ETV Bharat / state

বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপন আঁচনি

author img

By

Published : Jan 13, 2021, 7:48 AM IST

বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপনৰ আঁচনি
বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপনৰ আঁচনি

মহানগৰীৰ মুঠ ৬০২৮ টা কেমেৰা সংস্থাপনৰ সিদ্ধান্ত লৈছিল চৰকাৰে ৷ তাৰ বাবে প্ৰথম পৰ্যায়ত ১০২৯ টা স্থানত ৪৭২০ টা আৰু দ্বিতীয় পৰ্যায়ত পৰিবহন বিভাগে মহানগৰীত চলাচল কৰা বাহন সমূহৰ গতিবিধি লক্ষ্য কৰিবৰ বাবে ১০২৯ টা স্থানত ১৩০৮ টা চিচিটিভি কেমেৰা সংস্থাপনৰ সিদ্ধান্ত লৈছিল ৷ এই কেমেৰা সমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে মহানগৰীৰ পাঞ্জাবাৰীত এটা নিয়ন্ত্ৰণ কক্ষ নিৰ্মাণ কৰাৰো পৰিকল্পনা হাতত লৈছিল ৷ পিছে চিচিটিভি কেমেৰা সংস্থাপনৰ এই অভিলাষী আঁচনি কাৰ্যক্ষেত্ৰত এতিয়া বগাহাতীত পৰিণত হ’ল ৷

গুৱাহাটী,13জানুৱাৰী : মহানগৰীত সঘনাই সংঘটিত হোৱা অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ অসম চৰকাৰে মহানগৰীৰ ভিন্ন স্থানত চিচিটিভি কেমেৰা সংস্থাপনৰ ব্যৱস্থা লৈছিল ৷ কথা মতেই কাম ৷ মুঠ ৪৫০ কোটি টকা আৱন্টন কৰি চিচিটিভি কেমেৰা সংস্থাপনৰ দায়িত্ব অৰ্পণ কৰিছিল গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডক ৷ স্মাৰ্ট চিটি লিমিটেডক সহযোগিতা আগবঢ়াইছিল অসম আৰক্ষী আৰু পৰিবহন বিভাগে ৷

সেই অনুসৰি মহানগৰীৰ মুঠ ৬০২৮ টা কেমেৰা সংস্থাপনৰ সিদ্ধান্ত লৈছিল এই আঁচনি মতে ৷ তাৰ বাবে প্ৰথম পৰ্যায়ত ১০২৯ টা স্থানত ৪৭২০ টা আৰু দ্বিতীয় পৰ্যায়ত পৰিবহন বিভাগে মহানগৰীত চলাচল কৰা বাহন সমূহৰ গতিবিধি লক্ষ্য কৰিবৰ বাবে ১০২৯ টা স্থানত ১৩০৮ টা চিচিটিভি কেমেৰা সংস্থাপনৰ সিদ্ধান্ত লৈছিল ৷ এই কেমেৰা সমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে মহানগৰীৰ পাঞ্জাবাৰীত এটা নিয়ন্ত্ৰণ কক্ষ নিৰ্মাণ কৰাৰো পৰিকল্পনা হাতত লৈছিল ৷ পাছে চিচিটিভি কেমেৰা সংস্থাপনৰ এই অভিলাষী আঁচনি কাৰ্যক্ষেত্ৰত এতিয়া বগাহাতীত পৰিণত হ’ল ৷

বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপনৰ আঁচনি
বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপনৰ আঁচনি

ইপিনে বিভাগীয় বৰমূৰীয়াৰ অকৰ্মণ্যতা আৰু চৰকাৰৰ দায়িত্বহীনতাৰ স্বভাৱৰ বাবে আজি পৰ্যন্ত সম্ভৱ হৈ নুঠিল চিচিটিভি কেমেৰা সংস্থাপনৰ কাম ৷ যি কেইটা স্থানত সংস্থাপন কৰা হ’ল সিও এতিয়া বিকল ৷ এই সমগ্ৰ বিষয় সন্দৰ্ভত জানিবৰ বাবে আমাৰ সাংবাদিকে অসম আৰক্ষীৰ কাষ চাপিছিল যদিও তাৎপৰ্যপূৰ্ণ ভাৱে উক্ত প্ৰসংগ এৰাই চলে অসম আৰক্ষীৰ বৰমূৰীয়া সকল ৷ কিন্তু কথা যিয়েই নহওক কিয় অপৰাধ নিয়ন্ত্ৰণৰ বাবে ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপনৰ আঁচনিৰ কথা কৈ যে চৰকাৰে জনসাধাৰণক আভুৱা ভাৰিলে সেয়া আমি নকলেও সকলোৰে জ্ঞাত ৷

লগতে পঢ়কঃ ১৬ জানুৱাৰীৰ পৰা অসমত প্ৰদান কৰা হ’ব ক’ভিড-19ৰ প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.