clean sheet
Secret killings in Assam

দ্বিতীয়বাৰৰ বাবে গুপ্তহত্যাৰ গোচৰত ক্লীনচিট পালে প্ৰাক্তন মুখ্যমন্তৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ বৰ্তমান ৰাজ্যসভাৰ সাংসদ তথা সাংবাদিক অজিত ভূঞা আৰু অনন্ত কলিতাই উচ্চ ন্য়ায়ালয়ত কৰিছিল আবেদন ৷

গুৱাহাটী, ১২ জুন: গুপ্তহত্যাৰ ক’লা দাগৰ পৰা পুনৰ এবাৰ মুক্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ এই প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান দিছে সোমবাৰে ৷ গুপ্তহত্যাৰ গোচৰত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক ক্লীনচিট প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে । গুপ্তহত্যাৰ গোচৰত এই ক্লীনচিট দি পূৰ্বে ন্যায়ালয়ে দিয়া ৰায়কে বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

উল্লেখযোগ্য যে, পূৰ্বে গঠন কৰা আয়োগক অসাংবিধানিক আখ্যা দিছিল উচ্চ ন্যায়ালয়ে । প্ৰফুল্ল কুমাৰ মহন্তক ইতিমধ্যেই পূৰ্বে ক্লীনচিট দিছিল ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল বৰ্তমানৰ সাংসদ তথা প্ৰাক্তন সাংবাদিক অজিত ভূঞা আৰু সমাজকৰ্মী অনন্ত কলিতাই ।

সোমবাৰে অজিত ভূঞা আৰু অনন্ত কলিতাই প্রত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰি পূৰ্বৰ ৰায় বাহাল ৰাখি উচ্চ ন্যায়ালয়ে ৰায়দান কৰে । মুখ্য ন্যায়াধীশ সন্দীপ মেহতাৰে গঠিত বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ৷

গুপ্তহত্যা প্ৰসংগই যোৱা কেইবাটাও দশক ধৰি সমগ্ৰ অসমৰ সমাজ-ৰাজনৈতিক পৰিস্থিতিত প্ৰায়ে জোঁকাৰণি তুলি আহিছিল ৷ প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী ৰূপে থকা সময় চোৱাতে অসমত গুপ্তহত্যাই জনজীৱন অস্থিৰ কৰি তুলিছিল ৷ অভিযোগৰ আঙুলি উঠিছিল তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতি ৷ পিচত ২০০৭ চনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে গুপ্তহত্যাৰ তদন্তৰ বাবে এখন আয়োগ গঠন কৰিছিল ৷ কেইবা বছৰৰ মূৰত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল ন্যায়াধীশ কে এন শইকীয়া আয়োগে ।

শইকীয়া আয়োগে দাখিল কৰা প্ৰতিবেদন আৰু ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শাৱলী গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৮ চনৰ ৩ ছেপ্তেম্বৰত খাৰিজ কৰি ৰায় প্ৰদান কৰিছিল । তদানীন্তন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল । পৰৱৰ্তী সময়ত এই ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল অজিত ভূঞা আৰু অনন্ত কলিতাই ।

লগতে পঢ়ক: Jonali Nath murder updates: প্ৰেম জনিত সংঘাত; প্ৰেমিক হাছানুৰে হত্যা কৰি ৰাজপথত পেলাই থৈছিল জোনালী নাথক

কিন্তু এইবাৰো আগৰ ৰায়কে বাহাল ৰাখিলে ন্যায়ালয়ে ৷ কাৰ্যত এক ২০১৮ চনতে গুপ্তহত্যাৰ অপবাদৰ পৰা মুক্ত হোৱা প্ৰফুল্ল কুমাৰ মহন্তই আকৌ এবাৰ ক্লীনচিট পালে ন্যায়ালয়ৰ পৰা ৷ দুবাৰকৈ ন্যায়ালয় ক্লীনচিট পোৱাৰ পিচত গুপ্ত হত্যা প্ৰসংগই হয়তো আৰু ভৱিষ্যতে ক’তো স্থান লাভ নকৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.