ETV Bharat / state

নিজকে নিৰোগী কৰি ৰাখিব পৰাটোও একধৰণৰ দেশপ্ৰেমঃ ডাঃ জয়ন্তবিশ্ব শৰ্মা

author img

By

Published : Mar 9, 2022, 6:55 PM IST

বুধবাৰে কামৰূপ (ম) জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ(Free Health Camp) । স্বাস্থ্য পৰীক্ষা শিৱিৰটোত উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডাঃ জয়ন্তবিশ্ব শৰ্মাৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

free-health-camp-held-in-dto-office
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ

গুৱাহাটী, ৯ মাৰ্চ: " সুস্বাস্থ্যৰ অধিকাৰী হৈ নিৰোগী হিচাপে জীৱনটো অতিবাহিত কৰিব পৰাটোও একধৰণৰ দেশপ্ৰেম বা দেশসেৱা । " এই মন্তব্য বিশিষ্ট চিকিৎসক, লণ্ডন নিৱাসী প্ৰৱাসী ভাৰতীয় ডাঃ জয়ন্তবিশ্ব শৰ্মাৰ । বুধবাৰে কামৰূপ (ম) জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ(Free Health Camp)ত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বিশিষ্ট প্ৰৱাসী চিকিৎসক গৰাকীয়ে ।

নিজকে নিৰোগী কৰি ৰাখিব পৰাটোও একধৰণৰ দেশপ্ৰেমঃ ডাঃ জয়ন্তবিশ্ব শৰ্মা

কামৰূপ (ম) জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ(Free Health Camp)ৰ আয়োজন কৰিছিল আছাম হেল্থকেয়াৰ কো-অপাৰেটিভ চ'ছাইটি নামৰ অনুষ্ঠানটোৱে । সুদুৰ লণ্ডনৰ পৰাই যিটো অনুষ্ঠানৰ গুৰি ধৰি আহিছে ডাঃ জয়ন্তবিশ্ব শৰ্মাই ।

বুধবাৰে কাৰ্যালয়টোত কৰ্মৰত কৰ্মচাৰী সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিষয়া-কৰ্মচাৰী সকলৰ ফালৰ পৰা উত্থাপন কৰা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন বা সমস্যাৰো উত্তৰ দিয়ে চিকিৎসক গৰাকীয়ে । তেওঁ কয় - " আমি কিছুমান ব্যৱস্থা নিজেই কৰি লব পাৰো । বহুতে কিছুমান সমস্যা সমাধানৰ বাবে কেৱল চৰকাৰখনকে দোষী কৰি থাকিলেও মই তেনেকৈ নাভাবো । "

লগতে বিশিষ্ট চিকিৎসক গৰাকীয়ে কয় যে "আচলতে বহুতে ভবাৰ দৰে সমস্যা সমূহ সমাধান কৰিবলৈ একধৰণৰ চুইছ নাথাকে যে সেইটো টিপা মাৰি দিলেই সমস্যাবোৰ নিমিষতে নোহোৱা হৈ যাব । চৰকাৰখনৰ প্ৰধান দায়িত্ব হ'ল সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলক চোৱাচিতা কৰা, গুৰুত্ব দিয়া । আজিকালি চিকিৎসা ব্যৱস্থাটোৱেই অত্যন্ত ব্যয়বহুল । তেনেক্ষেত্ৰত কোনো এজন লোক যদি অন্ততঃ ৭০ বছৰ বয়সলৈ এবাৰো হাস্পতালত ভৰ্তি হবলগীয়া নহয় তেন্তে মই ভাবো তেওঁৰ কমেও ২০ টকা ৰাহি হয় । "

নিয়মীয়া ব্যায়াম, পৰিমিত খাদ্য আদিৰ জড়িয়তে নিজৰ স্বাস্থ্যটোক নিৰোগী কৰি ৰাখিব পাৰি বুলি উল্লেখ কৰে চিকিৎসক গৰাকীয়ে । এই উপলক্ষে আয়োজিত অনুষ্ঠানটোত বিষয়া-কৰ্মচাৰী সকলে প্ৰচণ্ড চাপৰ মাজত থাকিও কাম কৰি থাকিবলগীয়া হোৱা অৱস্থাৰ মাজত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন লব পাৰি সেই বিষয়েও ডাঃ শৰ্মাই বহু মূল্যবান পৰামৰ্শ আগবঢ়ায় ।

উল্লেখযোগ্য যে আছাম হেল্থকেয়াৰ কো-অপাৰেটিভ চ'ছাইটি(Assam Healthcare Co-operative Society) নামৰ এই অনুষ্ঠানটোৱে বিভিন্ন চৰকাৰী কাৰ্যালয়ত এইদৰে বিষয়া-কৰ্মচাৰী সকলৰ মাজত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি আহিছে । আগ্ৰহী সকলে পাঁচশ টকা ভৰ্তি মাচুল আদায় দি এই চ'ছাইটিৰ সদস্যভৰ্তিও হব । সেইসকল সদস্যই চিকিৎসাৰ ক্ষেত্ৰত লাভ কৰিব বিশেষ ৰেহাই ।

আনহাতে, অনুষ্ঠানটোত উপস্থিত থাকি কামৰূপ (ম) জিলা পৰিবহন বিষয়া তথা পৰিবহন বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে কয়- " দেহা থাকিলেহে বেহা । স্বাস্থ্য যদি ঠিকে নাথাকে তেন্তে ধন-সোণ, টকা পইচা সকলো অৰ্থহীন । গতিকে আমি সকলোৱে এটা নিৰোগী শৰীৰ লৈ যাতে জীৱনটো পাৰ কৰিব পাৰো তাৰ প্ৰতিহে যত্নপৰ হোৱাটো উচিত । " লগতে তেওঁ ডাঃ জয়ন্তবিশ্ব শৰ্মাক তেওঁ আগবঢ়োৱা মূল্যবান পৰামৰ্শৰ বাবে ধন্যবাদো জ্ঞাপন কৰে ।

লগতে পঢ়ক: আনন্দত আত্মহাৰা আঙুৰলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.