ETV Bharat / state

Assam-Meghalaya Border clash: অসম-মেঘালয়ৰ নিষ্পত্তিহীন 6 টা এলেকাৰ বাবে তিনি মন্ত্ৰীৰ অধ্যক্ষতাত আঞ্চলিক কমিটী গঠন

author img

By

Published : Dec 6, 2022, 5:37 PM IST

formation-of-regional-committee-under-the-chairmanship-of-three-ministers
Assam and Meghalaya border clash: অসম-মেঘালয়ৰ নিষ্পত্তিহীন 6 টা এলেকাৰ বাবে তিনি মন্ত্ৰীৰ অধ্যক্ষতাত আঞ্চলিক কমিটী গঠন

অসম আৰু মেঘালয়ৰ সীমা বিবাদৰ ৬ টা জটিল বিবদমান সীমাৰ ক্ষেত্ৰত মীমাংসাত উপনীত হ'বলৈ ৰাজ্য চৰকাৰে তিনি মন্ত্ৰীৰ অধ্যক্ষতাত আঞ্চলিক কমিটী গঠন কৰিছে (six unresolved areas of Assam and Meghalaya border )৷ মন্ত্ৰী অতুল বৰা (Minister Atul Bora), চন্দ্ৰমোহন পাটোৱাৰী (Minister Chandra Mohan Patowary) আৰু পীযুষ হাজৰিকাই (Minister Piyush Hazarika) কমিটীকেইখনৰ নেতৃত্ব দিব ৷

গুৱাহাটী, ৬ ডিচেম্বৰ: অসম আৰু মেঘালয়ৰ মাজত থকা সীমা বিবাদৰ ইতিমধ্যে মীমাংসা হৈছে যদিও এতিয়াও 6 টা এলেকাৰ বিবাদ মীমাংসা হ'বলৈ বাকী আছে (Assam and Meghalaya border clash) ৷ বাকী থকা ৬ টা জটিল বিবদমান সীমাৰ ক্ষেত্ৰত মীমাংসাত উপনীত হ'বলৈ ৰাজ্য চৰকাৰে তিনি মন্ত্ৰীৰ অধ্যক্ষতাত আঞ্চলিক কমিটী গঠন কৰিছে (six unresolved areas of Assam and Meghalaya border )৷ এই কমিটী কেইখনে ১৯৭২ চনৰ পৰা অসম-মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে সীমান্ত এলেকা পৰিদৰ্শন কৰিব (Formation of Regional Committee)৷

অসম আৰু মেঘালয়ৰ সীমা বিবাদ
অসম আৰু মেঘালয়ৰ সীমা বিবাদ

কেইদিনমান পূৰ্বে পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰ অঞ্চলত (Mukroh firing incident) বন মাফিয়াই অসমৰ বনাঞ্চলৰ গছ কটাক কেন্দ্ৰ কৰি সংঘটিত কাণ্ডত ৬ জন লোকৰ মৃত্যু হৈছিল ৷ এই ঘটনাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ সীমামুৰীয়া বাসিন্দাৰ মাজত সংঘাত হৈছিল যদিও এই সংঘাত ক্ৰমাৎ শাম কটাত অসম চৰকাৰে সীমা বিবাদ নিষ্পত্তিৰ বাবে ততাতৈয়াকৈ আঞ্চলিক কমিটী গঠন কৰিছে ৷ মন্ত্ৰী অতুল বৰা (Minister Atul Bora), চন্দ্ৰমোহন পাটোৱাৰী (Minister Chandra Mohan Patowary) আৰু পীযুষ হাজৰিকাই (Minister Piyush Hazarika) কমিটীকেইখনৰ নেতৃত্ব দিব ৷

মন্ত্ৰী অতুল বৰাৰ কমিটীত সদস্য হিচাপে আছে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু এই কমিটীখনে কামৰূপ মহানগৰ জিলাৰ লগত লাগি থকা মেঘালয়ৰ ৰিভ’য় জিলাৰ সীমান্ত এলেকাৰ এটা সীমা বিবাদ নিষ্পত্তিৰ বাবে চৰজমিন পৰিদৰ্শন কৰি প্ৰতিবেদন যুগুত কৰিব ৷ আনহাতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধ্যক্ষতাত গঠন হোৱা কমিটীত সদস্য হিচাপে আছে বিধায়ক নন্দিতা দাস ৷ এই কমিটীয়ে কামৰূপ আৰু ৰিভয় জিলাৰ সীমাৰ বৰদুৱাৰ, নংৱাহ মাউটমূৰ (গড়ভাঙা) আৰু পশ্চিম খাচী পাহাৰ জিলাৰ লাম্পি এলেকা অর্থাৎ তিনিটা বিবদমান স্থান ভ্ৰমণ কৰি সীমা বিবাদ নিষ্পত্তিৰ বাবে প্ৰতিবেদন যুগুত কৰিব৷

