ETV Bharat / state

জলসম্পদত কোটিটকীয়া কেলেংকাৰী: তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

author img

By

Published : May 18, 2022, 6:40 PM IST

বিলৰ ফটোক'পি দাখিল কৰি জলসম্পদ বিভাগৰ ধেমাজি আৰু উত্তৰ লখিমপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা, অভিযন্তা আৰু ঠিকাদাৰে মিলি উলিয়াই নিছিল প্ৰায় ডেৰ কোটি টকা । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে জলসম্পদ বিভাগৰ কোটিটকীয়া কেংলেকাৰীৰ তদন্ত কৰাৰ বাবে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাক নিৰ্দেশ দিছে (Gauhati high court ordered to investigate)।

gauhati-high-court-ordered-to-investigate-water-resource-dept-corruption
জলসম্পদত কোটিটকীয়া কেলেংকাৰীঃ তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী, 18 মে': ৰাজ্যৰ জলসম্পদ বিভাগত সংঘটিত কোটিটকীয়া কেলেংকাৰীৰ তদন্ত কৰাৰ বাবে বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰিছে (Gauhati high court ordered to investigate)। উল্লেখ্য যে আমগুৰি নৱ নিৰ্মাণ সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা PIL/14/2022 নম্বৰ গোচৰৰ বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে শুনানী গ্ৰহণ কৰে ।

আমগুৰি নৱ নিৰ্মাণ সমিতিয়ে ধেমাজি আৰু লখিমপুৰত মথাউৰি নিৰ্মাণৰ নামত জলসম্পদ বিভাগৰ ধেমাজি আৰু উত্তৰ লখিমপুৰ সংমণ্ডলত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল । আমগুৰি নৱ নিৰ্মাণ সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা গোচৰ মতে ২০১১-১৮ চনৰ ভিতৰত ধেমাজি আৰু উত্তৰ লখিমপুৰত মথাউৰি নিৰ্মাণৰ নামত জলসম্পদ বিভাগৰ ধেমাজি আৰু উত্তৰ লখিমপুৰ সংমণ্ডলত ২০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল ।

জলসম্পদ বিভাগৰ ধেমাজি আৰু উত্তৰ লখিমপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা, অভিযন্তা আৰু ঠিকাদাৰে মিলি এই ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল । বিলৰ ফটোক'পি দাখিল কৰি উলিয়াই নিছিল প্ৰায় ডেৰ কোটি টকা । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে জলসম্পদ বিভাগৰ কোটিটকীয়া কেংলেকাৰীৰ তদন্ত কৰাৰ বাবে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাক নিৰ্দেশ দিছে ।

লগতে পঢ়ক: Dima Hasao Tragedy: পৰিস্থিতি বুজ ল’বলৈ ডিমা হাছাওত যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.