ETV Bharat / state

Srinivas BV case: গুৱাহাটী উচ্চ ন্যায়ালয়ত 4 মে’ত হ’ব শ্ৰীনিবাসৰ জামিন আবেদনৰ শুনানি

author img

By

Published : May 2, 2023, 10:21 PM IST

Srinivas BV case
Srinivas BV case

গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙলবাৰেও নহ’ল যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিয়ে দাখিল কৰা জামিন আবেদনৰ শুনানি ৷ ইফালে, জাননীৰ পাচতো দিছপুৰ আৰক্ষী থানাত আজি উপস্থিত নহ’ল শ্ৰীনিবাস (Srinivas BV summoned) ৷ শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল অসম যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতা দত্তই (Angkita Dutta) ৷

গুৱাহাটী, 2 মে’: গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিও এতিয়লৈকে সকাহ পোৱা নাই বিতৰ্কত সুমাই পৰা ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিয়ে ৷ কৰ্ণাটক নিম্ন আদালতত জামিন বিচাৰি মুখ থেকেচা খোৱাৰ পিচত শ্ৰীনিবাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন কৰিছিল ৷ কিন্তু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙলবাৰে শ্ৰীনিবাসৰ জামিন আবেদনৰ কোনো ৰায় নিদিলে (Hearing on Srinivas BV case) ।

শ্ৰীনিবাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত (Gauhati High court) জামিন বিচাৰি আবেদন কৰা বিষয়টোৰ শুনানি অহা 4 মে’ত ন্যায়ালয়ত গ্ৰহণ কৰা হ’ব ৷ উল্লেখ্য যে, কংগ্ৰেছৰ পৰা সদ্য বহিষ্কৃত অসম যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তৰ গোচৰ সন্দৰ্ভত জামিন বিচাৰি কৰ্ণাটকৰ নিম্ন আদালতত আবেদন জনাইছিল শ্ৰীনিবাস বিভিয়ে (Srinivas BV bail plea) ৷ কিন্তু 28 এপ্ৰিলত কৰ্ণাটকৰ এখন নিম্ন আদালতে শ্ৰীনিবাসৰ জামিন আবেদন নাকচ কৰিছিল ৷

উল্লেখযোগ্য যে, আজি দিছপুৰ থানাত হাজিৰ হ’বলৈ অসম আৰক্ষীয়ে শ্ৰীনিবাসক ইতিমধ্যে কৰ্ণাটকলৈ গৈ চমন জাৰি কৰি থৈছিল ৷ অসম আৰক্ষীৰ অতিৰিক্ত উপ আয়ুক্ত (পূব গুৱাহাটী) মৈত্ৰেয়ী ডেকাই যোৱা 23 এপ্ৰিলত কৰ্ণাটকৰ শ্ৰীনিবাসৰ বাসগৃহত এই জাননী আঁৰি আহিছিল (Case against Srinivas BV) ৷

কিন্তু শ্ৰীনিবাসে মঙলবাৰে দিছপুৰ থানাত হাজিৰ নহ’ল ৷ যাৰ বাবে আৰক্ষীয়ে আদালতৰ অনুমতি সাপেক্ষে পুনৰ শ্ৰীনিবাসলৈ জাননী জাৰি কৰিব ৷ মন কৰিবলীয়া যে, যোৱা 23 এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়তো শ্ৰীনিবাসে অংকিতাৰ এজাহাৰ খাৰিজ কৰিবলৈ আবেদন জনাইছিল ৷ 26 এপ্ৰিলত এই আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে খাৰিজ কৰা নাছিল অংকিতাৰ এজাহাৰ ৷ আজি অসম আৰক্ষীক কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ সেই মতে আজি আৰক্ষীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত কেছ ডায়েৰী দাখিল কৰে ৷

উল্লেখ্য যে, অসম যুৱ কংগ্ৰেছৰ সদ্য বহিষ্কৃত সভাপতি অংকিতা দত্তই যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷ এলানি ধাৰাবাহিক টুইটযোগে অংকিতা দত্তই শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে অভিযান উত্থাপন কৰাৰ পাচতেই পৰৱৰ্তী পৰ্যায়ত শ্ৰীনিবাসৰ বিৰুদ্ধে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল অংকিতাই (Angkita Dutta case against Srinivas) ৷

লগতে পঢ়ক: Karnataka assembly election: জিন্না থকা হ’লেও বজৰং দলক নিষিদ্ধ কৰাৰ সাহস নকৰিলেহেঁতেন; ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.