অসম আৰু মেঘালয়ৰ সীমা বিবাদ
অসম আৰু মেঘালয়ৰ সীমা বিবাদ

আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষতাত গঠিত দুখন কমিটীয়ে অসম-মেঘালয়ৰ দুটা বিবদমান সীমান্ত এলেকা পৰিদৰ্শন কৰিব। হাজৰিকাৰ নেতৃত্বত এখন কমিটীত সদস্য হিচাপে আছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য ডি উফিং মাছলাই আৰু পৰিষদৰ সদস্য অজিত ত্রু’। এই কমিটীখনে পশ্চিম কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ ৰিভয় জিলাৰ ব্লক-দুই এলেকাৰ সীমান্তবাসীৰ মতামত গ্ৰহণ কৰি প্ৰতিবেদন যুগুত কৰিব। মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য ৰীণা টেৰণপিক সদস্য হিচাপে লৈ গঠন কৰা আন এখন কমিটীয়ে পশ্চিম কাৰ্বি আংলং জিলা আৰু পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ ব্লক-১ৰ খান্দুলি অঞ্চলৰ বিবদমান এলেকা পৰিভ্ৰমণ কৰিব ৷

আটাইকেইখন কমিটীত জিলাসমূহৰ দায়িত্বত থকা অভিভাৱক সচিবসকলৰ লগতে জিলাৰ উপায়ুক্তসকল সদস্য হিচাপে থাকিব। ৰাজ্য চৰকাৰৰ মুখ্য সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি সীমা বিবাদ নিষ্পত্তিৰ বাবে গঠন কৰা কমিটীসমূহে যিবোৰ গাঁও মেঘালয়ে নিজৰ বুলি দাবী কৰিছে, সেই গাঁওবোৰ অসম চৰকাৰৰ ৰেকৰ্ডত আছে নে নাই, গাঁওসমূহৰ ভৌগোলিক অৱস্থান আৰু কোন ৰাজ্যৰ লগত সংলগ্ন হৈ আছে, লোকপিয়লৰ ৰেকৰ্ড আৰু জাতি অনুসৰি গাঁৱৰ জনসংখ্যা পৰীক্ষা কৰিব।

অসম চৰকাৰে গঠন কৰা কমিটীসমূহে গাঁওসমূহত থকা চৰকাৰী অনুষ্ঠানসমূহ কোন চৰকাৰে প্রতিষ্ঠা কৰিছিল সেই কথাও নিৰীক্ষণ কৰিব। তদুপৰি প্ৰতিখন গাঁও ভ্ৰমণ কৰি মানুহৰ মতামত গ্ৰহণ কৰাৰ উপৰি ঐতিহাসিক পটভূমি পৰীক্ষা কৰি প্ৰশাসনিকভাৱে কোন ৰাজ্যত সংলগ্ন হ’ব বিচাৰে, তাৰ মতামত গ্ৰহণ কৰিব ৷ উল্লেখ্য যে মেঘালয় ৰাজ্য গঠন হোৱাৰ পাছৰে পৰা মুঠ ১২টা স্থান দুয়োখন ৰাজ্যৰ বাবে বিবদমান হিচাপে চিহ্নিত হৈ আছিল। ইয়াৰে মুঠ ৩৬.৭৯ বর্গকিল'মিটাৰ এলেকাৰ ছটা স্থানক লৈ দুয়োখন ৰাজ্য ইতিমধ্যে মীমাংসাত উপনীত হ’বলৈ সক্ষম হ’ল।

এই স্থানসমূহ দিছপুৰ বিধানসভা সমষ্টিৰ পিলিংকটা, বকো সমষ্টিৰ হাঁহিম, গিজাং আৰু তাৰাবাৰী, পশ্চিম গুৱাহাটী সমষ্টিৰ বাকৰাপাৰা আৰু কাছাৰৰ কাটিগড়া সমষ্টিৰ তাৰাচোৰ। আঞ্চলিক কমিটীৰ প্ৰতিবেদনক ভিত্তি কৰি দুয়োৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে সহমতত উপনীত হোৱাৰ পাছত বিবদমান ভূমিৰ ১৮.৫১ বৰ্গকিল'মিটাৰ অসমে আৰু ১৮.২৮ বর্গকিল'মিটাৰ মেঘালয়ে লাভ কৰিব ৷

মন কৰিবলগীয়া যে ইতিমধ্যে সহমতত উপনীত হোৱা স্থানসমূহক লৈ থকা বিবাদ বেছি জটিল নাছিল। কিন্তু শেহতীয়াকৈ যি 6 টা স্থানক লৈ অসম চৰকাৰে আঞ্চলিক কমিটী গঠন কৰিছে এই স্থানসমূহৰ বিবাদ যথেষ্ট জটিল। তেনেস্থলত এই বিবাদ মীমাংসাৰ ক্ষেত্ৰত যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব ৷

লগতে পঢ়ক: Cabinet at Gandhi Mandap: ঐতিহ্যমণ্ডিত গান্ধী মণ্ডপত কাইলৈ কেবিনেট বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.