ETV Bharat / state

Beneficiary wise funds released: ৰাজ্যৰ তিনি লক্ষাধিক হিতাধিকাৰীলৈ পিএমএৱাইৰ প্ৰথম কিস্তিৰ ধন মুকলি

author img

By

Published : Feb 16, 2023, 7:12 PM IST

Beneficiary wise funds released
ৰাজ্যৰ ৩.৮ লাখ হিতাধিকাৰীলৈ পিএমএৱাইৰ প্ৰথম কিস্তিৰ ধন মুকলি

কলাক্ষেত্রত পিএমএৱাই হিতাধিকাৰীৰ বাবে পুঁজি প্ৰদান অনুষ্ঠানত মন্ত্রী ৰণজিৎ কুমাৰ দাস । ২০১৬ চনৰ পৰা অসমে এতিয়ালৈকে লাভ কৰিছে ১৯ লাখ গৃহৰ অনুমোদন । ইয়াৰ ভিতৰত সম্পূৰ্ণ হৈছে ৭.৬৪ লাখ গৃহৰ নিৰ্মাণৰ কাম । গৃহ প্ৰদানৰ নামত কোনোবাই হিতাধিকাৰীৰ পৰা টকা-পইচা বিচাৰিলে প্ৰত্যক্ষভাৱে থানাত এজাহাৰ দ‍াখিল কৰাৰ আহ্বান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ (Minister Ranjit Kumar Das) ।

ৰাজ্যৰ ৩.৮ লাখ হিতাধিকাৰীলৈ পিএমএৱাইৰ প্ৰথম কিস্তিৰ ধন মুকলি

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্রী আৱাস যোজনাৰ (গ্ৰ‍ামীণ) অধীনত ৰাজ্যৰ ৩.৮ লাখ হিতাধিকাৰীলৈ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ ধন মুকলি কৰা হয় । ইয়াৰ যোগেদি প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ ৩২,৫০০ টকা প্ৰদান কৰা হ'ব (Pradhan Mantri Awas Yojana) । এই উপলক্ষে কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাসে আনুষ্ঠানিকভাৱে পুঁজি প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যৰ ৩.৮ লাখ লোকে গৃহ নিৰ্মাণৰ বাবে আজিৰে পৰা প্ৰথম কিস্তিৰ ধন লাভ কৰিব (Beneficiary wise funds released) । উল্লেখ্য যে, এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীয়ে ১.৩০ লাখ টকাৰ নগদ ধনৰ লগতে এনৰেগাৰ অধীনত ২১ হাজাৰ টকাসহ মুঠ ১.৫১ লাখ টকা লাভ কৰিব । প্ৰথম কিস্তিৰ ধন ব্যয় কৰাৰ পাচত দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্রী ৰণজিৎ কুমাৰ দাসে কয় যে, গাঁৱৰ উন্নয়ন অবিহনে দেশৰ উন্নয়ন সম্ভৱ নহয় । যাৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গাঁৱৰ উন্নয়ণত বিশেষ গুৰুত্ব দিছে ।

গাঁৱৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ যাতে এটা সুন্দৰ ঘৰ হয় তাৰবাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই অভিলাষী আঁচনিখন গ্ৰহণ কৰিছে বুলি তেওঁ অনুষ্ঠানত সদৰী কৰে । ইয়াৰ লগতে এই আঁচনিৰ ধন ১.৫১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ আৰু কয় যে, ২০১৬ চনৰ পৰা অসমে এতিয়ালৈকে ১৯ লাখ গৃহৰ অনুমোদন লাভ কৰিছে আৰু ইয়াৰ ভিতৰত ৭.৬৪ লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ২০ মাহৰ কাৰ্যকালত ৩.৬১ লাখ গৃহ নিৰ্মাণ কৰা হৈছে বুলি তেওঁ ভাষণত উল্লেখ কৰে ।

আনহাতে, আজি ৩.৮০ লাখ গৃহৰ বাবে প্ৰথম কিস্তিৰ পুঁজি মুকলি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, এতিয়ালৈকে আঁচনিখনৰ বাবে ৯৬৮৮ কোটি টকা মোকলাই দিয়া হৈছে । তেওঁ সকলোকে নিৰ্ধাৰিত সময়ৰ গৃহসমূহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি আঁচনিখন সফল কৰি তোলাৰ বাবে আহ্বান জনায় । তেওঁ লগতে কয় যে, ক্লাষ্টাৰ হিচাপত ৰাজ্যৰ বিভিন্ন জিলাত ১৯ টা ক্লাষ্টাৰত ৭৯৮ টা গৃহ নিৰ্মাণ কৰি থকা হৈছে । ভূমিহীনৰ বাবে চৰকাৰে ভূমিৰ ব্যৱস্থা কৰি ক্লাষ্টাৰ ভিত্তিত গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰি দিছে ।

আনহাতে, এই অ‍াঁচনিখন ৰূপায়ণৰ ক্ষেত্রত কোনো হিতাধিকাৰীৰ পৰা যাতে কোনো ধৰণৰ অভিযোগ নাহে তাৰবাবে তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক সকিয়াই দিয়ে । কোনোবাই গৃহ প্ৰদানৰ নামত টকা-পইচা বিচাৰিলে প্ৰত্যক্ষভাৱে থানাত এজাহাৰ দ‍াখিলৰ বাবে তেওঁ হিতাধিকাৰীৰ প্ৰতি আহ্বান জনায় । এইক্ষেত্রত মুখ্যমন্ত্রীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ সদৰি কৰে ।

উল্লেখ্য যে, অনুষ্ঠানটোত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণত তেওঁ উপস্থিত থাকিব নোৱাৰিলে । অনুষ্ঠানত মুখ্যমন্ত্রীৰ শুভেচ্ছা বাৰ্তা পাঠ কৰে মন্ত্রী ৰণজিৎ কুমাৰ দাসে । অনুষ্ঠানত সাংসদ কুইন ওজা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা আৰু আয়ুক্ত বিক্ৰম কৈৰীকে ধৰি কেইবাজনো বিভাগীয় বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক: National Nutrition Mission: কেন্দ্ৰৰ অভিলাষী পোষণ অভিযান ৰূপায়ণত ব্যৰ্থ অসম চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.