ETV Bharat / state

লকডাউনতে তিনি ঠাইত মাটি ল'লে সৰ্বানন্দ সোণোৱালে

author img

By

Published : Oct 20, 2021, 5:43 PM IST

sarbananda Sonowal
লকডাউনতে তিনি ঠাইত মাটি ল'লে সৰ্বানন্দ সোণোৱালে

কভিড-১৯ মহামাৰীৰ বাবে ঘোষণা কৰাৰ লকডাউনৰ সময়ত দেশৰ জনতাৰ আৰ্থিক অৱস্থা কেনেকুৱা হৈ পৰিছিল সেয়া সৰ্বজনবিদিত । কিন্তু এই সংকটৰ সময়তো সম্পত্তি ক্ৰয়ৰ মোহ এৰিব নোৱাৰিলে একাংশ ৰাজনৈতিক নেতা তথা মন্ত্ৰীয়ে । লকডাউনৰ সময়তে তিনি ঠাইত মাটি ক্ৰয় কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

গুৱাহাটী, ২০ অক্টোবৰ: লকডাউনে খাটি খোৱা মানুহৰ জীৱন দুৰ্বিসহ কৰিলেও, আৰ্থিক নাটনিয়ে সাধাৰণ জনতাক কোঙা কৰিলেও এচাম ৰাজনৈতিক নেতা-মন্ত্ৰীৰ আৰ্থিক অৱস্থাত কিন্তু কোনো প্ৰভাৱ নেপেলালে বা পেলাব নোৱাৰিলে । বৰং লকডাউনৰ সেই অভিশপ্ত সময়খিনিত তেওঁলোকৰ সা-সম্পত্তি হোৰাহোৰে বাঢ়িলহে । এটাৰ পিছত আনটো সম্পত্তি কিনিলে এওঁলোকে । এইসকল "মহা ভাগ্যৱান"ৰ ভিতৰত আছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি, যোৱাটো লকডাউনৰ সময়ত অৰ্থাৎ ২০২০-২০২১ চনত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ তিনিগৰাকী কেবিনেট মন্ত্ৰী আৰু ১২ গৰাকী ৰাজ্যিক মন্ত্ৰীয়ে নতুন সা-সম্পত্তি ক্ৰয় কৰিছে । এই কেবিনেট মন্ত্ৰী তিনিগৰাকী হ'ল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণী আৰু জাহাজ, বন্দৰ আৰু আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰা তথ্য অনুসৰি, এই সময়চোৱাৰ ভিতৰত সোণোৱালে তেওঁৰ গৃহ চহৰ ডিব্ৰুগড়ত তিনি ঠাইত নতুনকৈ মাটি কিনিছে । অৰ্থাৎ তেওঁ মুখ্যমন্ত্ৰী হৈ থকা সময়তে কিনা হৈছিল এই তিনি টুকুৰা মাটি ।

ডিব্ৰুগড়ৰ মানকটা খনিকৰ মৌজাত কিনা এই মাটিখিনিৰ ভিতৰত এটুকুৰাৰ দাম আছিল ৬.৭৫ লাখ, আন এটুকুৰাৰ ১৪.৪০ লাখ আৰু এটুকুৰাৰ ৩.৬০ লাখ টকা । ইফালে, গুৱাহাটীৰ জ্যোতিকুছি অঞ্চলত সোণোৱালে পূৰ্বতে সজা প্ৰাসাদোপম ঘৰটোও সজাই পৰাই তোলা হৈছে ন-ৰূপেৰে । আনহাতে, আন এগৰাকী কেবিনেট মন্ত্ৰী এছ জয়শংকৰে এই সময়চোৱাৰ ভিতৰতে দক্ষিণ দিল্লীৰ বসন্ত বিহাৰ এলেকাত ৩০৮৫.২৯ বৰ্গফুটৰ এটা এপাৰ্টমেন্ট ৩.৮৭ কোটি টকাৰে ক্ৰয় কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত তথ্য দাখিল কৰিছে ।

একেদৰে, স্মৃতি ইৰাণীয়ে এই সময়চোৱাৰ ভিতৰত আমেথি লোকসভা সমষ্টিৰ অন্তৰ্গত মেদান মাৱাই গাঁৱত ১২.২১ লাখ টকাৰে ০.১৩৪০ হেক্টৰ মাটি ক্ৰয় কৰা বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত তথ্য দাখিল কৰিছে । লকডাউনৰ সময়ত নতুন সম্পত্তি ক্ৰয় কৰা মোদী মন্ত্ৰীসভাৰ বাকী ১২ গৰাকী ৰাজ্যিক মন্ত্ৰী হ'ল ক্ৰমে কৃষাণ পাল গুৰ্জাৰ, সাধৱী নিৰঞ্জনজ্যোতি, ভানুপ্ৰতাপ সিং বাৰ্মা, অন্নপূৰ্না দেৱী, বি এল বাৰ্মা, দেবুসিং চৌহান, ডঃ মহেন্দ্ৰ সিং মুঞ্জপাৰা, ডঃ এল মুৰুগন আৰু শ্ৰীপদ য়েছো নায়ক । এই ১২ গৰাকী মন্ত্ৰীয়ে ক্ৰয় কৰিছে ২১ বিধ সম্পত্তি ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ উচতনিতে বৰাকত অসমীয়া ভাষাক অপমানিত কৰা হৈছে : শিখা শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.